Saturday, 26 April 2014

---ভাগৰুৱা---


জোনটো ওলালে 
জগাই দিবা 
নিসংগ নিশাটোৰ কাষত 
শুই লও 
হেপাহ পলুৱাই ,
ভাগৰুৱা মই 
বৰ ভাগৰুৱা... 

জীৱনে আমুৱাই প্রায়েই
আৰু মৃত্যু?
মৃত্যুক সমূলি
ভাল নাপাওঁ ...
যেতিয়াই ধুনীয়া
সপোন এটা সাৱতি
বহি ৰও নিজানত
জীৱনে মাথো জোকাই
অকঁৰা বুলি ..

নিলাজ মই
নিলাজ আশা
নিলাজ হৃদয় ...
খেদি ফুৰো
ওৰে ৰাতি
এখন জীয়া কলিজা
নিলাজ মই,
নিলাজ মোৰ
অজীৰ্ণ আশা...

ভাগৰ লাগে জানা !
জোনটো ওলালে
জগাই দিবা
নিসংগ নিশাটোৰ কাষত
শুই লও
হেপাহ পলুৱাই
ভাগৰুৱা মই
বৰ ভাগৰুৱা...

---এই নিশাটো---


আগৰ দৰেই 
আছো মই!! 
আগৰ দৰেই বগাও 
সপোনৰ এখন
কোবাল নৈ.. 
আগৰ দৰেই 
বহি ৰও 
স্মৃতিৰ এই 
উদাস পথাৰখনত
নিশাটো সাৱতি লৈ ..

এই নিশাটো
তাহানিৰ দৰেই স্থবিৰ
হৃদয়ৰ দৰেই নিমাত
মনে মনে
বহি ৰয় মাথো
আন্ধাৰ সাৱতি ,
আন্ধাৰৰ কোলাত...

উদাসীনতাৰ ওৰণি টানি
সুখী হয় আন্ধাৰ
দৰজাৰ চুকত
বহি ৰয়
মাথোন সময়
পোহৰৰ অপেক্ষাত ..

মই জানো,
এই অপেক্ষা
অনন্ত কালৰ..
তথাপি বহি ৰও
এঘড়ী যুঁজি চাওঁ ,
বুজাও নিজক
পোহৰ আহিব নহয় !
অলপ আন্ধাৰ
আৰু অলপ আন্ধাৰ..
পোহৰ আহিব নহয় !

নিশাটো সাৱতি লৈ
বহি ৰও
স্মৃতিৰ এখন
উদাস পথাৰত
আগৰ দৰেই ..
আগৰ দৰেই
আছো মই!!
আগৰ দৰেই..

--নৈখনৰ সিপাৰেই থাকো মই ..

-
নৈখনৰ সিপাৰেই 
থাকো মই .. 
আহিব এদিন ,
চাই যাবহি 
কিমান আশাৰে সজাও 
প্রতিটো প্রহৰ 
জীৱনৰ পৰা 
আজুৰি আজুৰি .. 

আপোনাৰ দৰেই
ভাল পাও
মানুহৰ ভিৰ
আপোনাৰ দৰেই
দুচকুত সানি লওঁ
সপোনৰ আবিৰ ..
পাহাৰবোৰ দেখিলে
সাহ পাওঁ,
নদীৰ বিশালতাত
নিজক হেৰুৱাও...
আপোনাৰ দৰেই
থাকিব খোজো
মানুহৰ বুকুত,
মিঠা স্মৃতি হৈ ...

বেদনাবোৰক ঠগি
মইও চুৰ কৰো
মুঠিয়ে মুঠিয়ে সুখ..
হেৰুৱাৰ আশংকাত
অজানিতে খামুচি
ধৰো আপোনক,
হেৰাই নোযোৱাকৈ ...

তথাপিতো মই
আপোনাৰ দৰে নহওঁ...
ঠিকনাবোৰ যে
বেলেগ আমাৰ ...
আশা,সপোন
হৃদয় আৰু বেদনাৰ..

আপোনাক লগ পালে
বৰষুণত তিতিম একেলগে
সেমেকাম দুচকু
আনে নেদেখাকৈ ..
ভালেই লাগিব দিয়কচোন
আহিব এদিন ...
নৈখনৰ সিপাৰেই
থাকো মই ..

আহিব এদিন
সময় উলিয়াই...

---বহাগ---


তাই উশাহ লয়, 
সি জীয়াই থাকে... 
তাইৰ চকুপানীত 
তাৰ হিয়াখন ভাগে... 
সি কেতেকী হৈ
বনত বিনায় 
আৰু তাই!!
তাই কপৌ হৈ 
চোতালতে ফুলে..

বহাগ আহে!
এনেকৈয়ে বহাগ আহে...

-------সোঁৱৰণী----------


উভতি যাও ব'ল 
সোঁৱৰণীৰ সেই
সেমেকা পঁজালৈ
য'ত উমলি 
এটা কোমল সপোনে 
চিলাই থাকে 
এখন ভগা হৃদয় ..

সহজ আছিল এদিন
সঁচাই জীৱন!
ৰৈ থাকো আমি,
গৈ থাকে মাথোন
সময়..

এই অবোধ সময় ..

----সুধি চা জোনক --


সুধি চা জোনক 
অই জোনাকী ,
লাগে নে জোনাক? 
লাগে নে পোহৰ? 
লাগে নে এমোনা 
শুকুলা ডাৱৰ .. 

জোনৰ মুখত আজি 
পুৰঠ হাঁহি
চাৰিওফালে মাথোন
তৰাৰ ধেমালী
এই নিশাটোৱে
নাহাঁহে সদায়
নকয় সদায়
ইমানবোৰ কথা
চা ,পোহৰ আৰু
ডাৱৰে আৱৰা..

আন্ধাৰৰ আচলত
সি যে হেৰাই
মাথো হেৰাই..
লাজুক হাঁহিত
লাজ লুকুৱাই ..

সুধি চা জোনক
অই জোনাকী
লাগে নে জোনাক?
লাগে নে পোহৰ?
লাগে নে এমোনা
শুকুলা ডাৱৰ ..

---তাই বৰষুণৰ প্রেমত পৰিছিল ...



তাই বৰষুণৰ 
প্রেমত পৰিছিল ...
উতনুৱা বৰষুণজাকত তিতি
তাই জুলুৰি-জুপুৰি হৈছিল.. 
তাইৰ অবাধ্য 
চুলিবোৰত ওলমি 
টোপালবোৰে মুকুতাৰ 
মালা গাঠিছিল..

শুকান চহৰখনে
এবাৰলৈ ঘূৰি চাইছিল
হেপাহ পলুৱাই...
হালধীয়া পোহৰবোৰেও
হেতা ওপৰা কৰিছিল
তাইৰ গালত পৰি
সিহঁত হেনো
সোনোৱালী হ'ব....

আকাংক্ষাৰ মৰিশালীবোৰ
এৰি মানুহবোৰে আজি
আকাশখন বিচাৰিছিল
বৰষুণজাকে দি
গৈছিল সিহঁতক
জীৱন ...

তাই জীৱনৰ
প্রেমত পৰিছিল ...

তাই বৰষুণৰ
প্রেমত পৰিছিল ...