Sunday, 12 May 2013

প্রেমিক আপুনি ...

কোনে কয় প্রাপ্তিত
প্রেম থাকে বুলি...

কাৰোবাৰ প্রাপ্তিত যেতিয়া
উজলি উঠে আপুনি ...
নিজৰ খালী পকেটত 
এতিয়াও যেতিয়া
কঢ়িয়াই ফুৰে
আনৰ সুখৰ ঠিকনা ... 

মনত ৰাখিব
প্রেমিক আপুনি ...

জীয়াই থকাৰ
হেতা ওপৰাত
অভ্যস্ত মানুহ ...
একাকী জীৱন ..
তথাপিও শূণ্যতাত
আজিও লুকাই আছে
জীৱনৰ সংজ্ঞা ...

সকলো হেৰুৱাই যদি
হাঁহিব পাৰে আপুনি ...
চকুৰ পানী মোহাৰি
আগুৱাব পাৰে
যদি আপুনি ...
মনত ৰাখিব
প্রেমিক আপুনি ...

এদিন শূণ্যত
হেৰাই যাব জীৱন ..
হেৰাই যাব পাৰে
সপোন....
আনৰ সপোনবোৰ
জোৰা দি ভাল পাই
যদি আপুনি ...
মৰম চতিয়াই
আপোন পাহৰা
হয় যদি আপুনি ...
মনত ৰাখিব
প্রেমিক আপুনি ...

অকল প্রাপ্তিত
প্ৰেম নাথাকে
নাথাকে হতাশাতো ...
ক্লান্ত আকাশত যদি
এতিয়াও আশা
দেখে আপুনি ...
দু:খবোৰক আজিও যদি
উপলুঙা কৰে আপুনি ...

মনত ৰাখিব
প্রেমিক আপুনি ...

Monday, 29 April 2013

জীৱন কি?

জীৱন কি?

সৰাপাতত সজীৱতা 
বিচৰাৰ প্ৰ্তিযোগিতা...
এখন সৰ্বস্ৰান্ত হৃদয়...
নে প্ৰাপ্তিৰ মাজত
লুকাই থকা
অন্তহীন নিৰৱতা...

জীৱনৰ অৰ্থ বিচাৰি
চহৰৰ অট্টালিকা
বগাব নেলাগে...
নেলাগে কলা
চচমাৰ মৰীচিকা...
অন্তহীন অপেক্ষা
হব পাৰে ঠিকনা
কাৰোবাৰ...

মানুহ অকলশৰীয়া
মানুহৰ চেতনাও..
যি জাক সতেজ বতাহে
ধুই নিয়ে বেজাৰবোৰ
সেই বতাহ জাকো
অকলশৰীয়া...

নতুন শইচে
কঢ়িয়াই আনে
জীৱনৰ বতৰা..
বোকা মাটিত উশাহ
লয় সি..
শিশুৰ অবোধ হাঁহিত
লুকা ভাকু খেলে..
বুকুত লুকাই ৰাখে
শইচৰ সেউজীয়া ...

জীৱন কি?

নাজানো মই..
মাথো যাপন কৰো
সপোনৰ দৌল বান্ধি
অন্তহীন বিষ্ময় আৰু
অপলক নয়নেৰে .....

Sunday, 14 April 2013

অচিনাকীতো নহয়

ধৰাহওঁক মোক 
চিনি পাই আপুনি...

এই একেই পৃথিৱীৰ
বাসিন্দা হোৱাৰ অজুহাত...
একেই বতাহ আৰু
একেই পানীৰ শীতলতা
উপভোগ কৰাৰ অজুহাত...
প্রাপ্তি-অপ্রাপ্তিৰ দোমোজাত
ওলমি ৰোৱাৰ অজুহাত...

ধৰাহওঁক মোক
চিনি পাই আপুনি...

আপোনাক কুলিৰ মাতে
যদি আমনি কৰে ...
আপোনাৰ চকুযুৰি যদি
এতিয়াও আবেগে সিক্ত কৰে
উচ্চল হাঁহিবোৰত যদি
আজিও নিজৰ ঠিকনা বিচাৰি
হাহাকাৰ কৰে আপুনি ...

তেনেহলে আপুনি মোৰ
পুৰণি চিনাকী ...

তিনিআলিৰ আদ্দাবোৰত
আপুনি নিজক বিচাৰি
ফুৰে নেকী...
আপোনাৰ বন্ধুবোৰক?
আপুনি হইতো মোক
লগ পাইছে ...
আমিবোৰ প্রায় একেই...
জীৱনৰ পিছে পিছে
দৌৰি ফুৰো ...
তাৰ অৰ্থ বিচাৰি ...
অনাহক আহুকাল কৰি ...

মোক চিনি পাই
চাগে আপুনি...
অচিনাকীতো নহয় আমি ...

বহাগ

গোমোঠা ডাৱৰে
ওফোণ্ড ভাঙি 
বৰষুণ হৈ
মৰম বিলাই...

চোৱা বহাগ আহিছে 
শুনা কুলিয়ে বিনাইছে...

ঢোলৰ চেৱত
ৰমক জমক 
অবুজ কিয় হিয়া?
নামানে বাধা
নামানে সীমনা
হিয়া আজি উতনুৱা...

সৌৱা ঢোলটো বাজিছে...
সৌৱা পেপায়ে মাতিছে ...

মৰম আকলুৱা
সচকিত মন
আজি অবাধ্য কিয় ?
চেচা বতাহে
সেমেকা মনক
জীপাল কৰেনো কিয়?

ৰঙালী হেনো
আকৌ আহিছে...

তোমাক কলেনে
কাণে কাণে...
মোক হলে
নোকোৱাকৈয়ে আহিছে...
মৰম বোকোচাত
বান্ধি আনিছে...

ৰঙালী হেনো
আকৌ আহিছে..

কিমান সপোন...

কিমান সপোন... 
কিমান কল্পনাৰ কলৰোল...

ব্যৰ্থতাৰ অজস্র আঘাতেওঁ
স্তব্ধ কৰিব পৰা নাই 
সিহঁতক ...

নতুন আশাৰ অঙ্গীকাৰে 
এদিন সিহঁতে 
কঁপাই তুলিব ধৰা... 

সিহঁতক বাধা নিদিবা
সিহঁত আজিৰ মানুহ ...
নতুন মানুহ...

নতুন চিন্তাৰ চমকেৰে
সিহঁতে আওঁৰাৱ
মানবতাৰ জয়গান ...

সিহঁতক বাধা নিদিবা
সিহঁতে গঢ়িব
নতুন পৃথিৱী ..
নতুন আকাৰ ...
নতুন মাত্রা,নতুন সংজ্ঞা ...

পদপথত আজিও
হতাশ ছক্রেতিছ
ডাষ্টবিনৰ পেলনীয়া নহয়...
ভিক্ষা নহয় ...
জীয়াই থকাৰ অধিকাৰ লাগে ...
নতুন চিন্তা লাগে
এটা সঠিক ভবিষ্যতৰ স্বপ্নক

বাকচবোৰ খুলিবৰ হল
মুকলি বতাহ লাগে
লাগে এখন ধুনীয়া পৃথিবী...

কিমান যে সপোন...
কিমান কল্পনাৰ কলৰোল...

Tuesday, 26 March 2013

জীৱনে হাঁহিবলৈ শিকাই ...
চকুৰ পানীত
মুকুতা বিচাৰিবলৈ শিকাই ...

ঘৃণাৰ মাজত 
পুৱাৰ বেলিয়ে
নতুন আশাৰ বীজ বিয়পাই...
নহয়,কান্দিবলৈ নহয়
জীৱনে মাথো হাঁহিবলৈ শিকাই ...

নোপোৱাৰ তমসাত
পোৱাৰ আকাংক্ষাবোৰে
যেতিয়া হেৰাই যোৱাৰ
আখৰা চলাই ...
আন্ধাৰৰ ঘিটমিটত
সন্মুখৰ বাটে
যেতিয়া দিশ হেৰুৱাই ..

জীৱনে মাথো
মনে মনে
যুঁজি যোৱাৰ
মন্ত্রকে আওঁৰাই ...

কান্দিবলৈ নহয়
সি মাথো চকুপানীবোৰ
ঢাকিবলৈ শিকাই ...

আজিও জীৱনে
তমসা নেওঁচি
আশাৰেই জোনাক বিলাই ...

নিৰাশা ভেদি
কিয় আকৌ
সি বাৰু হাঁহিবলৈ শিকাই ?
কোলাহলবোৰ আতঁৰাই 
শান্ত হয় পৃথিৱী...
চিন্তাৰ ৰেখাবোৰ পাতলাই
আজৰি হয় জীৱন...

কুৰুকি কুৰুকি 
নোপোৱাৰ হিচাপৰ মাজত 
পোৱাৰ সন্ধান কৰি
উভতি আহে মানুহবোৰ ... 

উদং বুকুৰে ৰাস্তাবোৰে
উপভোগ কৰে ...
নিসংগতা ...

উদাসীন আন্ধাৰবোৰে
তেতিয়া আৰু শুধি নাথাকে
জীৱনৰ সংজ্ঞা ...

চিন্তাবোৰ সোলোকাই
শান্তিৰে শুই পৰে মানুহবোৰ...

জীৱন যুজত ভীতিগ্রস্ত
অবাক,অবোধ অথচ
সুখী মানুহবোৰ ...

আন্ধাৰবোৰো তেতিয়া আৰু
আন্ধাৰ হৈ নাথাকে ...
আন্ধাৰো হৈ পৰে শান্তিৰ আহিলা ...

নিশাটোৱে মোহাৰি যায়
হৃদয়ৰ বেজাৰ ...
কৈ যায় অলেখ বতৰা ...

আন্ধাৰ সদাই আন্ধাৰ নহয়
আন্ধাৰতো হেনো থাকে
পোহৰৰ বতৰা ...