Thursday 24 October 2013

কিমানদিনৰ পিছত

কিমানদিনৰ পিছত
লগ পালো অকলে
এখন মুকলি আকাশ ..
এজাক জোনাক সাৱতি
যি বহি আছিল
মোৰেই পদূলিত
এমোকোৰা হাঁহিৰে

কিমানদিনৰ পিছত যে
লগ পালো তাক
সম্পূৰ্ণ অকলে..
সেই একেই হাঁহি
সেই একেই আবেগ
বিলাইছে যে
আজি সি
ইমানবোৰ জোনাক
মনৰ হেপাহেৰে..

সলনি হোৱা নাই
তাৰ স্বভাৱ
ইমান আকুল
ইমান নিস্বাৰ্থ
যেন চিনি নাপাই
মানুহৰ জটিলতা
যেন চিনি নাপাই
কদৰ্য ঘাটকৰ
কলা হাতোৰা

আচলতে সি তেনেকুৱাই
নিজৰ উদাৰ হৃদয়ত
সঘনে কঢ়িয়াই
অজীৰ্ণ বেদনা
এমোকোৰা সৰল হাঁহিৰে
গোটেই নিশা চতিয়াই
শুভ্র পোহৰ
নিস্বাৰ্থ মৰমেৰে
এবুকু আবেগেৰে..

কিমানদিনৰ পিছত
লগ পালো অকলে
এখন মুকলি আকাশ ..

সপোন

আন্ধাৰৰ বুকুত
হেৰাই যায়
অলেখ সপোন 
যাযাবৰ হৈ ...

তথাপি সপোন 
আজোৰে মানুহে 
শৰীৰে আঁতে মানে 
মনে বিচাৰে মানে
হেপাহৰ সপোন.. 

সপোনবোৰ অক্সিজেন
হৈ দৌৰে
ৰন্ধ্রে ৰন্ধ্রে..
সপোনৰ তাগিদাত 
জীৱনৰ প্রেমত পৰে 
বাৰে বাৰে 
অবোধ মানুহ ... 

জীৱনৰ পাৰ ভগা 
নৈখনেইটো কঢ়িয়াই
সপোনৰ শেষ ঠিকনা
যিবোৰ ঠিকনা বিচাৰি 
বিনিদ্র ৰজনী কটাই 
ওঁৰেটো জীৱন
সেই একেই মানুহে ...

অলেখ ক্ষণ 
হেৰাই যায় 
এই সপোনৰ মৃগতৃস্নাত ..
নিশাবোৰ আপোন হয় 
আৰু দিনবোৰ হৈ 
পৰে সম্ভাৱনা... 
নিৰাশাৰ অটল 
গহবৰবোৰ তেতিয়া 
হৈ পৰে 
দুঃখৰ লগৰী 
চকুৰ টোপনিবোৰ 
মনৰ মায়া... 
ইমানৰ পিছতো
সপোন আজোৰে মানুহে 
শৰীৰে আঁতে মানে
মনে বিচাৰে মানে ...

কি কৰিব কওঁক 
সপোনবোৰ যে 
দৌৰে ৰন্ধ্রে ৰন্ধ্রে
অক্সিজেন হৈ,
আশাৰ একোটা 
অঙ্গীকাৰ হৈ আৰু 
মই নাইবা 
আপুনি হৈ..

আন্ধাৰৰ বুকুত
হেৰাই যায়
অলেখ সপোন 
যাযাবৰ হৈ ..

Thursday 17 October 2013

যাত্রীক

নীলাভ আকাশত 
নিজৰ অস্তিত্ব 
বিচৰাৰ প্রতিযোগিতাত 
কেতিয়াবা হেৰাই যায় 
জীৱন নামৰ 
বেগী যানখনৰ 
স্বপ্নময় আসন... 

ভাবিছিল আৰামত 
বহি ৰৱ আপুনি 
সুখনিদ্রা এটা
চকুত আঁকি থৈ,
ভাবিছিল সুখবোৰ
বহি ৰৱ
শাৰী পূৰাই
মাথো বুটলি লৱ
মোনা ভৰাই
মনৰ হেপাহেৰে...

ইমান সহজটো নহয়
নহয় এই যাত্রা
নাইবা যাত্রীকও...
ঠেলা হেচাত
হেৰাই যত
স্বপ্নৰ ঠিকনা
প্রত্যেক প্রহৰ...

চকুপানীৰ ইন্ধনত
প্রবাহমান বাহনৰ
যাত্রী হোৱাতো কি
ইমান সহজ ?
আশাহত মানুহৰ
বেদনাৰ ছায়াছবিয়ে
মনোৰঞ্জন যোগাই
যত অলেখ সহযাত্রীক ...

ভুল নকৰিব,
নামি নিদিব
লক্ষ্যলৈ এতিয়াও
অলেখ প্রহৰ ...
আকোৱালি লওঁক
দুহাত মেলি
দুঃখক সুখ বুলি
হতাশাক আপোন বুলি
জানো মই
আঁকি লব আপুনি
আপোনাৰ ঠিকনা
এই নীলাভ আকাশত

জানো মই ...

গতানুগতিক

গতানুগতিক এটা 
স্বপ্ন আওঁৰাই 
এদিন হঠাৎ 
লগ পাম আপোনাক 

আপুনি কব 
বতৰটো ইমান ফৰকাল
আৰু মই ... 
মই কম 
ফৰকাল বতৰবোৰে 
ভিৰ বঢ়াই অযথা...
আপুনি কব
ভিৰ বাঢ়িলে বাঢ়ক
মই কম
ভিৰত বিষন্নতা আছে
আপুনি কব
বিষন্নতা বিদেশী শব্দ
মই কম
নহয় ...মিছা কথা
বিষন্নতা মোৰ
হৃদয়ত থাকে
আপুনি কব
কেনেকৈ মানি লও
মই কম
প্লীজ এবাৰ..
মাত্র এবাৰ
মানি লওঁক
সকলো হাহি
থকা মুখেইটো
হাঁহি নাথাকে
আপুনি কব
সত্যৰ অপলাপ নকৰিব
মই কম
সত্যই অপলাপ নকৰে
আপুনি কব
দুঃখ বিলাসী নহব
আৰু মই ...
মই কম ...
এহঃ একো
নকও মই

আপোনাক লগ পাই
সঁচাই ভাল লাগিল
আপুনি অন্তত্ব
আনৰ দুঃখত দুঃখী
আপোনাৰ আছে
এখন সেউজীয়া হৃদয় ...

গতানুগতিক এটা
স্বপ্ন আওঁৰাই
এদিন হঠাৎ
লগ পাম আপোনাক

Wednesday 9 October 2013

মকৰা

মই নাহো ঘূৰি 
এই বাটেৰে 
মোক সোঁৱৰাই যি
মোৰেই ইতিহাস...

বৰপুখুৰীটোৰ বুকুত 
বিচাৰি চাবি 
আমি দলিওৱা শিলবোৰত 
এতিয়া আৰু
শেলুৱৈ গজিল
তথাপি কিয়
কিয় ইমান ফটফটীয়া 
মনৰ দাপোন 
হেৰাই নাযায় কিয় 
স্মৃতি অটল গহবৰত ...
শিলগুটিবোৰৰ দৰে । 

মই জানো
মোৰ দৰেই
তইও পাহৰা নাই 
শৈশবৰ সেউজীয়া পথাৰখন
ধূলি,আকাশ আৰু ডাৱৰ।
বোকাময় বাটতোৱে 
এতিয়াও বাধা দিয়ে 
আবেগবিহীন যন্ত্রবোৰক।
কংক্রীটৰ আবেস্তনীত 
এতিয়া আমিওতো কংক্রীট... 

বিশ্বাসঘাটকৰ দৰে 
আমিও এদিন
বোকাবোৰ ঢাকি 
সাজি লম
কঠুৱা কংক্রীটৰ 
সুদৃশ্য প্রসাদ ...
শৈশৱবোৰ থাকি যাব 
কংক্রীটৰ তলত 
পিস্ত হৈ ... 
আমিও একো একোটা 
বিষাক্ত মকৰা .. 
বিশ্বাসঘাটকৰ দৰে
যি খুলি খুলি খাই 
নিজৰেই মাকক ...

মই নাহো ঘূৰি 
এই বাটেৰে 
মোক সোঁৱৰাই যি
মোৰ ইতিহাস...
সাচি থয় যি 
মোৰ শৈশৱ 
মোতকৈ সযতনেৰে ...

Monday 7 October 2013

যুঁজ

উঃস মৰম 
মাথো মৰম...
তাৰ বাহিৰে 
নুবুজা নেকী 
অবুজ কেলেই ?

শুনা পেট্রলৰ দাম 
কিমান বাঢ়িল জানা? 
জানা জানো 
কিমান বাঢ়িল দাম 
এক কেজি দাইলৰ ...
পাচলিৰ বজাৰতটো
জুই লাগিল কেতিয়াবাই
আৰু ... আৰু .

কি কলা
বাহিৰত এবুকু জোনাক
কিয় কোৱা এনেকৈ ...
মোৰ চিন্তাত
আউল লাগে
যতি পৰে
পিয়াজৰ হিচাপত ..
আজিকালি বৰষুণত নিতিতো
জ্বৰ হব
দৰৱৰ যে
ইমান দাম ...

এহ: নুবুজা কিয়
ভাগৰ লাগিছে
নোৱাৰো লিখিব তৰা
কি কলা,
বেয়া পালা ...
মই বুজি নাপাও,
নুবুজো ভালপোৱা
মিছা কথা ...
ময়েইটো সাজিছিলো জুপুৰীটো
বুকুৰ উমেৰে ...
ময়েইটো আনিছিলো আজুৰি
এমুঠি তৰা ..
ময়েই দেখোন কৈছিলো
আকাশলৈ চাবা
তৰাবোৰ যেতিয়া ওলাব
থিক তেতিয়া ..
নিজৰ মাজত
মোকো এদিন পাবা ...
চোৱানে এতিয়াও ?
চোৱানে বাৰু তৰা...

মই আজিকালি মাথো
টোপনি যাও
গভীৰ প্রত্যাশাৰে
যুজিম কাইলৈ ...
এয়াওটো প্রেমেই
নহয় জানো ..
নুবুজা কিয় ?
প্রত্যেক ঘড়ী
যুঁজো মই
জীৱনৰ লগত ...


উঃস মৰম
মাথো মৰম...
অবুজ কেলেই ?
(জীৱন যুঁজৰ প্রত্যেকজন যুঁজাৰুৰ হাতত )

স্ত্রিটলাইট

এই দুৱাৰখনৰ সিপাৰে 
এখন কলা 
আকাশ আছে 
জানো মই..

চাৰিআলিৰ স্ত্রিটলাইট 
কেইটাই অশেষ 
চেষ্টা কৰে
নোৱাৰে খেদিব
মোৰ দৰেই ..
নিৰুপাই সিহঁতো
আচলতে ভয়
নকৰো আমি ,
আন্ধাৰবোৰটো আমাৰ
পুৰণা সহচৰ ..
তথাপি পলাও
বহি ৰও
মনে মনে ...
পোহৰৰ সতে
অবৈদ্ধ আলাপত
আমি যে
সদাই নিমগ্ন ...

কি আচৰিত ,
মৃত্যুৰ দৰেই
মানি নলও
আন্ধাৰৰ অস্তিত্ব ...
জানো ...
কঢ়িয়াই ফুৰো আন্ধাৰ
সাৱতি থাকে
যি গভীৰ অনুৰাগেৰে
আত্মীয়ৰ দৰে ..

যদিওবা ষড়যন্ত্র কৰো
প্রতিটো প্রহৰ
আন্ধাৰ খেদাৰ ..
যদিওবা বাৰে বাৰে
পোহৰ বিচাৰো
প্রেমিকাৰ দৰে
আচলতে আমি
একো একোটা স্ত্রিটলাইট
আন্ধাৰৰ মাজতে
জীয়াই থাকো
পোহৰ বিলাই,
পোহৰৰ সাধু শুনাই ..
অজানিতে নিতৌ
কঢ়িয়াও আন্ধাৰ
মৃত্যুৰ দৰে..

এই দুৱাৰখনৰ সিপাৰে
এখন কলা
আকাশ আছে
জানো মই..

Saturday 5 October 2013

একাজলী জোনাক ...

দুহাত ভৰাই আনিছিলো 
একাজলী জোনাক ...
কত ৰাখিম ? 
হবনে ঠাই 
তোমাৰ চোতালত ... 

ভাবিছিলো লৈ আনিম
গোটেই আকাশখন
নোৱাৰিলো !
আমি যে মানুহ...
সীমিত আমাৰ সপোন
সীমিত আমাৰ সত্তা
মাথো সজাই থওঁ
ঢুকি নোপোৱা দূৰত্বত
আটোম টোকাৰিকৈ ...

ভাবিছিলো লগতে
আনিম কঢ়িয়াই
আশাৰ এখন ৰামধেনু
আৰু দুটামান
জোনাকী পৰুৱা..
বেয়া নাপাবা,
খালী দুহাতত
ঠাইহে নহল |
এহঃ মই যে
কি অকৰা ...

দুঃখ নকৰিবা
এতিয়াও আছেই দেখোন
একাজলী জোনাক
আনিছিলো যে সযতনে
দুহাত ভৰাই
কত ৰাখিম ?
হবনে ঠাই
তোমাৰ চোতালত ...

সময়

সমাধিস্থ সপোনবোৰ
এদিন খান্দি 
উলিয়াব সময়ে ... 
আহিব সময় 
ভাল সময় 

এটা সুন্দৰ পুৱাই
জগাব যেতিয়া 
পক্ষীৰ কলৰোলেৰে ..
গুলীৰ শব্দবোৰ যেতিয়া
হৈ পৰিব সাধুকথা
তেজৰ চেকুৰাবোৰত
গজিব যেতিয়া
ৰঙা ৰঙা গোলাপ..
পথাৰত গজি ৰৱ
শাৰী শাৰী
সেউজীয়া আশা
সেই পুৱাৰ আশাত
বন্দী মই ...
হইতো আপুনিও ..

বিভীষিকাৰ হতাশ দুপৰীয়াবোৰ
যি পাৰ কৰা নাই
সি কেনেকৈ জানিব
আশা কোনটো
বাটেৰে আহে ...
স্তিমিত সূৰুযত
অঙ্গীকাৰ আছে ...
বিশ্বাস কৰক
আহিব সময়
নতুন সময় ...

মই বহি আছো
আপোনাৰ কাষতে
সাক্ষী হবলৈ
সেইটো পুৱাৰ..
কুৱলী ফালি
এদিন যি চুমিব
ধৰাৰ বুকু
অজস্র অঙ্গীকাৰেৰে ..

কথা পাতিম..

ভাগৰ লাগিলে
উভতি আহিবি
কথা পাতিম.. 
তোৰটো এতিয়া 
সময় নাই ..

এতিয়া চাৰিওফালে
জুই,মাথো জুই 
এজাক শিয়াল 
ৰৈ আছে 
দাঁত নিকতাই ..
সিহঁতে পাতিব হেনো
এটা ডাঙৰ ভোজ ..
হৈ আছে চাৰিওফালে
ভোজৰ যোগাৰ..

তোৰ যেতিয়া
আমনি লাগিব
জুই জ্বলাই..
তেতিয়া আহিবি
এতিয়াটো তই
জ্বলোৱা জুইলৈ
আইৰো ভয় লাগে ..
ঘৰখনত আজি
একো নাই ,
মৰিশালী হেন হল
তই এতিয়া নুবুজিবি..

তই আৰু মই ..
আমিহে সাজিছিলো
কাঠ কঢ়িয়াই
হাজাৰটা বছৰ লাগিছিল
তোৰ চাগে
মনত আছে ..
কেলেই নাথাকিব ?
আমাৰ নিমখীয়া ঘামবোৰ
এতিয়াও চোতালত গোন্ধাই ..

এহঃ বাদ দে সেইবোৰ
সময় যে
সলনি হল ..
শান্তিৰ চৰাইজনীৰ মাংস
এতিয়া কেজি হিচাপে
বিক্রী হয়
কম দামতে ..
যতে ততে ..

ছাইবোৰ ঠাণ্ডা হলে
এবাৰ আহিবি
কথা পাতিম

কথা পাতিম
কেনেকৈ গঢ়িব পাৰি
আকৌ পঁজাটো ...
কেনেকৈ নাশিব পাৰি
আইৰ বুকুৰ আন্ধাৰ ..
কেনেকৈ আকৌ
আতি আতি
বান্ধিব পাৰি
বিশ্বাসৰ বান্ধোন
সম্প্রীতি আহি
বহিবই বা কত
আৰু বহুত আছে
বহুত কথা ..

ভাগৰ লাগিলে
উভতি আহিবি
কথা পাতিম..

যিবোৰ পথত পৰি ৰয় কৃষ্ণচূড়া..

যিবোৰ পথত 
পৰি ৰয় কৃষ্ণচূড়া..
যিবোৰ পথত
সজাই থোৱা থাকে 
মৰমৰ সজীৱ দলিচা 
সেইবোৰ পথৰ
পথিক হব খোজে ?

নাই,মোক নুসুধিব 
মইতো নাজানো 
সিহঁতৰ ঠিকনা ...
বুজি নাপাওঁ
কিয় বাৰে বাৰে
মোকেই সোধে আপুনি
যাচি দিয়ে
মৰমৰ উপঢৌকন ..
কয় মোক
কিমান আশাৰে
আহিছে বগুৱা বাই
ইমান দূৰ ..

মই কি কৰিম কওঁক
মইও নিৰুপাই ...
কেনেকৈ কওঁ
আপুনি দেখা
কৃষ্ণচূড়াবোৰ কেনেকৈ
ৰঙা হয়
প্রেমিক চৰাইবোৰৰ
তেজত তিতি ..
কেনেকৈ কওঁ
কিমান নিৰাশা
লুকাই থাকে
আপুনি দেখা
নিমজ দলিচাখনত

আপোনাক নিৰাশ
কৰা নাই
কিন্তু এটা কথা
ইমান সহজ নহয় ...

ইমান সহজ নহয়
খোজ পেলোৱাটো
সেইবোৰ পথত...
যিবোৰ পথত
পৰি ৰই
তেজৰঙা কৃষ্ণচূড়া..
যিবোৰ পথত
সজাই থোৱা থাকে
মৰমৰ সজীৱ দলিচা ..
যিবোৰ পথ
দূৰণিৰ পৰা দেখাত
আপোন যেন লাগে
যিবোৰ পথত
আপুনি এখন
হৃদয় বিচাৰে...

আপুনি হইতো নাজানে
আপুনিও এদিন
বহি পৰিব
মোৰ কাষতে
সেই পথৰ দাতিতে
পৰি ৰই যত
অলেখ তেজৰঙা
কৃষ্ণচূড়া..

নাই,মোক নুসুধিব
মইতো নাজানো
সিহঁতৰ ঠিকনা ..

Wednesday 2 October 2013

টোপনি গৈছিল বননিডৰা ..

চিলমিলকৈ টোপনি 
গৈছিল বননিডৰা .. 
উৎপতীয়া নিয়ৰৰ আমনিত 
টোপনি ভাগিছিল 
চোতালখনৰ.. 
আজি কিন্তু
নিৰৱতা ভঙাৰ 
অপচেষ্টাত লিপ্ত 
হোৱা নাই বতাহজাক .. 
ইমান শান্তি , 
ইমান নিৰৱতা ..
চোতালত আজি
সেমেকা শৰতৰ
নিৰৱ আখৰা ..
আকাশৰ তৰাবোৰেও
জুমি জুমি চাই..
পৃথিৱীখন আজি কিয়
ইমান ধুনীয়া ?
আইৰ কোলাৰ
দৰে উমাল,
বহল আকাশৰ
দৰে উদাৰ ..
যত নিৰভয়ে আশ্রয় লয়
দিনৰ ভাগৰে ..

নিৰৱতা ভাঙি
হঠাৎ সৰি পৰিল
এধানমান জোনাক
বিচাৰি চালো ..
ওহো..নহয় দেখোন
জোনাকতো নহয় ...
এইয়া যে
শেৱালি ফুলাৰ বতৰ
শেৱালিৰ প্রথমপাহ ফুলে
তেতিয়াও হাঁহি আছিল
মোলৈ চাই চাই..

হয়,শৰৎ আহিছে
শেৱালিৰ হাতত ধৰি ...
মোৰ পদুলিত
জোনাক চতিয়াবলৈ ...
পোহৰৰ মেলা পাতিবলৈ ..

কথা পাতিম..

ভাগৰ লাগিলে
উভতি আহিবি
কথা পাতিম.. 
তোৰটো এতিয়া 
সময় নাই ..

এতিয়া চাৰিওফালে
জুই,মাথো জুই 
এজাক শিয়াল 
ৰৈ আছে 
দাঁত নিকতাই ..
সিহঁতে পাতিব হেনো
এটা ডাঙৰ ভোজ ..
হৈ আছে চাৰিওফালে
ভোজৰ যোগাৰ..

তোৰ যেতিয়া
আমনি লাগিব
জুই জ্বলাই..
তেতিয়া আহিবি
এতিয়াটো তই
জ্বলোৱা জুইলৈ
আইৰো ভয় লাগে ..
ঘৰখনত আজি
একো নাই ,
মৰিশালী হেন হল
তই এতিয়া নুবুজিবি..

তই আৰু মই ..
আমিহে সাজিছিলো
কাঠ কঢ়িয়াই
হাজাৰটা বছৰ লাগিছিল
তোৰ চাগে
মনত আছে ..
কেলেই নাথাকিব ?
আমাৰ নিমখীয়া ঘামবোৰ
এতিয়াও চোতালত গোন্ধাই ..

এহঃ বাদ দে সেইবোৰ
সময় যে
সলনি হল ..
শান্তিৰ চৰাইজনীৰ মাংস
এতিয়া কেজি হিচাপে
বিক্রী হয়
কম দামতে ..
যতে ততে ..

ছাইবোৰ ঠাণ্ডা হলে
এবাৰ আহিবি
কথা পাতিম

কথা পাতিম
কেনেকৈ গঢ়িব পাৰি
আকৌ পঁজাটো ...
কেনেকৈ নাশিব পাৰি
আইৰ বুকুৰ আন্ধাৰ ..
কেনেকৈ আকৌ
আতি আতি
বান্ধিব পাৰি
বিশ্বাসৰ বান্ধোন
সম্প্রীতি আহি
বহিবই বা কত
আৰু বহুত আছে
বহুত কথা ..

ভাগৰ লাগিলে
উভতি আহিবি
কথা পাতিম..

যিবোৰ পথত পৰি ৰয় কৃষ্ণচূঢ়া..

যিবোৰ পথত
পৰি ৰয় কৃষ্ণচূঢ়া..
যিবোৰ পথত
সজাই থোৱা থাকে
মৰমৰ সজীৱ দলিচা
সেইবোৰ পথৰ
পথিক হব খোজে ?

নাই,মোক নুসুধিব
মইতো নাজানো
সিহঁতৰ ঠিকনা ...
বুজি নাপাওঁ
কিয় বাৰে বাৰে
মোকেই সোধে আপুনি
যাচি দিয়ে
মৰমৰ উপঢৌকন ..
কয় মোক
কিমান আশাৰে
আহিছে বগুৱা বাই
ইমান দূৰ ..

মই কি কৰিম কওঁক
মইও নিৰুপাই ...
কেনেকৈ কওঁ
আপুনি দেখা
কৃষ্ণচূঢ়াবোৰ কেনেকৈ
ৰঙা হয়
প্রেমিক চৰাইবোৰৰ
তেজত তিতি ..
কেনেকৈ কওঁ
কিমান নিৰাশা
লুকাই থাকে
আপুনি দেখা
নিমজ দলিচাখনত

আপোনাক নিৰাশ
কৰা নাই
কিন্তু এটা কথা
ইমান সহজ নহয় ...

ইমান সহজ নহয়
খোজ পেলোৱাটো
সেইবোৰ পথত...
যিবোৰ পথত
পৰি ৰই
তেজৰঙা কৃষ্ণচূঢ়া..
যিবোৰ পথত
সজাই থোৱা থাকে
মৰমৰ সজীৱ দলিচা ..
যিবোৰ পথ
দূৰণিৰ পৰা দেখাত
আপোন যেন লাগে
যিবোৰ পথত
আপুনি এখন
হৃদয় বিচাৰে...

আপুনি হইতো নাজানে
আপুনিও এদিন
বহি পৰিব
মোৰ কাষতে
সেই পথৰ দাতিতে
পৰি ৰই যত
অলেখ তেজৰঙা
কৃষ্ণচূঢ়া..  

নাই,মোক নুসুধিব
মইতো নাজানো
সিহঁতৰ ঠিকনা ..