Saturday, 26 April 2014

---তাই বৰষুণৰ প্রেমত পৰিছিল ...



তাই বৰষুণৰ 
প্রেমত পৰিছিল ...
উতনুৱা বৰষুণজাকত তিতি
তাই জুলুৰি-জুপুৰি হৈছিল.. 
তাইৰ অবাধ্য 
চুলিবোৰত ওলমি 
টোপালবোৰে মুকুতাৰ 
মালা গাঠিছিল..

শুকান চহৰখনে
এবাৰলৈ ঘূৰি চাইছিল
হেপাহ পলুৱাই...
হালধীয়া পোহৰবোৰেও
হেতা ওপৰা কৰিছিল
তাইৰ গালত পৰি
সিহঁত হেনো
সোনোৱালী হ'ব....

আকাংক্ষাৰ মৰিশালীবোৰ
এৰি মানুহবোৰে আজি
আকাশখন বিচাৰিছিল
বৰষুণজাকে দি
গৈছিল সিহঁতক
জীৱন ...

তাই জীৱনৰ
প্রেমত পৰিছিল ...

তাই বৰষুণৰ
প্রেমত পৰিছিল ...

~~~~অপেক্ষা ~~~



শান্ত সমীৰক ক'লো 
মোৰো আছে এখন
উকা বুকু ... 
সি হাঁহি ক'লে
বৰষুণৰ অপেক্ষাত 
থকা মানুহবোৰে 
প্রায়েই শুনাই তাক 
এনেকুৱা সাধু ... 

কাৰ বুকুত
শুণ্যতা নাই কোৱা !
ধূলিৰ পৃথিবী আৰু
মাটিৰ মানুহ ...
মায়াৰ দাপোনত দেখা
সুখৰ সমাধিত
আমিবোৰেই দেখোন
নিতৌ জ্বলাও
তেলৰ এগছি
তপত চাকি ..

তাৰপাছত ...
তাৰপাছত পোৱা নোপোৱাৰ
এটা দীঘল অঙ্ক ...
চকুপানী আৰু ধুমুহা
বাকীবোৰ সাথৰ
মায়াৰ মাথোন
অবুজ সাথৰ ..

ধেৎ ...
এইয়াই জানো জীৱন!
জীয়াই থাকো এবাৰ
নিজৰ দৰে ..
বতাহৰ দৰে
মুকলি হও ..
চুই চাও
নীল আকাশৰ সীমনা
বিচাৰি যাও
এটা সুখৰ পাহাৰ
আৰু এখন
শীতল নদী ..

কিহৰ ভয় !
বৰষুণ হওক..
তিতিম আজি
আপত্তি নাই..
আজি আৰু কোনো
আপত্তি নাই ...

এখন মুকলি আকাশে
মাতিছে কাষলে ..
যাও ...
এবাৰ চুই চাও..
কিহৰ ভয় !
আজি আৰু
কিহৰ ভয় ....

--- বাট চাই তাই ---

বেলিতো কপালতে আঁকি 
বাট চাই তাই... 
আহিব হেনো সি
এই বহাগতে 
দুহাতে কপৌফুল লৈ .. 
আনিব হেনো সি
ঘামত তিতা
কামিজটোত লুকুৱাই 
এখন জীপাল হৃদয় ..

বেলি পৰাৰ আগেয়ে
আহিবনে সি !!
কুলিটোৱে মনে মনে
ক'লে ..আহিব..
বহাগ অহা বাটেৰে
সিওঁ আহিব ..
ৰৈ আছে তাই
বেগাই নাযায় আজি
অবুজ সময় ..
বেগাই নাযায় আজি
চোতালৰ ৰ'দ ..
বেগাই নেহেৰাই
আজি ঢল
আবেগৰ ঢল ..

ৰৈ আছে তাই...
বেলিতো কপালতে আঁকি
ৰৈ আছে তাই !!
আহিবনে সি ...
আহিবনে...
বহাগ অহা বাটেৰে
সিওঁ বাৰু আহিবনে ?

বাট চাই তাই..

---- বহাগ ---



এনেকৈ বাৰু কিয় 
আহে বহাগ !!
কলিজাত আজিও 
মৰমৰে দাগ ... 

হেবাং কুলিয়ে 
বনত বিনাই 
কপৌ ফুলেও
তাকেই জোকাই..
নিমাখিত হায়
চেনেহৰ মাত
আপোন আপোন
গাৱৰে ঘাট ..

ৰঙালীত ৰঙীন
ৰসাল মানুহ
জীৱন আজি
মনৰ দাপোন ..
নোপোৱাৰ বেদনা
নালাগে থাকক
বুকু ভৰি মাথো
বহাগ নামক ..

এনেকৈয়ে বাৰু কিয়
আহে বহাগ !!
কলিজাত যে আজিও
মৰমৰে দাগ ... 

---এই পোছাকবোৰ----



এই পোছাকবোৰ পিন্ধি 
সুখী হওঁ 
দিনৰ পোহৰত.. 
এই পোছাকবোৰেই 
ক'লা হয় 
ৰাতিৰ আন্ধাৰত .. 

মায়াৰ মৰিশালীত 
আমিবোৰ আজিও
নিখুত ভাৱৰীয়া
নাই আমাৰ দুঃখ
নাই সুখৰ প্রসাধন...
এটাই মাথো জীৱন
কিস্তিত হেৰাই উশাহ
কিস্তিত হেৰাই হাবিয়াস ..

জীৱন...
মাথো জীৱন..
"জীৱন" আমাৰ
প্রিয় সংলাপ
আৰকাপোৰৰ সীপাৰে
বহি থাকে
তেতিয়াও বেদনা
আমাৰেই পোছাকবোৰ
সাৱতি লৈ ...

এই পোছাকবোৰ পিন্ধি
সুখী হওঁ
দিনৰ পোহৰত..

---আমি বাৰু কেকটাছ নেকী !! ---



ডাৱৰ ফুলে আকাশত 
আৰু আমাৰ বুকুত ? 
আমাৰ বুকুত
ফুলে বেদনা!
আমি বাৰু
কেকটাছ নেকী ? 

আমাৰ চালবোৰত আছে 
ধৰাল কাইট
আৰু বুকুবোৰত
সেমেকা ডাৱৰ !
শুকান বালিত
সজাই লওঁ
হেপাহৰ ঘৰ
বতাহে ভাঙে
হেপাহে পাতে..
আমি বাৰু
কেকটাছ নেকী ?

আমাৰ মুখত জিলিকে
শুকান হাহি
বালিত উৰে
অস্পষ্ট কান্দোন ...
এদিন সেমেকিব হেনো
এই বুকু !!
সচা জানো !
মুৰ তুলি
মাথোন বাট চাওঁ
বালিৰ ধুমুহাত
নিজক খেপিয়াওঁ
কেতিয়াবা পাওঁ
কেতিয়াবা দেখোন নাপাওঁ ...
সন্দেহ হয় ...

আমি বাৰু
কেকটাছ নেকী !!

---আই তোলৈ মনত পৰে ---



আই তোলৈ
মনত পৰে ..
টোপনিবোৰ শুকুৱাই
যেতিয়া গ্রাহকক বিলাও
গৰম চাহৰ পিয়লা
তেতিয়া..
আই তোলৈ
মনত পৰে ..
গালিৰ শব্দত যেতিয়া
পুৱাৰ টোপনি ভাগে
আই তোলৈ
মনত পৰে ..

পাহৰিছো লাহে লাহে
তোৰ আলফুল
হাতৰ পৰশ ...
পাহৰিছো লাহে লাহে
তোৰ চেনেহৰ আচল ..
তোক যে আজিকালি
দেখো মাত্র সামাজিকত  !
তোৰ দুগালত
তেতিয়াও দেখোন
জিলিকে নিমখীয়া
পানীৰ সোঁত !
ঠিক পিতাই
নোহোৱাদিনাৰ দৰেই...
ভালে আছনে তই ,
ভালে আছেনে ভনী ?
আই তাইলৈও
মনত পৰে..

তহঁতৰ কথা ভাবিলে
ভাল লাগে
এই কদৰ্য হোটেলখনো..
মইযে যুজি আছো
আন্ধাৰ নেওচি
এমুঠি পোহৰৰ আশাত..
তাকে ভাবি আন্ধাৰবোৰও
ভাল লাগে..

মানুহবোৰে মোক
"পোৱালী " বুলি মাতে..
সিহঁতেটো  নাজানে
মই যে
"পোৱালী" নহয়!
মোৰ ফটা চোলা
মোৰ শুকান দেহা
তথাপি মই "জোন"..
মই তোৰ
আকাশৰ একেটা  জোন ...  
 
আই তোলৈ
মনত পৰে ..
ভালে আছনে তই ?