Tuesday, 26 March 2013

জীৱনটো একো নহয়
যদি হেনো সুখবোৰে 
ভীৰ নকৰে ...

সুখৰ ঠিকনা বিচাৰি 
মোক আমনি নকৰিব ...
সিহঁত ঠিকনা বিচাৰি 
মই কাহানিওঁ 
হাইৰাণ নাই হোৱা ...

হাইৰাণ নাই হোৱা
দুঃখৰ ঠিকনা বিচাৰিওঁ...

দুঃখবোৰ হলে সুলভ
পদপথত প্রায়েই
সিহঁতক লগ পাওঁ ...

সিহঁতে প্রায়েই
মোক দেখি ৰিঙিয়াই
সাৱতি ধৰিব খোজে
আৰু মই ...

মই গুৰুত্ব হলে নিদিওঁ
পৰাপক্ষত মুখখন ঘূৰাই
নেদেখাৰ অভিনয় কৰো ...

আপুনি যদি সুখৰ
ঠিকনা বিচাৰিছে
হেৰুৱাই নেপালাব ধৈৰ্য

সুধি চাব পাৰে
পদপথত পৰি থকা
মলিয়ন দুঃখবোৰক

সিহঁতক সোলোকায়েই
মানুহ হেনো সুখী হয় ...
ফাগুনৰ পছোৱা জাকে 
আঁচুৰি যায় আপোনাক ...

চিন্তাৰ টুকুৰাবোৰ 
কঢ়িয়াই আনে 
বতাহ জাকে ...

কঢ়িয়াই আনে 
আশাৰ বতৰা 
নিৰাশাৰ হুমুনিয়াহ ...

পোৱা বা নোপোৱাৰ
টুকুৰাবোৰৰ মাজত
বিৰাট পাৰ্থক্য নাথাকে ...

সিহঁতে আঁকি যায়
অলেখ ৰেখা ...
দি যায় আকাংক্ষিত
নাইবা অনাকাংক্ষিত
অলেখ -অযুত দাগ...

খৰধৰকৈ আপুনি
দাগবোৰ পৰিস্কাৰ কৰাত
ব্যস্ত হৈ পৰে ...

পানীৰ টোপালবোৰে
নিখুতকৈ ধুই নিয়ে
বাহিৰখন ...

দাগবোৰ কিন্তু
তেতিয়াও থাকি যায় ...

হৃদয়ৰ ভিতৰত
হৃদয়ৰ তাগিদা হৈ ...
এইযে ৰঙবোৰ...
সিহঁতে কঢ়িয়াই ফুৰে 
মনৰ বতৰা ...

নীলা আকাশখনৰো 
ওফোন্দ ভাগে ...
ৰঙীন হয় বলিয়া বতাহ

সুখৰ ৰঙাবোৰে 
ঢাকি ধৰে 
দুঃখৰ কলাক...
এদিনৰ বাবে হলেও ...

মনৰ খিৰিকিবোৰ খুলি
মুকলি হয় সকলো ...
ফৰকাল হৈ পৰে
মলিন হৃদয়...

বান্ধি ৰখা মনবোৰে বিচাৰে
মুকলি অম্লজান ...
আৰু এখন
মুকলি আকাশ ...
বৰষুণৰ পাছৰ
মুকলি আলিবাটতোৰ দৰে ...

এইযে ৰঙবোৰ...
আপুনিও চতিয়াই লওক
পাহৰি যাওঁক সকলো ...
পোৱা নোপোৱাৰ গণিত
নিৰাশাৰ হুমুনিয়াহ
নষ্ট গধূলি আৰু
বন্ধ সময়বোৰ ...

মুঠতে সকলো
এদিনৰ বাবে হলেও ...

Thursday, 7 February 2013

তাক জীয়াই থাকিবলৈ দিয়া
তোমাকতো আমনি 
কৰা নাই ...
যন্ত্রৰ দৰে সি 
তোমাৰ কথা নামানে 

নামানে নাই ...
তথাপি তাক 
জীয়াই থাকিবলে দিয়া...

তাক হত্যা কৰি
তুমি একো নোপোৱা
নাবাঢ়ে তোমাৰ একাউণ্টত
শূণ্যবোৰৰ শাৰী ...

তাক উমলিবলৈ
যদি জোনাক ভৰা
আকাশ এখন লাগে
তোমাৰ কি ক্ষতি হয়...

সি যদি বাৰিষাৰ
প্রথমজাক বৰষুণত
তিতি জুলুৰি জুপুৰি হয়
তোমাৰ কি ক্ষতি হয়...

ক্ষতি হলেও হওক
তাক জীয়াই থাকিবলৈ দিয়া
সি দি যাব তোমাক
জীয়াই থকাৰ অযাপিত আমেজ...

আকৌ এবাৰ ভাবি চাবা ...
জীয়াই থাকিবলৈ দিয়া হৃদয়খনক
তোমাৰ ভিতৰত
তোমাৰ দৰেই...
বহু দিন হল
সুহুৰিত দিনবোৰ 
শেষ হোৱাৰ...

বহু দিন হল
ভিৰৰ মাজত 
হেৰাই যোৱাৰ...

বহু দিন হল
অৰ্থহীন যাত্রাৰ 
পথিক হোৱাৰ...

বহু দিনেই হল
এমুঠি চানাকে
ভগাই খোৱাৰ...

সঁচাকৈ ...
বহু দিন হল
মুকলি আকাশৰ
স্বাধীন পখীক
নিজৰ সতে
ৰিজাই চোৱাৰ...

চহৰখনৰো হেনো কেতিয়াবা আমনি লাগে..

ধূলিৰ আলোৱানখন সাৱতি 
যেতিয়া দিনতোৱে মেলানি মাগে ... 
ভাগৰুৱা মানুহবোৰ 
যেতিয়া ঘৰমূৱা হয়... 
ৰঙচুৱা আকাশখনে যেতিয়া
পোহৰৰ শেষ কণিকাতো দলিয়াই 
আন্ধাৰৰ বুকুত সোমাই পৰে 
ঠিকনাবিহীন মানুহবোৰৰ লগত
পথৰ দাতিতে বহি পৰে চহৰখন ...

নোপোৱাবোৰৰ মাজত
পোৱাৰ ঠিকনা বিচাৰি
আমনি লাগে তাৰ ...

আমনি লাগে...
চহৰখনৰো হেনো কেতিয়াবা
আমনি লাগে...

Saturday, 5 January 2013



কেতিয়াবা ভাবো ...
জোনৰ বুকুখন শুকান কিয়?
সি দেখোন হাঁহি মাতি 
মোৰ সতে কথা পাতে 
বহুত কথা...
সেঁতা মুখখনত উজ্জল হাঁহিতো 
তেতিয়াওঁ ওলমি থাকে ...

সি দেখোন উদাসীন নহয় ...
জীৱনবোধেৰে উদ্দ্বীপ্ত 
তাৰ চেতনা ...
মৰমী ধৰাৰ চাৰিওফালে
সি দৌৰি ফুৰে
পাগল প্রেমিক হৈ...

মোৰ অবান্তৰ প্রশ্নবোৰত
ব্যতিব্যস্ত হৈ ...
সি ডাৱৰৰ সিপাৰে হেৰায়...
গোটেই ৰাতি খেলে
লুকা ভাকু...

তাৰ মৰমৰ পোহৰে
ধৰাখন উজলাই তোলে...
উজলাই তোলে শান্ত পজাঁবোৰ...

কেতিয়াবা ভাবো ...
জোনৰ বুকুখন শুকান কিয়