Thursday, 23 May 2013

অহ:জীৱন ..

তোৰ মায়াত 
আচন্ন মই ...
আজিও..
অহ:জীৱন .. 

তই যে
উপহাৰত দিছিলি
উৰুঙা আবেলিতো ..
আজিকালি তাৰ সতে
মোৰ অবাধ মিতিৰালি ...

তোক কেলেই
ইমান ভাল পাওঁ
নাজানো ...
নাজানো তোৰ বাটত
কিয় ৰুই থও
হেপাহৰ কৃষ্ণচূড়া ...

তই চতিয়াই দিয়া
কলা আন্ধাৰবোৰো..
মই জোনাকৰ সতে
ভগাই ললো...

এতিয়াও মই
বহি ৰওঁ ..
এমোকোৰা হাঁহিৰে ..

জানো এদিন
আহিবি তই...

দু:খৰ ব্যাকৰণ
আওৰাই মই তেতিয়াও
বহি থাকিম তোৰ
অপেক্ষাত ...
মোৰ চকুত তেতিয়াও
থাকিব জোনাক...
আজিৰ দৰেই...

জানো এদিন
আহিবি তই...

তোৰ মায়াত
আচন্ন মই ...
আজিও..

অহ:জীৱন ..

Tuesday, 21 May 2013

সন্ধাটোৱে প্ৰায়েই
ওফোন্দ পাতে ...
তাৰ লগত 
কথা নপতাৰ বাবে ...

কথা পতাত 
আপত্তি নাই ..
তথাপি ...
পলাই ফুৰো 
কেলেই কব নোৱাৰো.. 
চকু মুদি
ভাবি লও ..
মোক সি
দেখা নাই ...

তাৰ প্ৰশ্নবোৰৰ
উত্তৰ নাই ..
অপ্ৰস্তুত মই ..
অসহায়..
নিৰৱতাৰ বাহিৰে
উপহাৰ দিব পৰাকৈ
একো নাই ..
উপহাৰত জানো
সোমাই থাকে মৰম..

ডাৱৰৰ লুকা ভাকুবোৰ
চাই যেতিয়া
আপোন পাহৰা হওঁ..
সি টোপনি যায়..
নিশাৰ চাদৰখন চতিয়াই
বহি ৰওঁ মই..

এতিয়াও আন্ধাৰ
আতৰিবলৈ অলেখ প্ৰহৰ ...

Sunday, 12 May 2013

এজাক সৰ্ব্বহাৰা বৰষুণে
সিক্ত কৰে গধূলিটো ..

বৰষুণজাক আজি
অবাধ্য,অস্থিৰ..
ঠিকনা হেৰুওৱা 
মানুহৰ দৰে ..
সংহতিহীন...

তথাপি হৃদয়ৰ তাগিদাত
সজীৱ কৰে
শুকান পৃথিৱীৰ
ধূলিৰ টুকুৰা ..
নি:স্বাৰ্থ প্ৰেমিকৰ দৰেই
নি:স্বাৰ্থভাৱে ...

ভেদাভেদ নাজানে
টোপালবোৰে ...
আপোনাৰ,মোৰ
চকুৰ পতাত
মৰম আঁকি যায় ..
একো ঘুৰাই নোলোৱাৰ
প্ৰতিশ্ৰুতিৰে ...

প্ৰেমিক নেকী বাৰু
সচাকৈ বৰষুণজাক?
আবেগৰ ধুমুহাত
বৈ আহে..
হৃদয় ভগাৰ
অজুহা লৈ..

আঁকি থৈ
মাটিৰ বুকুত
প্ৰথম প্ৰেমৰ
প্ৰথমটো কবিতা..

আকৌ নামিছে ...
এজাক সৰ্ব্বহাৰা বৰষুণ
এজাক আবেগৰ বৰষুণ

বৰষুণৰ টোপালবোৰ
নামি আহে আজিও..
দুচকুৰ পানীবোৰক
মোহাৰি যাব পৰাকৈ..

বৰষুণজাকে বুজি নাপায়
হেৰুৱাৰ বেদনা...
বুজি নাপায়..
হৃদয়ৰ ঠিকনা নথকা মানুহৰো
কিয় এখন হৃদয় থাকে ?

বৰষুণজাকে হইতো নাজানে
বুকুত ৰৈ যোৱা ঘা
লুণীয়া পানী হৈ বয় ...
মৰম চেনেহবোৰ
এদিন বুকুত বেদনা হয়...
হেৰাই যায় মানুহ
কিস্তি কিস্তিকৈ
নিজৰ বুকুতে...
ঠিকনাবিহীন হৈ ...

একো বুজি নাপায় ..
বৰষুণজাকে একো
বুজি নাপায়...

তথাপি মোহাৰি যায়
বুকুৰ বেদনা ...
কাণে কাণে
কৈ যায় ...
জীৱন আজিও আপোন..

নি:স্বাৰ্থ বন্ধুৰ দৰে...
দি যায়
এটা শান্ত পুৱাৰ প্ৰ্তিশ্ৰুতি..

বৰষুণৰ টোপালবোৰ
নামি আহে আজিও..
দুচকুৰ পানীবোৰক
মোহাৰি যাব পৰাকৈ..

প্রেমিক আপুনি ...

কোনে কয় প্রাপ্তিত
প্রেম থাকে বুলি...

কাৰোবাৰ প্রাপ্তিত যেতিয়া
উজলি উঠে আপুনি ...
নিজৰ খালী পকেটত 
এতিয়াও যেতিয়া
কঢ়িয়াই ফুৰে
আনৰ সুখৰ ঠিকনা ... 

মনত ৰাখিব
প্রেমিক আপুনি ...

জীয়াই থকাৰ
হেতা ওপৰাত
অভ্যস্ত মানুহ ...
একাকী জীৱন ..
তথাপিও শূণ্যতাত
আজিও লুকাই আছে
জীৱনৰ সংজ্ঞা ...

সকলো হেৰুৱাই যদি
হাঁহিব পাৰে আপুনি ...
চকুৰ পানী মোহাৰি
আগুৱাব পাৰে
যদি আপুনি ...
মনত ৰাখিব
প্রেমিক আপুনি ...

এদিন শূণ্যত
হেৰাই যাব জীৱন ..
হেৰাই যাব পাৰে
সপোন....
আনৰ সপোনবোৰ
জোৰা দি ভাল পাই
যদি আপুনি ...
মৰম চতিয়াই
আপোন পাহৰা
হয় যদি আপুনি ...
মনত ৰাখিব
প্রেমিক আপুনি ...

অকল প্রাপ্তিত
প্ৰেম নাথাকে
নাথাকে হতাশাতো ...
ক্লান্ত আকাশত যদি
এতিয়াও আশা
দেখে আপুনি ...
দু:খবোৰক আজিও যদি
উপলুঙা কৰে আপুনি ...

মনত ৰাখিব
প্রেমিক আপুনি ...

Monday, 29 April 2013

জীৱন কি?

জীৱন কি?

সৰাপাতত সজীৱতা 
বিচৰাৰ প্ৰ্তিযোগিতা...
এখন সৰ্বস্ৰান্ত হৃদয়...
নে প্ৰাপ্তিৰ মাজত
লুকাই থকা
অন্তহীন নিৰৱতা...

জীৱনৰ অৰ্থ বিচাৰি
চহৰৰ অট্টালিকা
বগাব নেলাগে...
নেলাগে কলা
চচমাৰ মৰীচিকা...
অন্তহীন অপেক্ষা
হব পাৰে ঠিকনা
কাৰোবাৰ...

মানুহ অকলশৰীয়া
মানুহৰ চেতনাও..
যি জাক সতেজ বতাহে
ধুই নিয়ে বেজাৰবোৰ
সেই বতাহ জাকো
অকলশৰীয়া...

নতুন শইচে
কঢ়িয়াই আনে
জীৱনৰ বতৰা..
বোকা মাটিত উশাহ
লয় সি..
শিশুৰ অবোধ হাঁহিত
লুকা ভাকু খেলে..
বুকুত লুকাই ৰাখে
শইচৰ সেউজীয়া ...

জীৱন কি?

নাজানো মই..
মাথো যাপন কৰো
সপোনৰ দৌল বান্ধি
অন্তহীন বিষ্ময় আৰু
অপলক নয়নেৰে .....

Sunday, 14 April 2013

অচিনাকীতো নহয়

ধৰাহওঁক মোক 
চিনি পাই আপুনি...

এই একেই পৃথিৱীৰ
বাসিন্দা হোৱাৰ অজুহাত...
একেই বতাহ আৰু
একেই পানীৰ শীতলতা
উপভোগ কৰাৰ অজুহাত...
প্রাপ্তি-অপ্রাপ্তিৰ দোমোজাত
ওলমি ৰোৱাৰ অজুহাত...

ধৰাহওঁক মোক
চিনি পাই আপুনি...

আপোনাক কুলিৰ মাতে
যদি আমনি কৰে ...
আপোনাৰ চকুযুৰি যদি
এতিয়াও আবেগে সিক্ত কৰে
উচ্চল হাঁহিবোৰত যদি
আজিও নিজৰ ঠিকনা বিচাৰি
হাহাকাৰ কৰে আপুনি ...

তেনেহলে আপুনি মোৰ
পুৰণি চিনাকী ...

তিনিআলিৰ আদ্দাবোৰত
আপুনি নিজক বিচাৰি
ফুৰে নেকী...
আপোনাৰ বন্ধুবোৰক?
আপুনি হইতো মোক
লগ পাইছে ...
আমিবোৰ প্রায় একেই...
জীৱনৰ পিছে পিছে
দৌৰি ফুৰো ...
তাৰ অৰ্থ বিচাৰি ...
অনাহক আহুকাল কৰি ...

মোক চিনি পাই
চাগে আপুনি...
অচিনাকীতো নহয় আমি ...