Friday, 13 November 2015

.. শৰৎ . .

অভিমানৰ ওৰণি টানি
জোনটোৱে ঘূৰি চালে ..
দুৱৰিৰ বুকুত আজি 
নিয়ৰে টোপাল সিঁচে ..
পদুলিমুখত আকৌ শৰৎ ..
এয়া যে শৰৎ !!
শিহৰিত বতাহজাকে
শেৱালীৰ মালা গাঁঠে..
ঢিমিক ঢামাক
ক'ৰবাত আন্ধাৰত
এটা চাকি জ্বলে ..
পথাৰখন এতিয়া মুকলি
ধূসৰিত অতীত আৰু
সম্ভাৱনাৰ সাঁকোবোৰে
দোলা দিয়েহি তাত ...
চকামকা এটা বাট
দীঘল ..
জুখিব নোৱাৰা ..
আহিবা..
কথা পাতিম ..
এইয়া যে শৰৎ ..
বুকুত সপোনৰ
কাৰেং সজা
এয়া যে শৰৎ ..
অভিমানৰ ওৰণি গুচাই
এমুথি সপোন সিঁচা
এয়া যে শৰৎ ..
পদুলিমুখত আজি
আকৌ শৰৎ ..

সেন্দুৰ সনা সূৰুয আছে তাত....

সেন্দুৰ সনা সূৰুয
আছে তাত..
এবুকু জোনাকে
নাচে তাত ..
মৰমৰ তাগিদাত
বাট চাই
মনে মনে
অভিমানী অলেখ তৰাই..
মইও বহি ৰও
কাষতে সদায়..
চকামকা বাটবোৰ
কুৱলিত হেৰাই..
তাৰ পাছত অপেক্ষা
অপেক্ষা সূৰুযৰ
অপেক্ষা সপোনৰ
অপেক্ষা আশাৰ..
অপেক্ষাৰ অযুত প্ৰহৰ
যি পোৱা নাই কেতিযাও..
নকবা তাক
পোহৰৰ কথা..
উৰি যায়
কমুবা তুলা
মৰম..
মাথোন মৰম ৰৈ যায় ..
বুকুত সদায় ..
নকবা আনক..
সেন্দুৰ সনা সূৰুয
আছে তাত..

~~ আশা

সৌ কুৱলিৰ 
শুভ্র কোলাত
তুমি বহি ৰোৱা 
ৰঙা বেলি হৈ
কিমান দূৰত জানো
স্বপ্নীল পথৰ শেষত
বৈ আছে
সপোনৰ নৈ !!
তমসাৰ কোলাত বহি
আশাৰ সপোন ৰচা
সহজ আজিও নহয় ..
তথাপি কিয় আজি
পোহৰে ৰিঙিয়াই মাতে
তোমাৰ দুচকুত
আশা হৈ...
বৈ থাকে সপোনৰ নৈ ...
সপোন আছে বাবেই
জ্বলি থাকে লাহে লাহে
আকাংক্ষাৰ অলেখ চাকি
এখোজ দোখোজকৈ
আশাই হাত মেলে
ৰৈ থাকে হেপাহৰ বেলি ..
আকাশ হ'ব যে মুকলি ..
সৌ কুৱলিৰ
শুভ্র কোলাত
তুমি বহি ৰোৱা
ৰঙা বেলি হৈ
মই আগুৱাও
দুহাতেৰে চুই চাওঁ
বৈ থাকে
সপোনৰ নৈ !!
তোমাৰ দুচকুত
আশা হৈ...

..সময় ..

দিগভ্রান্ত বতাহ 
উজাগৰী আকাশ
কাৰ চকুত জ্বলে 
ইমান জোনাক..
সুধি চাওঁ..
আজি কিয়
নিমাত সময় ..
নিমাত চোতালৰ শেৱালীজোপাও
ফুল সিঁচে
নিয়ৰৰ দলিচা পাৰে
এজাক তৰা
আকাশত এনেকৈ জিলিকে
কিন্তু কিয় ?
কাৰ বাবে ?
নিমাত সময় ..
সময় মাথো
পাৰ হয়
বিনিময় নিবিচাৰে একোৰে
ঠিক যেন ভালপোৱা
সুধি চাওঁ ..
কাৰ বাবে
এই ভালপোৱা ?
নিমাত সময় ..

Monday, 10 August 2015

~~ভালপোৱা .. ~~

আকাশৰ টুকুৰাত 
নেথাকে ভালপোৱা ..
জোনাকী সপোনবোৰও 
তেনেই আলসুৱা ..
ইমান সহজ নহয়
বিচাৰি পোৱা !!
ভালপোৱাৰ সঁচা ঠিকনা..
পৰি ৰোৱা
এটা মলিয়ন চোলা
আধা অঁকা সপোনৰ
কিমান জকা ...
নোপোৱাৰ ওলমা দলং
বেদনাৰ এখন নৈ ..
পাৰ হ'বা জানো!!
সিপাৰে বহি থাকে
সঁচা ভালপোৱা ...
শূণ্য আকাশত
ওলমি থকা
এটা সুখৰ তৰা
পথবোৰ কিয় জানো
আন্ধাৰে আৱৰা !!
পাৰ হ'বা জানো!!
সিপাৰে বহি থাকে
সঁচা ভালপোৱা ...
আকাশৰ টুকুৰাত
নেথাকে ভালপোৱা ..
জোনাকী সপোনবোৰও
তেনেই আলসুৱা ..
ইমান সহজ নহয়
বিচাৰি পোৱা !!
ভালপোৱাৰ সঁচা ঠিকনা.

~~জীৱন জোনাকৰ কবিতা ~~

জীৱন জোনাকৰ কবিতা ..
সৰি পৰা আশাবোৰ
জীৱনে বোটলে.. 
মলিয়ন চোলাবোৰ
জীৱনে সাবতে ..
ভালপায় জীৱনে
স্বপ্নীল এখন আকাশ ..
এখন আকাশ
থাকে সদায় ..
তাৰ ৰঙবোৰ
কেতিয়াবা নীলা,
কেতিয়াবা ক'লা ..
জীৱনে ৰং সানে
সুখৰ সপোন সাজে..
ধুমুহাত হেৰুৱাই
আশাৰ অলেখ চিলা..
থাকি যায়
তথাপি সপোন
মাথোন সপোন ..
সপোননো কি কোৱা !!
জীৱনে শুনোৱা
এটা জীয়া কবিতা ...
জীৱন জোনাকৰ কবিতা ..

~~তথাপি মানুহ ..~~~

সমাধিত পৰি ৰয় 
শুকান গোলাপৰ পাহি
সপোনে হাঁহি থাকে 
আকাশ বিয়পি ..
নোপোৱাৰ সীমনাতো
হেৰাই শেষ নহয় আশা
শেষ নহয় মানুহ..
মানুহ...
তথাপি মানুহ ..
আকাংক্ষাৰ বুৰঞ্জীত
মানুহ মাটি হয়
সাজি লয় একোটা
বেদনাৰ পকীঘৰ ..
আন্ধাৰত ক'লা হয়,
দুঃখবোৰে ঢাকি থয় ..
তথাপি শেষ
নহয় মানুহ..
মানুহ...
তথাপি মানুহ ..
উশাহত থাকে
জীৱনৰ কিমান আকাংক্ষা
নিৰ্ব্বাপিত সুৰুজত
সাৰ পাই আশাই
আশাবোৰ সাচি
বাট চাই সিহঁতে ..
সিহঁত যে মানুহ ..
মানুহ..
তথাপি মানুহ ..
মানুহ হেৰাই,
মানুহ লুকাই
মানুহে মানুহক দিয়ে
বেদনাৰ কবৰ ..
তাতো ৰৈ যায়
এমুঠি মানুহ..
মানুহ..
তথাপি মানুহ ..