Saturday, 5 October 2013

একাজলী জোনাক ...

দুহাত ভৰাই আনিছিলো 
একাজলী জোনাক ...
কত ৰাখিম ? 
হবনে ঠাই 
তোমাৰ চোতালত ... 

ভাবিছিলো লৈ আনিম
গোটেই আকাশখন
নোৱাৰিলো !
আমি যে মানুহ...
সীমিত আমাৰ সপোন
সীমিত আমাৰ সত্তা
মাথো সজাই থওঁ
ঢুকি নোপোৱা দূৰত্বত
আটোম টোকাৰিকৈ ...

ভাবিছিলো লগতে
আনিম কঢ়িয়াই
আশাৰ এখন ৰামধেনু
আৰু দুটামান
জোনাকী পৰুৱা..
বেয়া নাপাবা,
খালী দুহাতত
ঠাইহে নহল |
এহঃ মই যে
কি অকৰা ...

দুঃখ নকৰিবা
এতিয়াও আছেই দেখোন
একাজলী জোনাক
আনিছিলো যে সযতনে
দুহাত ভৰাই
কত ৰাখিম ?
হবনে ঠাই
তোমাৰ চোতালত ...

সময়

সমাধিস্থ সপোনবোৰ
এদিন খান্দি 
উলিয়াব সময়ে ... 
আহিব সময় 
ভাল সময় 

এটা সুন্দৰ পুৱাই
জগাব যেতিয়া 
পক্ষীৰ কলৰোলেৰে ..
গুলীৰ শব্দবোৰ যেতিয়া
হৈ পৰিব সাধুকথা
তেজৰ চেকুৰাবোৰত
গজিব যেতিয়া
ৰঙা ৰঙা গোলাপ..
পথাৰত গজি ৰৱ
শাৰী শাৰী
সেউজীয়া আশা
সেই পুৱাৰ আশাত
বন্দী মই ...
হইতো আপুনিও ..

বিভীষিকাৰ হতাশ দুপৰীয়াবোৰ
যি পাৰ কৰা নাই
সি কেনেকৈ জানিব
আশা কোনটো
বাটেৰে আহে ...
স্তিমিত সূৰুযত
অঙ্গীকাৰ আছে ...
বিশ্বাস কৰক
আহিব সময়
নতুন সময় ...

মই বহি আছো
আপোনাৰ কাষতে
সাক্ষী হবলৈ
সেইটো পুৱাৰ..
কুৱলী ফালি
এদিন যি চুমিব
ধৰাৰ বুকু
অজস্র অঙ্গীকাৰেৰে ..

কথা পাতিম..

ভাগৰ লাগিলে
উভতি আহিবি
কথা পাতিম.. 
তোৰটো এতিয়া 
সময় নাই ..

এতিয়া চাৰিওফালে
জুই,মাথো জুই 
এজাক শিয়াল 
ৰৈ আছে 
দাঁত নিকতাই ..
সিহঁতে পাতিব হেনো
এটা ডাঙৰ ভোজ ..
হৈ আছে চাৰিওফালে
ভোজৰ যোগাৰ..

তোৰ যেতিয়া
আমনি লাগিব
জুই জ্বলাই..
তেতিয়া আহিবি
এতিয়াটো তই
জ্বলোৱা জুইলৈ
আইৰো ভয় লাগে ..
ঘৰখনত আজি
একো নাই ,
মৰিশালী হেন হল
তই এতিয়া নুবুজিবি..

তই আৰু মই ..
আমিহে সাজিছিলো
কাঠ কঢ়িয়াই
হাজাৰটা বছৰ লাগিছিল
তোৰ চাগে
মনত আছে ..
কেলেই নাথাকিব ?
আমাৰ নিমখীয়া ঘামবোৰ
এতিয়াও চোতালত গোন্ধাই ..

এহঃ বাদ দে সেইবোৰ
সময় যে
সলনি হল ..
শান্তিৰ চৰাইজনীৰ মাংস
এতিয়া কেজি হিচাপে
বিক্রী হয়
কম দামতে ..
যতে ততে ..

ছাইবোৰ ঠাণ্ডা হলে
এবাৰ আহিবি
কথা পাতিম

কথা পাতিম
কেনেকৈ গঢ়িব পাৰি
আকৌ পঁজাটো ...
কেনেকৈ নাশিব পাৰি
আইৰ বুকুৰ আন্ধাৰ ..
কেনেকৈ আকৌ
আতি আতি
বান্ধিব পাৰি
বিশ্বাসৰ বান্ধোন
সম্প্রীতি আহি
বহিবই বা কত
আৰু বহুত আছে
বহুত কথা ..

ভাগৰ লাগিলে
উভতি আহিবি
কথা পাতিম..

যিবোৰ পথত পৰি ৰয় কৃষ্ণচূড়া..

যিবোৰ পথত 
পৰি ৰয় কৃষ্ণচূড়া..
যিবোৰ পথত
সজাই থোৱা থাকে 
মৰমৰ সজীৱ দলিচা 
সেইবোৰ পথৰ
পথিক হব খোজে ?

নাই,মোক নুসুধিব 
মইতো নাজানো 
সিহঁতৰ ঠিকনা ...
বুজি নাপাওঁ
কিয় বাৰে বাৰে
মোকেই সোধে আপুনি
যাচি দিয়ে
মৰমৰ উপঢৌকন ..
কয় মোক
কিমান আশাৰে
আহিছে বগুৱা বাই
ইমান দূৰ ..

মই কি কৰিম কওঁক
মইও নিৰুপাই ...
কেনেকৈ কওঁ
আপুনি দেখা
কৃষ্ণচূড়াবোৰ কেনেকৈ
ৰঙা হয়
প্রেমিক চৰাইবোৰৰ
তেজত তিতি ..
কেনেকৈ কওঁ
কিমান নিৰাশা
লুকাই থাকে
আপুনি দেখা
নিমজ দলিচাখনত

আপোনাক নিৰাশ
কৰা নাই
কিন্তু এটা কথা
ইমান সহজ নহয় ...

ইমান সহজ নহয়
খোজ পেলোৱাটো
সেইবোৰ পথত...
যিবোৰ পথত
পৰি ৰই
তেজৰঙা কৃষ্ণচূড়া..
যিবোৰ পথত
সজাই থোৱা থাকে
মৰমৰ সজীৱ দলিচা ..
যিবোৰ পথ
দূৰণিৰ পৰা দেখাত
আপোন যেন লাগে
যিবোৰ পথত
আপুনি এখন
হৃদয় বিচাৰে...

আপুনি হইতো নাজানে
আপুনিও এদিন
বহি পৰিব
মোৰ কাষতে
সেই পথৰ দাতিতে
পৰি ৰই যত
অলেখ তেজৰঙা
কৃষ্ণচূড়া..

নাই,মোক নুসুধিব
মইতো নাজানো
সিহঁতৰ ঠিকনা ..

Wednesday, 2 October 2013

টোপনি গৈছিল বননিডৰা ..

চিলমিলকৈ টোপনি 
গৈছিল বননিডৰা .. 
উৎপতীয়া নিয়ৰৰ আমনিত 
টোপনি ভাগিছিল 
চোতালখনৰ.. 
আজি কিন্তু
নিৰৱতা ভঙাৰ 
অপচেষ্টাত লিপ্ত 
হোৱা নাই বতাহজাক .. 
ইমান শান্তি , 
ইমান নিৰৱতা ..
চোতালত আজি
সেমেকা শৰতৰ
নিৰৱ আখৰা ..
আকাশৰ তৰাবোৰেও
জুমি জুমি চাই..
পৃথিৱীখন আজি কিয়
ইমান ধুনীয়া ?
আইৰ কোলাৰ
দৰে উমাল,
বহল আকাশৰ
দৰে উদাৰ ..
যত নিৰভয়ে আশ্রয় লয়
দিনৰ ভাগৰে ..

নিৰৱতা ভাঙি
হঠাৎ সৰি পৰিল
এধানমান জোনাক
বিচাৰি চালো ..
ওহো..নহয় দেখোন
জোনাকতো নহয় ...
এইয়া যে
শেৱালি ফুলাৰ বতৰ
শেৱালিৰ প্রথমপাহ ফুলে
তেতিয়াও হাঁহি আছিল
মোলৈ চাই চাই..

হয়,শৰৎ আহিছে
শেৱালিৰ হাতত ধৰি ...
মোৰ পদুলিত
জোনাক চতিয়াবলৈ ...
পোহৰৰ মেলা পাতিবলৈ ..

কথা পাতিম..

ভাগৰ লাগিলে
উভতি আহিবি
কথা পাতিম.. 
তোৰটো এতিয়া 
সময় নাই ..

এতিয়া চাৰিওফালে
জুই,মাথো জুই 
এজাক শিয়াল 
ৰৈ আছে 
দাঁত নিকতাই ..
সিহঁতে পাতিব হেনো
এটা ডাঙৰ ভোজ ..
হৈ আছে চাৰিওফালে
ভোজৰ যোগাৰ..

তোৰ যেতিয়া
আমনি লাগিব
জুই জ্বলাই..
তেতিয়া আহিবি
এতিয়াটো তই
জ্বলোৱা জুইলৈ
আইৰো ভয় লাগে ..
ঘৰখনত আজি
একো নাই ,
মৰিশালী হেন হল
তই এতিয়া নুবুজিবি..

তই আৰু মই ..
আমিহে সাজিছিলো
কাঠ কঢ়িয়াই
হাজাৰটা বছৰ লাগিছিল
তোৰ চাগে
মনত আছে ..
কেলেই নাথাকিব ?
আমাৰ নিমখীয়া ঘামবোৰ
এতিয়াও চোতালত গোন্ধাই ..

এহঃ বাদ দে সেইবোৰ
সময় যে
সলনি হল ..
শান্তিৰ চৰাইজনীৰ মাংস
এতিয়া কেজি হিচাপে
বিক্রী হয়
কম দামতে ..
যতে ততে ..

ছাইবোৰ ঠাণ্ডা হলে
এবাৰ আহিবি
কথা পাতিম

কথা পাতিম
কেনেকৈ গঢ়িব পাৰি
আকৌ পঁজাটো ...
কেনেকৈ নাশিব পাৰি
আইৰ বুকুৰ আন্ধাৰ ..
কেনেকৈ আকৌ
আতি আতি
বান্ধিব পাৰি
বিশ্বাসৰ বান্ধোন
সম্প্রীতি আহি
বহিবই বা কত
আৰু বহুত আছে
বহুত কথা ..

ভাগৰ লাগিলে
উভতি আহিবি
কথা পাতিম..

যিবোৰ পথত পৰি ৰয় কৃষ্ণচূঢ়া..

যিবোৰ পথত
পৰি ৰয় কৃষ্ণচূঢ়া..
যিবোৰ পথত
সজাই থোৱা থাকে
মৰমৰ সজীৱ দলিচা
সেইবোৰ পথৰ
পথিক হব খোজে ?

নাই,মোক নুসুধিব
মইতো নাজানো
সিহঁতৰ ঠিকনা ...
বুজি নাপাওঁ
কিয় বাৰে বাৰে
মোকেই সোধে আপুনি
যাচি দিয়ে
মৰমৰ উপঢৌকন ..
কয় মোক
কিমান আশাৰে
আহিছে বগুৱা বাই
ইমান দূৰ ..

মই কি কৰিম কওঁক
মইও নিৰুপাই ...
কেনেকৈ কওঁ
আপুনি দেখা
কৃষ্ণচূঢ়াবোৰ কেনেকৈ
ৰঙা হয়
প্রেমিক চৰাইবোৰৰ
তেজত তিতি ..
কেনেকৈ কওঁ
কিমান নিৰাশা
লুকাই থাকে
আপুনি দেখা
নিমজ দলিচাখনত

আপোনাক নিৰাশ
কৰা নাই
কিন্তু এটা কথা
ইমান সহজ নহয় ...

ইমান সহজ নহয়
খোজ পেলোৱাটো
সেইবোৰ পথত...
যিবোৰ পথত
পৰি ৰই
তেজৰঙা কৃষ্ণচূঢ়া..
যিবোৰ পথত
সজাই থোৱা থাকে
মৰমৰ সজীৱ দলিচা ..
যিবোৰ পথ
দূৰণিৰ পৰা দেখাত
আপোন যেন লাগে
যিবোৰ পথত
আপুনি এখন
হৃদয় বিচাৰে...

আপুনি হইতো নাজানে
আপুনিও এদিন
বহি পৰিব
মোৰ কাষতে
সেই পথৰ দাতিতে
পৰি ৰই যত
অলেখ তেজৰঙা
কৃষ্ণচূঢ়া..  

নাই,মোক নুসুধিব
মইতো নাজানো
সিহঁতৰ ঠিকনা ..