Sunday, 27 December 2015

প্রস্থাৱনা ...

এই প্রথম অভিধানখন
উলিয়াই ল'লো
জীৱন যাৰ প্রথম শব্দ 
আৰু তুমি?
শেষ ...

~~ আশা


সৌ কুৱলিৰ
শুভ্র কোলাত
তুমি বহি ৰোৱা 
ৰঙা বেলি হৈ
কিমান দূৰত জানো
স্বপ্নীল পথৰ শেষত
বৈ আছে
সপোনৰ নৈ !!
তমসাৰ কোলাত বহি
আশাৰ সপোন ৰচা
সহজ আজিও নহয় ..
তথাপি কিয় আজি
পোহৰে ৰিঙিয়াই মাতে
তোমাৰ দুচকুত
আশা হৈ...
বৈ থাকে সপোনৰ নৈ ...
সপোন আছে বাবেই
জ্বলি থাকে লাহে লাহে
আকাংক্ষাৰ অলেখ চাকি
এখোজ দোখোজকৈ
আশাই হাত মেলে
ৰৈ থাকে হেপাহৰ বেলি ..
আকাশ হ'ব যে মুকলি ..
সৌ কুৱলিৰ
শুভ্র কোলাত
তুমি বহি ৰোৱা
ৰঙা বেলি হৈ
মই আগুৱাও
দুহাতেৰে চুই চাওঁ
বৈ থাকে
সপোনৰ নৈ !!
তোমাৰ দুচকুত
আশা হৈ...

এই গধূলিবোৰ.. ---------------


এই গধূলিবোৰ
বুকুত থাকিব... 
মৰমৰ বৰষুণে
দুগাল তিয়াব
জ্বলি ৰব দূৰণিত
ধিমিক ধামাক
দুটি তৰা ..
সময়ে বাট বোলে
স্মৃতিয়ে ধূসৰ কৰে
আজিৰ সতেজ গোলাপ
আকৌ যে নহয় ৰঙা ...
কিন্তু মৰম ?
মৰম মৰহে জানো !
মৰম হেৰাই জানো !!
মৰমে পাহৰে জানো
নিজৰ ঠিকনা ..
বাঢ়ি যায় মৰম
সময় উভতি আহে
উকা বুকুতো
থাকি যায়
স্মৃতি হৈ
এই গধূলিবোৰ....
হেৰাই নেযায় জানা
এই গধূলিবোৰ..
সময়ে মচিব নোৱাৰে
এই গধূলিবোৰ....
এই গধূলিবোৰ..

Friday, 13 November 2015

~~ তেওঁ নাই .. ~~

তেওঁৰ মৃত্যুত চোৱা 
জগতে কান্দিলে
পৰি ৰোৱা ফুলবোৰে 
বুকু সেমেকালে ..
তেওঁ নাই ..
অথচ আজিও জোনাক !
তেওঁৰ হাঁহিত আজি
জিলিকে আকাশ ..
মৃত্যু মাথোন
এটা শব্দ..
জীৱনেই দি যায়
জীৱনৰ অৰ্থ ..
সূৰ্যৰ জানো
মৃত্যু হয় ..
সপোন জানো
থমকি ৰয় ...
তেওঁ এৰি যোৱা
সপোনৰ তৰা
উজলিব এদিন
তেওঁৰ প্রতিভূ হৈ ..
তেওঁ নাই ..
অথচ আজিও জোনাক !
তেওঁৰ হাঁহিত আজি
জিলিকে আকাশ ..

তই আৰু মই …


এটা উৰুঙা আবেলি
এটা শুকান বৰশি
তই আৰু মই 
কিছু নিজান সময় …
আজিও আছে বুকুত
লেচেৰি বোটলা
কিছু উমাল স্মৃতি
কিছু আবেগৰ ঘৰ…
জীৱন যেতিয়া
ধেমালি আছিল
সপোন বালিঘৰ …
পোৱা কি নোপোৱা কি
কিছু অবুজ সাথৰ …
ঘুৰি যাও ব'ল
ধুলিয়ৰি আলিটোৰে
পৃথিৱীৰ ভিৰ এৰি
কিছু আপোন সময়ে
চিনি পাব
আজিও আমাক
তইযে আজিও তই
মই সেই
একেই মই …
এটা উৰুঙা আবেলি
এটা শুকান বৰশি
তই আৰু মই
কিছু নিজান সময় …

~~অপেক্ষা~~

তাই সুধিলে 
জীৱনক ভালপোৱা ?
মই ক'লো 
ভালপাওঁ তোমাক..
তাই সুধিলে
কিয় ?
মই ক'লো
বতাহক সোধা ..
তাই ক'লে
বতাহ যে চঞ্ছল!
মই ক'লো
চঞ্ছলতো মনও ..
তাই আকাশখন
খেপিয়াই চালে..
এটা দিন সামৰি
ৰঙচুৱা বেলিটো
উভতিছিল তেতিয়া..
এবোজা স্মৃতিৰ ৰঙেৰে
ৰঙীন হৈ ..
এতিয়া মাথোন অপেক্ষা
অপেক্ষা জোনাকৰ..
সেমেকা এযোৰ চকুত
অপেক্ষা হেপাহৰ..
প্রত্যয়ৰ চোলাটো পিন্ধি
উভতিলো মই
থাকি আহিল তাত
এখন হৃদয় ...
এতিয়া মাথো অপেক্ষা
অপেক্ষা জোনাকৰ..

স্বাধীন জানো স্বাধীনতা !!


স্বাধীন জানো স্বাধীনতা !!
তেজৰ ৰঙৰ ৰঙেৰে ৰঙীন
জন্মতে দেখোন স্বাধীনতা.. 
স্বাধীন জানো স্বাধীনতা !!
সপোন আছিল
এখন মুকলি দেশৰ
সপোন আছিল
এখন সোণোৱালী পথাৰৰ ..
সপোন আছিল
এখন উদাৰ দেশৰ..
মানুহৰ আশাক মোহাৰি
মানুহৰ ত্যাগক পাহৰি
লোভৰ সাম্রাজৰ বাবেই
নাছিল কাহানিও স্বাধীনতা..
স্বাধীন জানো স্বাধীনতা !!
ক'ৰবাত ভোগৰ ভড়াল
ক'ৰবাত উশাহৰ আকাল
কাৰোবাৰ নামত চহৰ
কাৰোবাৰ উদং ঘৰ ..
হাঁহিবোৰে হাঁহে অকলে
মৰিশালীত জিৰণি লৈ ..
কাৰোবাৰ আশাৰ সমাধিত
কোনোবাই সাজিছে ঘৰ ..
ক'ত শুই আছে স্বাধীনতা ?
স্বাধীন জানো স্বাধীনতা !!

কথা আছিল .....

তেতিয়া কথা আছিল
ধুমুহাৰ মাজত
থিয় হৈ থকাৰ
তেতিয়া কথা আছিল
শুকুলা মেঘত 
এখন ঘৰ পতাৰ
তেতিয়া কথা আছিল
জোনাক ৰাতি
ৰিব ৰিব বতাহচাতিক
ভালপোৱাৰ সপোন দেখুওৱাৰ..
সেমেকে আজিও চোতাল
সামাজিকত নেদেখো আকাল ..
খেতিত যে
নামিছে বান
উদং আজি
ভড়ালৰ ধান ...
সপোন আজিওঁ দেখো
বেৰৰ জলঙাৰে
জোনাক দেখো..
নিলাজ বৰষুণে তিয়াই
নিহালিৰ এবুকু অভিমান..
পাহৰা নাই ..
সপোন আজিওঁ দেখো
সপোন …
সোণোৱালী শইচ চপোৱাৰ..
সপোন …
এসাজ কাপোৰ লোৱাৰ..
আৰু সপোন …
জীয়াই থকাৰ..
সোৱৰণী আজি
সেমেকা গধূলি
তেতিয়া কথা আছিল
ধুমুহাৰ মাজত
থিয় হৈ থকাৰ
তেতিয়া কথা আছিল
শুকুলা মেঘত
এখন ঘৰ পতাৰ..
তেতিয়া কথা আছিল!!!

~~~ ফেহুজালি ~~~

সৌ ক্ষিতীজত 
থাকিব জিলিকি
হেঙুলীয়া তোৰ 
সপোনৰ বেলি
এতিয়া মাথো ফেহুজালি ..
ভাগৰি নপৰিবি
এতিয়া মাথো ফেহুজালি ..
এতিয়া ঘামৰ গোন্ধ ..
এতিয়া এলান্ধুৰ জোন
এতিয়া আকাশ আন্ধাৰ
এতিয়া অচিনাকি
সপোনৰ হাহাকাৰ
এতিয়া অকলে
জ্বলাৰ সময় ..
সপোন থাকিব দে
এনেকৈয়ে ...
আৰু মই ?
মই ছাঁ ..
পৰিচয়বিহীন ...
ঠিকনাবিহীন ...
অস্তিত্ব মোৰ
এতিয়া আন্ধাৰ ..
লগ নেৰো মই ..
উশাহ থাকে মানে
সপোন থাকিবলৈ দে
এনেকৈয়ে ...
মই ছাঁ তোৰ
বলীয়া ধুমুহাৰ..
উদাসীনতাৰ ..
কিমান যুঁজৰ
কিমান পৰাজয়ৰ...
কিমান চকুলোৰে
সেমেকা সপোনৰ..
সপোন থাকিবলৈ দে
এনেকৈয়ে ...
আৰু মই ?
মই ছাঁ তোৰ..
হেঙুলীয়া ৰঙৰ তোৰ
সপোনৰ বেলি
ভাগৰি নপৰিবি
এতিয়া মাথো ফেহুজালি ..
এতিয়া ফেহুজালি ..

.. শৰৎ . .

অভিমানৰ ওৰণি টানি
জোনটোৱে ঘূৰি চালে ..
দুৱৰিৰ বুকুত আজি 
নিয়ৰে টোপাল সিঁচে ..
পদুলিমুখত আকৌ শৰৎ ..
এয়া যে শৰৎ !!
শিহৰিত বতাহজাকে
শেৱালীৰ মালা গাঁঠে..
ঢিমিক ঢামাক
ক'ৰবাত আন্ধাৰত
এটা চাকি জ্বলে ..
পথাৰখন এতিয়া মুকলি
ধূসৰিত অতীত আৰু
সম্ভাৱনাৰ সাঁকোবোৰে
দোলা দিয়েহি তাত ...
চকামকা এটা বাট
দীঘল ..
জুখিব নোৱাৰা ..
আহিবা..
কথা পাতিম ..
এইয়া যে শৰৎ ..
বুকুত সপোনৰ
কাৰেং সজা
এয়া যে শৰৎ ..
অভিমানৰ ওৰণি গুচাই
এমুথি সপোন সিঁচা
এয়া যে শৰৎ ..
পদুলিমুখত আজি
আকৌ শৰৎ ..

সেন্দুৰ সনা সূৰুয আছে তাত....

সেন্দুৰ সনা সূৰুয
আছে তাত..
এবুকু জোনাকে
নাচে তাত ..
মৰমৰ তাগিদাত
বাট চাই
মনে মনে
অভিমানী অলেখ তৰাই..
মইও বহি ৰও
কাষতে সদায়..
চকামকা বাটবোৰ
কুৱলিত হেৰাই..
তাৰ পাছত অপেক্ষা
অপেক্ষা সূৰুযৰ
অপেক্ষা সপোনৰ
অপেক্ষা আশাৰ..
অপেক্ষাৰ অযুত প্ৰহৰ
যি পোৱা নাই কেতিযাও..
নকবা তাক
পোহৰৰ কথা..
উৰি যায়
কমুবা তুলা
মৰম..
মাথোন মৰম ৰৈ যায় ..
বুকুত সদায় ..
নকবা আনক..
সেন্দুৰ সনা সূৰুয
আছে তাত..

~~ আশা

সৌ কুৱলিৰ 
শুভ্র কোলাত
তুমি বহি ৰোৱা 
ৰঙা বেলি হৈ
কিমান দূৰত জানো
স্বপ্নীল পথৰ শেষত
বৈ আছে
সপোনৰ নৈ !!
তমসাৰ কোলাত বহি
আশাৰ সপোন ৰচা
সহজ আজিও নহয় ..
তথাপি কিয় আজি
পোহৰে ৰিঙিয়াই মাতে
তোমাৰ দুচকুত
আশা হৈ...
বৈ থাকে সপোনৰ নৈ ...
সপোন আছে বাবেই
জ্বলি থাকে লাহে লাহে
আকাংক্ষাৰ অলেখ চাকি
এখোজ দোখোজকৈ
আশাই হাত মেলে
ৰৈ থাকে হেপাহৰ বেলি ..
আকাশ হ'ব যে মুকলি ..
সৌ কুৱলিৰ
শুভ্র কোলাত
তুমি বহি ৰোৱা
ৰঙা বেলি হৈ
মই আগুৱাও
দুহাতেৰে চুই চাওঁ
বৈ থাকে
সপোনৰ নৈ !!
তোমাৰ দুচকুত
আশা হৈ...

..সময় ..

দিগভ্রান্ত বতাহ 
উজাগৰী আকাশ
কাৰ চকুত জ্বলে 
ইমান জোনাক..
সুধি চাওঁ..
আজি কিয়
নিমাত সময় ..
নিমাত চোতালৰ শেৱালীজোপাও
ফুল সিঁচে
নিয়ৰৰ দলিচা পাৰে
এজাক তৰা
আকাশত এনেকৈ জিলিকে
কিন্তু কিয় ?
কাৰ বাবে ?
নিমাত সময় ..
সময় মাথো
পাৰ হয়
বিনিময় নিবিচাৰে একোৰে
ঠিক যেন ভালপোৱা
সুধি চাওঁ ..
কাৰ বাবে
এই ভালপোৱা ?
নিমাত সময় ..

Monday, 10 August 2015

~~ভালপোৱা .. ~~

আকাশৰ টুকুৰাত 
নেথাকে ভালপোৱা ..
জোনাকী সপোনবোৰও 
তেনেই আলসুৱা ..
ইমান সহজ নহয়
বিচাৰি পোৱা !!
ভালপোৱাৰ সঁচা ঠিকনা..
পৰি ৰোৱা
এটা মলিয়ন চোলা
আধা অঁকা সপোনৰ
কিমান জকা ...
নোপোৱাৰ ওলমা দলং
বেদনাৰ এখন নৈ ..
পাৰ হ'বা জানো!!
সিপাৰে বহি থাকে
সঁচা ভালপোৱা ...
শূণ্য আকাশত
ওলমি থকা
এটা সুখৰ তৰা
পথবোৰ কিয় জানো
আন্ধাৰে আৱৰা !!
পাৰ হ'বা জানো!!
সিপাৰে বহি থাকে
সঁচা ভালপোৱা ...
আকাশৰ টুকুৰাত
নেথাকে ভালপোৱা ..
জোনাকী সপোনবোৰও
তেনেই আলসুৱা ..
ইমান সহজ নহয়
বিচাৰি পোৱা !!
ভালপোৱাৰ সঁচা ঠিকনা.

~~জীৱন জোনাকৰ কবিতা ~~

জীৱন জোনাকৰ কবিতা ..
সৰি পৰা আশাবোৰ
জীৱনে বোটলে.. 
মলিয়ন চোলাবোৰ
জীৱনে সাবতে ..
ভালপায় জীৱনে
স্বপ্নীল এখন আকাশ ..
এখন আকাশ
থাকে সদায় ..
তাৰ ৰঙবোৰ
কেতিয়াবা নীলা,
কেতিয়াবা ক'লা ..
জীৱনে ৰং সানে
সুখৰ সপোন সাজে..
ধুমুহাত হেৰুৱাই
আশাৰ অলেখ চিলা..
থাকি যায়
তথাপি সপোন
মাথোন সপোন ..
সপোননো কি কোৱা !!
জীৱনে শুনোৱা
এটা জীয়া কবিতা ...
জীৱন জোনাকৰ কবিতা ..

~~তথাপি মানুহ ..~~~

সমাধিত পৰি ৰয় 
শুকান গোলাপৰ পাহি
সপোনে হাঁহি থাকে 
আকাশ বিয়পি ..
নোপোৱাৰ সীমনাতো
হেৰাই শেষ নহয় আশা
শেষ নহয় মানুহ..
মানুহ...
তথাপি মানুহ ..
আকাংক্ষাৰ বুৰঞ্জীত
মানুহ মাটি হয়
সাজি লয় একোটা
বেদনাৰ পকীঘৰ ..
আন্ধাৰত ক'লা হয়,
দুঃখবোৰে ঢাকি থয় ..
তথাপি শেষ
নহয় মানুহ..
মানুহ...
তথাপি মানুহ ..
উশাহত থাকে
জীৱনৰ কিমান আকাংক্ষা
নিৰ্ব্বাপিত সুৰুজত
সাৰ পাই আশাই
আশাবোৰ সাচি
বাট চাই সিহঁতে ..
সিহঁত যে মানুহ ..
মানুহ..
তথাপি মানুহ ..
মানুহ হেৰাই,
মানুহ লুকাই
মানুহে মানুহক দিয়ে
বেদনাৰ কবৰ ..
তাতো ৰৈ যায়
এমুঠি মানুহ..
মানুহ..
তথাপি মানুহ ..

~~~ভাল পাবা জানো মোক~~~

ভাল পাবা জানো 
মোক জোনাকী !!
আন্ধাৰে ক'লা কৰা 
মোৰ দুখন হাত
ঘামত তিতা
এটা ফটা চোলা ..
কি আছেনো ইয়াত!!
অপূৰ্ণ আকাশ
অভাৱৰ বতাহ...
ভাল পাবা জানো
মোক জোনাকী ..

সোণৰ কাৰেংবোৰ
বৰ শুৱনি..
সুখৰ আঁকৰ
থাকে তাত ..
উপভোগৰ সাধনে
সজাব সপোন ..
এদিন সিহঁতেই
সজাব তোমাক ..
আৰু ইয়াত ?
ইয়াত মাথো ভালপোৱা..
ভালপোৱাৰ অলেখ শ্মশান ..
নোপোৱাৰ ক'ততা শ্লগান ..
শুকান কলিজাৰ গান ..
ভাল পাবা জানো
মোক জোনাকী ..
মৌনতাৰ ভাষা
বুজি পোৱা জানো?
হৃদয়ৰ মৈদামবোৰ
আজি যে এলাগী ..
আৰু ভালপোৱা?
ভালপোৱা মাথোন পদপথৰ
পেলনীয়া জাবৰ!
মুক্ত বজাৰত
নিলাম হয় কলিজা ..
হেজাৰ টকাত জীৱন ..
মইওঁ হেৰাম
এনেকৈয়ে তাত..
তাত...
য'ত সোণতকৈ কম
সপোনৰ দাম ..
ভাল পাবা জানো
মোক জোনাকী ..
আন্ধাৰে ক'লা কৰা
মোৰ দুখন হাত
ঘামত তিতা
এটা ফটা চোলা ..
কি আছেনো ইয়াত!!
ভাল পাবা জানো
মোক জোনাকী?

~~~সুখ~~~

বাটবোৰে বাট বিচাৰে 
সন্ধ্যাই এন্ধাৰ..
অভাৱে আহাৰ বিচাৰে 
নিৰৱতাই হুমুনিয়াহ..
আৰু সুখে ??
সুখতো শিল্প
নহয় সপোনৰ!!
সুখ ইয়াতে থাকে
বুকুত অকলে..
ইয়াতে..
মুকুতা নেলাগে সুখক
নেলাগে প্ৰাসাদ ..
এটা মন লাগে
আৰু এখন আকাশ..
সুখ ইয়াতে থাকে
দুচকুত,দুবাহুত
এটা হাঁহিত
অলপ চকুলোত ..
সেউজীয়া পথাৰত
নীলা আকাশত
সাৰ পোৱা বেলিটোত
পথাৰৰ বোকাত ..
চেনেহত লুটুৰি পুটুৰি হৈ
সুখ ইয়াতে থাকে
বুকুত অকলে..
ইয়াতে..
সুখতো শিল্প
নহয় সপোনৰ!!
সুখ ইয়াতে থাকে ..

হীৰু দা...

তেওঁৰ কামিজটো 
এতিয়াওঁ উৱলি যোৱা
জোনাকৰ জখলা 
বগাই তেওঁ
আপোন পাহৰা ..
কবিবোৰ যেতিয়া
কবিতা হয় ..
আবেগৰ জুমুঠিত
জ্বলি ৰয়
অলেখ কবিতা ..
তেওঁৰ দৰেই সিহঁতো
অকলশৰীয়া ....

~~আশা~~~

দুচকুত সি 
সপোন সানি
থৈ গ'ল 
আন্ধাৰত সি
জোনাক সিচি
থৈ গ'ল ..
আকাশখনতো ওলমি
আছিল তেনেকেই !!
তাত সি এটা
তৰা আঁকি থৈ গ'ল..
দুচকুত সি
সপোন সানি
থৈ গ'ল..
তাক সুধিছিলো
জীৱন সহজ জানো !!
মৃত্যুৰ ঠিকনাটো
সি মাথোন
হাতেৰে মোহাৰি গ'ল..
এটা তৰাক সি
এনেই জোকাই থৈ গ'ল ..
কিমান আন্ধাৰ আছিল
সেই নিশাটো !
হাঁহি হাঁহি সি
দুঃখক নিচুকাই গ'ল..
দুচকুত সি
সপোন সানি
থৈ গ'ল..