Tuesday, 10 December 2013

প্রতিপল

প্রতিপল সপোনৰ 
প্রতিপল দিঠকৰ 
প্রতিপল পোৱা নোপোৱাৰ 
নাইবা পাই হেৰুৱাৰ 
প্রতিটো পলেই হাঁহিৰ
আৰু প্রতিটো পলেই 
হইতো এটোপাল চকুলোৰ.. 
প্রতিপল এখন 
নতুন যুঁজ 
প্রতিপল মাথো 
অন্তহীন দৌৰ
অলপ ক্ষোভ,
আশা আৰু
নিৰুদ্দিষ্ট সপোনৰ মিচিলি ...
এই যে ভাল
লাগে হাঁহিবোৰ
এই যে আপোন
হয় মানুহবোৰ
প্রতিটো পলত ..
প্রতিপলত তুমি আৰু
প্রতিটো পলত মই
হইতো আমিওঁ আছো
প্রতিটো পলত ..
প্রতিপল এটা সুযোগ
প্রতিপল মৰমৰ,
কল্পনাৰ আৰু সঁচা আবেগৰ
প্রতিপল জীৱনক
চুই চোৱাৰ
ভাল পোৱাৰ
জীয়াই থকাৰ ..
প্রতিটো পলেই জীৱন
হয়,প্রতিটো
পলত জীৱন
জীৱন মাথো জীৱন
এক মিঠা আবেগ
প্রবাহিত যি
ৰন্ধে ৰন্ধে

প্রতিটো পলত ...

ঘূৰি যাওঁ

সি নজনাকৈ 
আকৌ ঘূৰি যাওঁ
তাৰ কাষলৈ .. 
হেপাহ পলুৱাই 
এপলক তাকে চাওঁ
মোক তেতিয়াওঁ 
চিনি নাপায় সি 
তাৰ বাবে মই 
অবুজ সাথৰ 
নিজৰ সুখবোৰ 
বিক্রী কৰা
অবোধ সদাগৰ..

তাৰ দুহাতত
ধূলিৰ কৰাল
স্বাধীন সি
তাৰ হৃদয়ত
অযুত জোনাক
ইমানবোৰ মৰম আৰু
আকাশ ভৰা সপোন ...

মই হৈ পৰো
তেনেই নগন্য
তেনেই নিঃকিন
তাৰ তুলনাত...
মই এটা ফোপোলা
মমৰ টুকুৰা ,
জটিল অঙ্কত নিমজ্জিত
মই এটা মাথো
শুকান সমীকৰণ...

তাৰ মুখৰ
হাঁহিবোৰ চুৰ
কৰি কৰি
জীৱন সজাওঁ মই ...
তাৰ সপোনৰ পোহৰত
উশাহ লওঁ
তাৰ মৰমৰ জোনাকত
ওমলো প্রাণ ভৰি...

সি যে মোৰ
সোনালী অতীত
আৰু মই?
মই তাৰ
ধৰুৱা ভৱিষ্যত ..

সোঁৱৰণীৰ কুঁৱলিত

সোঁৱৰণীৰ কুঁৱলিত 
তোমাক দেখাৰ আশাত 
ৰৈ আছিলো 
গধূলিটোৰ সতে 
সেই তিনিআলিটোতে
যত এদিন 
বৰফ হৈ নামিছিল
এবুকু বিষাদ ...

অচিনাকী একোৱেই
নাছিল তাত
নিজৰ বাহিৰে..
কুঁৱলিৰ চাদৰ পিন্ধি
জোনাক নামিছিল তেতিয়া
যেতিয়া মই
উভতি আহিছিলো
উকা হাঁহি
এটা আঁকি লৈ
আগৰ দৰেই
আনদিনাৰ দৰেই...

খুপি খুপি আহে

খুপি খুপি আহে 
হাঁহিৰ টুকুৰা 
খুপি খুপি আহে 
সুখৰ প্রহৰ ,
টুকুৰাত বিভক্ত 
হয় আজি 
একোটা জীৱন.. 
নোপোৱাৰ মাজতে 
সজাই মানুহে 
এনেকৈয়ে .. 
প্রাপ্তিৰ সংগ্রহালয়

খুপি খুপি অহা
মৰম বিচাৰি
ৰৈ থাকে আজি
উদাস কলিজা ...
সময়ে ওমলাই তাক ,
আজি হেনো
গলিব জোনাক
আজি হেনো
দেখিব তোমাক ..

অপেক্ষা ...
মাথো অপেক্ষা ..
আৰু তেনেকৈয়ে
পাৰ হয় নিঃশব্দে
খুপি খুপি..
একোটা সন্ধ্যা,
একোটা নিশা
আৰু হইতো
একোটা যুগ...

খুপি খুপি
আকৌ আহিব হেনো
হাঁহিৰ টুকুৰা
অপেক্ষা ...
মাথো অপেক্ষা .....
আহিবনে ,
আহিবনে সঁচাকৈ ?
খুপি খুপি
সেই মৰমবোৰ
হাঁহিৰ টুকুৰা লৈ...

যত সেই বননিডৰা

যত সেই 
বননিডৰা নিঃশব্দে 
শুই পৰিছিল 
তাৰ ওপৰতে আছিল 
এখন মুকলি আকাশ 
আৰু এজাক তৰা..
প্রায়েই শুই পৰো 
সেই বননিডৰাত 
আইৰ কোলাৰ দৰেই 
নিৰাপদ আৰু উমাল ..
তৰাৰ ওৰণিখন
তেতিয়াও জিলিকি থাকে
দুচকুত লাজুকী
হাঁহি এটা লৈ..
কাষেৰে পাৰ হয়
এজাক জোনাকী ...
অদৃশ্য হৈ
যাও মই
ইমান জোনাক
নাই ..
কতো নাই..
ইমান শান্তি
নাই ..
কতো নাই ..

প্রায়েই শুই পৰো
সেই বননিডৰাত ..
প্রায়েই ...

কত দেখিছিলো নিজক

নাজানো শেষবাৰ 
কত দেখিছিলো নিজক 
নাজানো কেতিয়া 
উৰুঙা হল 
কোলাহল সপোনৰ .. 
নাজানো কেতিয়া
ভাগিল ভিৰ, 
কেতিয়া থাকি 
গলো অকলে 
নিৰৱতাৰ প্রহৰী হৈ .. 

এতিয়া মাথো
এজাক ঝিলি
আৰু মই...
হইতো বিচৰাওঁ নাই
জীৱনৰ পৰা
বহু কিবা কিবি
আমনি লগাকৈ ...
নিৰৱতাৰ ভাষা
বুজি পাওঁ
কব পাৰো সলসলীয়াকৈ ..
এই গধূৰ
গধূলিটোৰ সতে
প্রায়েই বহি ৰওঁ
ভাল লাগে
ভাল পাওঁ আজিকালি
ভালপোৱাতো এনেকুৱাই
বাঢ়ি যাই
লাহে লাহে ..
নিৰৱতাৰ কোলাহলবোৰোতো
বাঢ়িছে আগৰদৰেই
বাঢ়িছে আকৌ ভিৰ
বাঢ়িছে মৰম
বাঢ়িছে নিসংগতা..
এতিয়া মই,
এজাক ঝিলি আৰু
এটা নিৰৱ নিশা...
হইতো এনেকৈয়ে
এদিন বিচাৰি
পাম নিজক
টুকুৰা টুকুৰকৈ..

নাজানো শেষবাৰ
কত দেখিছিলো নিজক
নাজানো...

মনে মনে কথা পাতে এজাক পখিলাই

মনে মনে
কথা পাতে 
এজাক পখিলাই 
মনে মনে 
জোনক জোকাই 
অবুজ তৰাই 
লাজতে জোনে আজি 
গছৰ পাতেৰে ঢাকি 
কিয় বাৰু এনেকৈ
মুখ লুকুৱাই.. 

মনে মনে
কৈ যায়
নিৰৱ নিশাই
কিয় সি চকুলোৰে
বননি তিয়াই
কিয় ইমান মৰম
বুকুত মাজতে লৈ
উদাস পৃথিৱীক সি
একেথৰে চাই...

মনে মনে
কৈ যাই
শীতৰ নিশাই
ইমান অকলশৰে
নিৰৱ সময়ে আজি
স্মৃতিৰ সমাধিত ৰৈ
শেৱালি সজাই..

মনে মনে
জ্বলে জোনাক
দুচকু ভৰাই
মৰম মৰম বুলি
মৰম বুকুতে লৈ
কতনো মৰমীয়াল
মানুহ হেৰাই ..
বাৰে বাৰে মৰমৰ
ঠিকনা আওঁৰাই ..

মনে মনে
জোকাই জোনক
অবুজ তৰাই
মনে মনে
কথা পাতে
এজাক পখিলাই ..