Friday, 1 August 2014

---তাই নাই---


তাই নাই 
ফুলা নাই 
হেপাহৰ ফুল.. 

বৰষুণ অহাৰ
কথা আছিল..
সেউজীয়া হোৱাৰ
কথা আছিল ..
কথা আছিল
পোহৰ আজোৰাৰ ..

তাই নাই ..
আকাশত এতিয়া
এটা উদাস জোন..
তৰা খেপিওৱাৰ
কথা আছিল ,
সুখী হোৱাৰ
কথা আছিল ..
কথা আছিল
মুকলি আকাশখন
এবাৰ চুই চোৱাৰ..

তাই নাই
ফুলা নাই
হেপাহৰ ফুল..
দুহাতত থাকি গ'ল
এমুঠি মৰহা ফুল ..

... এই চহৰ ...



তোমাৰ উদাসীনতাত 
ভোল নেযায় 
এই চহৰ .. 
চহৰবোৰ ভোকাতুৰ 
লোলুপ শিয়ালৰ দৰে
মঙহৰ সোৱাদ
লাগে সিহঁতক ..

তোমাৰ মৰমৰ বাৰিষাত
পাগল নহয়
এই চহৰ ..
তোমাৰ বাবে
ৰৈ নেথাকে
চেনেহৰ দুহাত..
তুমি দৌৰিব লাগিব
জীয়াই থাকিবলৈ
তুমি সাজিব লাগিব
পাথৰৰ পাহাৰ..

গাৱৰ বোকাবোৰ এৰি
এতিয়া তুমি
চহৰৰ কৃতদাস ..
তোমাৰ হাতত নাই
সময়ৰ লেকাম ...
গৈ থাকা এনেকৈয়ে ..

তোমাৰ উদাসীনতাত
ভোল নেযায়
এই চহৰ ..
চহৰবোৰ ভোকাতুৰ
লোলুপ শিয়ালৰ দৰে
মঙহৰ সোৱাদ
লাগে সিহঁতক ..

---- আনে নেদেখে ---


তাৰ দুহাতৰ শূণ্যতাত 
তাই এখন 
আকাশ আঁকে .. 

আনে নেদেখে .. 

তাৰ চকুপানীত 
তাই সম্ভাৱনাৰ 
এজাক জোনাক সিঁচে..

আনে নেদেখে ..

মুকলি আকাশৰ তলত
এজাক তৰাই
উচুপি থাকে ..

আনে নেদেখে ..

তাৰ কাষতে ৰৈ
মনে মনে তাই
হাঁহি থাকে ...

আনে নেদেখে ..
কোনে ক'লে 
শুকান বুকুত 
নজ্বলে আজিকালি 
সুখৰ তৰা... 

এতিয়াও উশাহ লও, 
এতিয়াও বাট চাও , 
এতিয়াও বিচাৰি ফুৰো 
এটা,দুটা ...
হাজাৰটা তৰা..
আশাৰ ৰঙেৰে ভৰা..

এটা নিশা,
এখন আকাশ
আৰু এবুকু
সুখৰ জোনাক ..
আজিৰ বাবে ইমানেই
কাইলৈ বিচাৰিম
আকৌ ..
জীৱন মানেইতো
সম্ভাৱনা...
জীৱন মানেইতো
আশা ..
জীৱন মানেইতো
উশাহ লোৱা ...

---অ' মন ..

অ' মন .. 
তই সাৰে থাক 
মনে মনে.. 
তই বিচাৰি 
ফুৰ জোনাকতে,
এটা সপোনৰ 
আধা শুনা গান .. 

কিমান ধূনীয়া
এই সময় ..
ফুলবোৰো ফুলি থাকে
তৰাবোৰ উমলি থাকে
নিজানত বলি থাকে
পাগল বতাহ..

জুমি চাওঁ
মনে মনে..
মই ৰৈ
থাকো দূৰণিতে
নাই..
নামাতো তোক ...
নোজোকাওঁ যা ..

অ' মন ..
তই সাৰে থাক
মনে মনে..
তই বিচাৰি
ফুৰ জোনাকতে,
এটা সপোনৰ
আধা শুনা গান ..

---শৈশৱ ---

ব'ল ওলাই যাওঁ, 
ব'ল মুকলি হওঁ ,
ব'ল বুটলি ফুৰো 
তলসৰা শৈশৱ .. 

ব'ল লুকা 
ভাকু খেলো 
ব'ল জেটুলীপকা খাওঁ 
ব'ল এবাৰ
ৰজা হৈ চাওঁ ..

ব'ল ঢকুৱাত বহি
এবাৰ চুচৰি চাওঁ
ব'ল নাক চেপেটী বুলি
তৰাক জোকাই চাওঁ
ব'ল আমগছজোপাৰ আমবোৰ
সোপাই পাৰি খাওঁ ..

ব'ল এবাৰ
জুলুৰি জুপুৰি হৈ
টেঙাবলটো খেলো..
ব'ল গধূলি
খেদি ফুৰোগৈ
জাকে জাকে
জোনাকী পৰুৱা ..

ব'ল এবাৰ
শৈশৱ বিচাৰি যাওঁ ..
ব'ল এবাৰ
আকৌ ওলাই যাওঁ..

----শাওণ---

কজলা মেঘ আজি 
অজলা আকাশ .. 
সজল পথাৰত আজি 
বলীয়া বতাহ .. 
মনত আজি শাওণ ,
শাওণ যেন 
এজাক বৰষুণ..

এই লুকাই
এই জুমি চায় ..
বিজুলীৰো আজি
তৰণি নাই ..
কিমান আশা,
কিমান উলাহ
কিমান অভিমানেৰে
এই উমাল নিশা ..

সাৰে থাকিব
আজি টোপনি,
সাৰে থাকিব
এখন পথাৰ,
টোপনি যাব
জানো আকাশখনৰ!
এহাল তৰাও আজি
টোপনি নেযায়..

কিমান উলাহ
কিমান অভিমান
কজলা মেঘ আজি
অজলা আকাশ ..