Saturday, 26 April 2014

--- অৰ্ধআকাশ ---



আকাশখনে সদায়
খেপিয়াই চায় 
সুখবোৰ ভাগ 
হয়নে সমানে? 
সমানে সুখীনে 
আধা আকাশ ... 
আকাশখন কেতিয়াবা 
হতাশ হয় ,
সেমেকি উঠে ...
অসহায় চকুৰে
চাই ৰই অপলক
অসমান পৃথিবীখনক...

সুৰুযৰ বলীন ৰেখাই
তাক জগায়
এতিয়াতো বাকী আছে
বহুদূৰ বাট ...
সি ঠিয় হয়
গভীৰ প্রত্যাশাৰে..
যুঁজিব আজি একেলগে,
গোটেই আকাশখনে
সাজিব এখন
বহল আকাশ
মুকলি আকাশ
এখন নীলা আকাশ ...

---ভাল পোৱা---


ভাল পোৱা 
এটা নিপিন্ধা 
চোলাৰ নাম ..
সাঁচি থও সযতনে
পিন্ধিম এদিন! 

পিন্ধিম এদিন
আজুৰি খুলিব 
নোৱাৰাকৈ ...

--নাচাবা তেনেকৈ ...

-
নাচাবা তেনেকৈ ... 
মই জানো , 
মোৰ বুকুত 
এদিন তুমি 
এঙাৰ হৈ 
জ্বলিবা .. 
উশাহ হৈ 
প্রবাহিত তুমি
প্রতিটো প্রহৰ ,
কি আন্ধাৰ,
কি পোহৰ ..
নাচাবা তেনেকৈ ...

আজিও তুমি
অচিন সাঁথৰ..
তোমাৰ হাঁহিৰ অম্লজানত
মই বেদনা পাহৰি
উশাহ খামুচি ধৰো
পুনৰ উভতি আহো,
পাৰ হওঁ
ঘোপ মৰা আন্ধাৰ
আৰু জঠৰ ডাৱৰ ..
নাচাবা তেনেকৈ ...

নাচাবা তেনেকৈ
ম'ন যায়
উশাহ ল'বলৈ..
মই জানো ,
মোৰ বুকুত
তুমি এঙাৰ হৈ
জ্বলিবা ..
মোৰ উশাহত
তুমি প্রেৰণা হৈ
উমলিবা ..
স্নিগ্ধ জোনাক হৈ
ৰৈ থাকিবা
মোৰ আকাশত
দুঃখৰ কজলা নিশা ..
নাচাবা তেনেকৈ ...

নাচাবা তেনেকৈ ...

----উন্মনা এজাক জোনাক---


উন্মনা এজাক জোনাক.. 
নোজোকাবা সিহঁতক 
শুই আছে উলাহত 
শুকুলা ডাৱৰৰ 
কোলাত সোমায় ..
উন্মনা এজাক জোনাক.. 

থৰ হৈ 
নাচাবা তেনেকৈ
হিয়া গ'লি যোৱাকৈ..
হেৰাব লাজত,
হেৰাব পোহৰৰ
আঁচল তলত ..
এইহেন লাজুকী জোনাক!
চোতালত বহি আছে
উন্মনা এবুকু জোনাক..

মোৰ কথা
নালাগে মানিব
মই হেনো মিছলীয়া!
মোৰ কথা
নালাগে শুনিব
মই হেনো
নোৱাৰো চিনিব..
নিজেই জুমি চোৱা
এবাৰ মাথোন চোৱা
চোতালত বহি আছে
উন্মনা এজাক জোনাক..

----ৰঙ সানো আহক---


বিৱৰ্ণ মুখবোৰত 
অলপ ৰং 
সানো আহক 
এদিনৰ বাবে হ'লেও 
ৰঙীন হওঁক 
প্রতিখন উদাস হৃদয়.. 

কৈ দিও 
উকা আকাশক ,
তেজবোৰৰ দৰেই ৰঙা
আমাৰো এখন
হৃদয় আছে,
মৰমৰ ৰঙেৰে বোলোৱা ..
য'ত বাহ পাতে
হেজাৰ আশাই
ৰঙীন হোৱাৰ বাসনাত ..
য'ত লুকাই
থাকে সগোপনে
সপোনৰ এখন
সজীৱ ৰামধেনু
সাতোটা ৰঙৰ অপেক্ষাত ..

অলপ ৰং
সানো আহক
ৰঙীন হওঁ
এদিনৰ বাবে হ'লেও ..

..প্রাপ্তি......



খিড়িকীৰ শলখা ভেদি 
তাই জুমি চাই 
বাহিৰত সপোনৰ ধেমালী,
উদং পোহৰ.. 
ভিতৰত সঁচা আন্ধাৰ,
উদাস ডাৱৰ ..

অপলক চাই
থাকে তাই..
গ'লি গ'লি এদিন
সপোনবোৰ সোমাই আহে
এখোজ দোখোজকৈ
শলখাৰ মাজেৰে ..

এতিয়া ভিতৰত
সপোনৰ ভিৰ
আৰু বাহিৰত?
বাহিৰত স্মৃতিৰ
জুমুঠি চপাই
বহি থাকে
মনে মনে
এটা ক্লান্ত আবেলি...

প্রাপ্তিত হেনো
ভাগৰ থাকে
থাকি যায় তাতও
অকনমান বেদনা
অকলশৰে..

----নিসংঙ্গতা----


নিসংঙ্গতা মোৰ 
প্রিয় শব্দ ... 
ভৰা পৃথিবীৰ 
কোলাহলত সি 
কাণ পাতি শুনে 
বেদনা মানুহৰ !
কাৰ হাতত আজি 
ইমান সময় !!
মৰম মাথোন
পথৰ জাবৰ ...

পোহৰৰ জিলিঙনিত
প্রায়েই হেৰাই যায়
জুপুৰিৰ আন্ধাৰ..
বোবা মন ,
বোবা কলিজা ..
নোপোৱাৰ হিচাপত
নিজক হেৰুৱাই
দিশহাৰা হৈ
সকলো বোবা..

আহৰি নাই
আমি মাথো
অশান্ত সময়ৰ
বাধ্য শ্রমিক...
নিজেই খান্দি থাকো
নিজৰেই কবৰ ..
আচলতে নিসংঙ্গ
আমি সকলোৱেই
ভিতৰৰ পৰা ...

নোসোধো আপোনাক !
মইয়েই কৈ দিও
নিসংঙ্গতা মোৰ
প্রিয় শব্দ ...