Thursday, 7 February 2013

তাক জীয়াই থাকিবলৈ দিয়া
তোমাকতো আমনি 
কৰা নাই ...
যন্ত্রৰ দৰে সি 
তোমাৰ কথা নামানে 

নামানে নাই ...
তথাপি তাক 
জীয়াই থাকিবলে দিয়া...

তাক হত্যা কৰি
তুমি একো নোপোৱা
নাবাঢ়ে তোমাৰ একাউণ্টত
শূণ্যবোৰৰ শাৰী ...

তাক উমলিবলৈ
যদি জোনাক ভৰা
আকাশ এখন লাগে
তোমাৰ কি ক্ষতি হয়...

সি যদি বাৰিষাৰ
প্রথমজাক বৰষুণত
তিতি জুলুৰি জুপুৰি হয়
তোমাৰ কি ক্ষতি হয়...

ক্ষতি হলেও হওক
তাক জীয়াই থাকিবলৈ দিয়া
সি দি যাব তোমাক
জীয়াই থকাৰ অযাপিত আমেজ...

আকৌ এবাৰ ভাবি চাবা ...
জীয়াই থাকিবলৈ দিয়া হৃদয়খনক
তোমাৰ ভিতৰত
তোমাৰ দৰেই...
বহু দিন হল
সুহুৰিত দিনবোৰ 
শেষ হোৱাৰ...

বহু দিন হল
ভিৰৰ মাজত 
হেৰাই যোৱাৰ...

বহু দিন হল
অৰ্থহীন যাত্রাৰ 
পথিক হোৱাৰ...

বহু দিনেই হল
এমুঠি চানাকে
ভগাই খোৱাৰ...

সঁচাকৈ ...
বহু দিন হল
মুকলি আকাশৰ
স্বাধীন পখীক
নিজৰ সতে
ৰিজাই চোৱাৰ...

চহৰখনৰো হেনো কেতিয়াবা আমনি লাগে..

ধূলিৰ আলোৱানখন সাৱতি 
যেতিয়া দিনতোৱে মেলানি মাগে ... 
ভাগৰুৱা মানুহবোৰ 
যেতিয়া ঘৰমূৱা হয়... 
ৰঙচুৱা আকাশখনে যেতিয়া
পোহৰৰ শেষ কণিকাতো দলিয়াই 
আন্ধাৰৰ বুকুত সোমাই পৰে 
ঠিকনাবিহীন মানুহবোৰৰ লগত
পথৰ দাতিতে বহি পৰে চহৰখন ...

নোপোৱাবোৰৰ মাজত
পোৱাৰ ঠিকনা বিচাৰি
আমনি লাগে তাৰ ...

আমনি লাগে...
চহৰখনৰো হেনো কেতিয়াবা
আমনি লাগে...

Saturday, 5 January 2013



কেতিয়াবা ভাবো ...
জোনৰ বুকুখন শুকান কিয়?
সি দেখোন হাঁহি মাতি 
মোৰ সতে কথা পাতে 
বহুত কথা...
সেঁতা মুখখনত উজ্জল হাঁহিতো 
তেতিয়াওঁ ওলমি থাকে ...

সি দেখোন উদাসীন নহয় ...
জীৱনবোধেৰে উদ্দ্বীপ্ত 
তাৰ চেতনা ...
মৰমী ধৰাৰ চাৰিওফালে
সি দৌৰি ফুৰে
পাগল প্রেমিক হৈ...

মোৰ অবান্তৰ প্রশ্নবোৰত
ব্যতিব্যস্ত হৈ ...
সি ডাৱৰৰ সিপাৰে হেৰায়...
গোটেই ৰাতি খেলে
লুকা ভাকু...

তাৰ মৰমৰ পোহৰে
ধৰাখন উজলাই তোলে...
উজলাই তোলে শান্ত পজাঁবোৰ...

কেতিয়াবা ভাবো ...
জোনৰ বুকুখন শুকান কিয়

Monday, 31 December 2012

জ্বলি ছাই হোবাৰ আগতে

জ্বলি ছাই হোবাৰ আগতে 
জীয়াই থাকিম এদিন...
তোৰ শপত ... 

শুনাই যাম গছৰ 
প্রতিখিলা পাতক 
মানুহ হোৱাৰ 
অলেখ অব্যক্ত কাহিনী ...
সিহঁতে আমনি পাব নেকী ?
পালেও পাওঁক ...

জীয়াই থাকিম এদিন..
উশাহ লম
মুকলি আকাশৰ তলত
ফৰকাল যেন লাগিব
নহয় নে?

একো দুঃখ নাথাকিব ...
নাথাকিব মায়াৰ শিকলি ...
মনতোক এতিয়াও বুজনি দিওঁ ...

জ্বলি ছাই হোবাৰ আগতে
জীয়াই থাকিম এদিন...

Monday, 24 December 2012

সাধুকথা নকবা ...
নুশুনাবা ৰজা ৰাণীৰ কথা ...
কথাবোৰ কিতাপতে 
সুখেৰে থাকক ...
সুখেৰে থাকক ৰজা ৰাণীবোৰ 
দিঠক পৃথিবীত হতাশ হৈ 
পৰিব পাৰে সিহঁত ...

সকলো কাহিনীৰে শেষ 
হয় জানো আনন্দত ?
নহয় কিজানি ...

ৰাজপথৰ পোহৰৰ হালধীয়াত
যেতিয়া সেতা মানুহবোৰে
আধাপেটীকে টোপনি যোৱাৰ
অপচেষ্টা কৰে ...
চহৰখনৰ আত্মকেন্দ্রীকতাত
হতাশ হৈ পৰিব সিহঁত...

সুখেৰে থাকক ৰজা ৰাণীবোৰ
দিঠক পৃথিবীত হতাশ হৈ
পৰিব পাৰে সিহঁত ...

মানুহৰ ভোকৰ কাহিনীত
কোনো নতুনত্ব নাই
ভোকৰ কাহিনীবোৰ
নুশুনাবা ...
বুকুত বেদনা বান্ধি
এতিয়াও শুই আছে
অলেখ মানুহ ...
নাৰিকলৰ কোঁৰোকাত
আবদ্ধ হৈ আছে আশা ...

সাধুকথা নকবা ...
নুশুনাবা ৰজা ৰাণীৰ কথা ...
কথাবোৰ কিতাপতে
সুখেৰে থাকক ...

Tuesday, 18 December 2012

স্মৄতি

স্মৄতিৰ কথা নকবা...
তাইক মই ভাল নাপাওঁ
তাইৰ নীলা ছুৱেটাৰটোও...
ওঁহো... 
তাকো ভাল নাপাওঁ...

শীতৰ নিশাবোৰৰ দৰে 
নিঃশব্দে আঘাট দিয়ে তাই...
মই কুৱলীৰ মাজত লুকাই থাকো 
মায়াময় ৰাতিতো বুকুত বান্ধি ...
আৰু তাই মোক খেদি ফুৰে
বাউলীজনী হৈ...

কলা আকাশখনৰো
জোনবাইটো কঢ়িয়াই
আমনি লাগে কিজানি
তেতিয়া ...
যেতিয়া তাই মোৰ
কাণে কাণে কয়

"শুভৰাত্রি"