Monday, 24 December 2012

সাধুকথা নকবা ...
নুশুনাবা ৰজা ৰাণীৰ কথা ...
কথাবোৰ কিতাপতে 
সুখেৰে থাকক ...
সুখেৰে থাকক ৰজা ৰাণীবোৰ 
দিঠক পৃথিবীত হতাশ হৈ 
পৰিব পাৰে সিহঁত ...

সকলো কাহিনীৰে শেষ 
হয় জানো আনন্দত ?
নহয় কিজানি ...

ৰাজপথৰ পোহৰৰ হালধীয়াত
যেতিয়া সেতা মানুহবোৰে
আধাপেটীকে টোপনি যোৱাৰ
অপচেষ্টা কৰে ...
চহৰখনৰ আত্মকেন্দ্রীকতাত
হতাশ হৈ পৰিব সিহঁত...

সুখেৰে থাকক ৰজা ৰাণীবোৰ
দিঠক পৃথিবীত হতাশ হৈ
পৰিব পাৰে সিহঁত ...

মানুহৰ ভোকৰ কাহিনীত
কোনো নতুনত্ব নাই
ভোকৰ কাহিনীবোৰ
নুশুনাবা ...
বুকুত বেদনা বান্ধি
এতিয়াও শুই আছে
অলেখ মানুহ ...
নাৰিকলৰ কোঁৰোকাত
আবদ্ধ হৈ আছে আশা ...

সাধুকথা নকবা ...
নুশুনাবা ৰজা ৰাণীৰ কথা ...
কথাবোৰ কিতাপতে
সুখেৰে থাকক ...

Tuesday, 18 December 2012

স্মৄতি

স্মৄতিৰ কথা নকবা...
তাইক মই ভাল নাপাওঁ
তাইৰ নীলা ছুৱেটাৰটোও...
ওঁহো... 
তাকো ভাল নাপাওঁ...

শীতৰ নিশাবোৰৰ দৰে 
নিঃশব্দে আঘাট দিয়ে তাই...
মই কুৱলীৰ মাজত লুকাই থাকো 
মায়াময় ৰাতিতো বুকুত বান্ধি ...
আৰু তাই মোক খেদি ফুৰে
বাউলীজনী হৈ...

কলা আকাশখনৰো
জোনবাইটো কঢ়িয়াই
আমনি লাগে কিজানি
তেতিয়া ...
যেতিয়া তাই মোৰ
কাণে কাণে কয়

"শুভৰাত্রি"

Thursday, 6 December 2012

তাত জোনাকে পখিলা খেদে
তাত মৰমে পাখি মেলে...
নিয়ৰো পৰিছে চা
আজি লাহে লাহে...

এনেকৈয়ে হেনো শীত নামি আহে।

তই নাযাৱ নাই 
মই হলে যাম
কুৱলীৰ টোপালবোৰ 
এবাৰ লিখি চাম

মৰমবোৰ হেনো নিয়ৰ হৈ সৰে
মৰম বিচাৰি হেনো শীত নামি আহে

সকলো এৰি থৈ
এবাৰ ওলাই আহ
কুৱলীৰ মাজত আজি
নিজকে বিচাৰি চা...
তাত জোনাকে চা পখিলা খেদিছে
তাত মৰমে চা তোকে মাতিছে...

Wednesday, 31 October 2012

কিয়?



কেতিয়াবা নিজৰ সতে
কথা পাতো ...বহুত কথা
অলেখ মানুহৰ পৃথিৱীত
মই অকলশৰীয়া....অবাক
মানুহৰ হুমুনিয়াহবোৰে আকাশখনক 
আজিও ডাৱৰীয়া কৰি ৰাখিছে...
কিয় ইমান দুঃখ ...
কিয় ইমান নিৰৱতা...

Friday, 31 August 2012

ঠিকনা

কিছুমান কবিতাৰ ঠিকনা থাকে ...
কিছুমানৰ নাথাকে।
ঠিকনাবিহী্ন কবিতাবোৰে ঠিকনাৰ সন্ধানত
মোক আমনি কৰে...
মই সিহতক ডাৱৰত 
সপোন খেপিয়াবলৈ শিকাও...
পোৱা নোপোৱাৰ সাধু শুনাও...
সেউজীয়া বননি আৰু নীলা আকাশৰ 
কথা কও ... 

মই সিহতক কেনেকৈ কও
মইও সিহতৰ দৰেই ঠিকনাবিহী্ন...

Friday, 20 January 2012

Kuwali

Chakamoka poharat...
kuwalie dhoka pathat
moi lakhyahin bataruwa..
Ejak botahe amoni nokora hole
roi thakilo heten mayamoy gadhulito saboti...
Poharar sikmikoniye mok amoni kore..
snachal prithibir ami sfatik nohoi..
ami manuh..
matir manuh....

Friday, 16 December 2011

Seet

Saharkhanar bukuloi akou seet namise..
Kuwalir sadore akou aborise..
Dhulir humuniyahbor!
Jipal hoi porise byasta premikor
roboror hridoy..

Eiyaito seet..
Niyoror sakulore
Bedona dhoka ..seet
Nihalir tolot roi sapon rosa..
seet.......