Tuesday, 9 July 2013

এই যে একেলগে থাকো আমি ..

এই যে একেলগে 
থাকো আমি ..
বোকোচাত বান্ধি
হেপাহৰ হাঁহি ..
এই বতাহজাকে যে
চুই যায় আমাক ..
বৰষুণৰ টোপালবোৰে 
ধুই নিয়ে 
ডাৱৰ বিষাদৰ ..
এইয়াই সুখ ,
মায়া জীৱনৰ..

পখীৰ মাতত
সাৰ পাই
সাদৰি পুৱাই..
সপোনবোৰ দৌৰি ফুৰে
নিজৰ কক্ষত..
গতিশীল পৃথিৱীৰ
প্ৰতিটো প্ৰহৰ..
বিৰামহীন,নিদ্ৰাহীন..
এইয়া যে সময়..
জীয়াই থকাৰ হাবিয়াসে
পাখি মেলে যত..

এই যে ৰঙা সূতাবোৰ..
বিচাৰি ফুৰো যত
অদৃশ্য ঈশ্বৰ ..
এই দু:খবোৰ ..
ভালপোৱা-বেয়াপোৱাবোৰ..
ভিৰ কৰা চিন্তাবোৰ..
এইবোৰেই কঢ়িয়াই
ৰং জীৱনৰ..
যাক সানি লওঁ আমি
ক্লান্ত মুখত..
প্ৰত্যয় আৰু প্ৰতিশ্ৰুতিৰে..

প্ৰতিটো ক্ষণেই
ধেমালী কৰে,
আমাৰ সতে..
জোকাই আমাক
অবুজ ভাষাৰে..

এইযে ক্ষণবোৰ..
জোৰা লগাই,
সুখী হও আমি..
সুখ বিচাৰিব
জানো দেখোন আমি...
জীৱনৰ ব্যাকৰণ আওৰাই,আওৰাই..

এইযে একেলগে
থাকো আমি ..
বোকোচাত বান্ধি
হেপাহৰ হাঁহি ..

Sunday, 30 June 2013

সপোন ...

কেতিয়াবা টুকুৰা হৈ
ভাগে সপোন ...
তেজৰ চেকুৰা হৈ
গোট মাৰে
বুকুৰ মাজত ..

আকৌ তুলি লও
সিহঁতক মাটিৰ পৰা..
প্ৰৱল অনুৰাগেৰে..
জোৰা লগাও..
মৰমেৰে ...

সপোনবোৰ যে মোৰ..
লাগিলে হওক
ভগা চিগা..
হওক অকলশৰীয়া...
নাইবা অসফল...

মই সপোন দেখো..
মোৰ সপোনে
পাখি মেলে..
উৰি যায় ..
নীল আকাশ ভেদি..

আশাহত হৈ
পৰি যোৱাৰ ভয়ত
সিহঁত বিতত নহয়..
সিহঁতে জানে..
মই সিহঁতক
জোৰা লগাই
আকৌ মেলি দিম..

সিহঁত আছে
কাৰণ ...
মই আছো..

মই আছো..
কাৰণ ...
সিহঁত আছে..

সিহঁতে কঢ়িয়াই ফুৰে
মোৰেই ঠিকনা...
আৰু মই ?

সিহঁতক...

Wednesday, 26 June 2013

আছেনে পোহৰ ?

নাজানো কমোৱা 
তূলাৰ দৰে 
কিয় উৰে ...
স্বপ্নৰ ৰঙীন পক্ষী..

কাৰ উচতনিত 
সাৰ পাই উঠে 
সুপ্ত সপোন..

নিৰৱতাৰ অতল 
গহ্বৰৰ পৰা 
কিয় জুমি চাও
বাৰে বাৰে ...
হল নেকি পোহৰ?

ভবাতো নাই 
মিতিৰালি কৰিম 
পোহৰৰ লগত !

আন্ধাৰ নিশাবোৰে
আমনি কৰা নাছিল..
আন্ধাৰত আবেগ আছে ..
আবেশ আছে ..
আছে এধানমান নিৰৱতা..

নাজানো কাৰ 
উচতনিত... 
সাৰ পাই উঠে 
ইমান জোনাকে ... 

নাজানো কাৰ 
উচতনিত... 
ৰিঙিয়াই মাতে 
মিঠা সপোনে.. 
ইমান প্ৰত্যাশা 
ইমান পোহৰ 
সহ্য নহয় ...

নাজানো তথাপি
কিয় জুমি চাও
বাৰে বাৰে ...

বাহিৰত আছেনে পোহৰ ?

Friday, 21 June 2013

নীল আকাশত
আবীৰ সানি..
উজলি উঠে
পুৱাৰ সূৰুয..

এখন নীলা আকাশে
তেতিয়াও আপেক্ষা কৰে..
শুকুলা ডাৱৰৰ লগত
মনৰ কথা পাতিবলৈ ..
বতাহজাকে সুহুৰিয়াই
কৈ যায় ..
কিয় ইমান ধুনীয়া..
কিয় ইমান সতেজ ..
এই পৃথিৱীৰ
প্রতিটো পুৱা..

দিনবোৰ তেনেকুৱাই..
স্বপ্নাতুৰ,আবেগবিহ্বল ...
কঢ়িয়াই ফুৰে...
ৰদৰ তাপ ..
কোমল পোহৰ...

ধূলিৰে ধূসৰিত
হোৱাৰ পিছতো
চতিয়াই যায়..
সন্ধাৰ হেঙুল..

আন্ধাৰৰ আৱেশে
কিন্তু ম্লান নকৰে
পুৱাৰ হেপাহ ..
যাত্রাৰটো এটা
সমাপ্তি থাকে ...
অন্তহীন হয়
জানো যাত্রা ?

জীৱন এক
আজন্ম যাত্রা..
পুৱাৰ সুৰুযৰ
দৰেই চঞ্ছল...
আবেলিৰ বেলিৰ
দৰেই স্থবিৰ....

Thursday, 23 May 2013

অহ:জীৱন ..

তোৰ মায়াত 
আচন্ন মই ...
আজিও..
অহ:জীৱন .. 

তই যে
উপহাৰত দিছিলি
উৰুঙা আবেলিতো ..
আজিকালি তাৰ সতে
মোৰ অবাধ মিতিৰালি ...

তোক কেলেই
ইমান ভাল পাওঁ
নাজানো ...
নাজানো তোৰ বাটত
কিয় ৰুই থও
হেপাহৰ কৃষ্ণচূড়া ...

তই চতিয়াই দিয়া
কলা আন্ধাৰবোৰো..
মই জোনাকৰ সতে
ভগাই ললো...

এতিয়াও মই
বহি ৰওঁ ..
এমোকোৰা হাঁহিৰে ..

জানো এদিন
আহিবি তই...

দু:খৰ ব্যাকৰণ
আওৰাই মই তেতিয়াও
বহি থাকিম তোৰ
অপেক্ষাত ...
মোৰ চকুত তেতিয়াও
থাকিব জোনাক...
আজিৰ দৰেই...

জানো এদিন
আহিবি তই...

তোৰ মায়াত
আচন্ন মই ...
আজিও..

অহ:জীৱন ..

Tuesday, 21 May 2013

সন্ধাটোৱে প্ৰায়েই
ওফোন্দ পাতে ...
তাৰ লগত 
কথা নপতাৰ বাবে ...

কথা পতাত 
আপত্তি নাই ..
তথাপি ...
পলাই ফুৰো 
কেলেই কব নোৱাৰো.. 
চকু মুদি
ভাবি লও ..
মোক সি
দেখা নাই ...

তাৰ প্ৰশ্নবোৰৰ
উত্তৰ নাই ..
অপ্ৰস্তুত মই ..
অসহায়..
নিৰৱতাৰ বাহিৰে
উপহাৰ দিব পৰাকৈ
একো নাই ..
উপহাৰত জানো
সোমাই থাকে মৰম..

ডাৱৰৰ লুকা ভাকুবোৰ
চাই যেতিয়া
আপোন পাহৰা হওঁ..
সি টোপনি যায়..
নিশাৰ চাদৰখন চতিয়াই
বহি ৰওঁ মই..

এতিয়াও আন্ধাৰ
আতৰিবলৈ অলেখ প্ৰহৰ ...

Sunday, 12 May 2013

এজাক সৰ্ব্বহাৰা বৰষুণে
সিক্ত কৰে গধূলিটো ..

বৰষুণজাক আজি
অবাধ্য,অস্থিৰ..
ঠিকনা হেৰুওৱা 
মানুহৰ দৰে ..
সংহতিহীন...

তথাপি হৃদয়ৰ তাগিদাত
সজীৱ কৰে
শুকান পৃথিৱীৰ
ধূলিৰ টুকুৰা ..
নি:স্বাৰ্থ প্ৰেমিকৰ দৰেই
নি:স্বাৰ্থভাৱে ...

ভেদাভেদ নাজানে
টোপালবোৰে ...
আপোনাৰ,মোৰ
চকুৰ পতাত
মৰম আঁকি যায় ..
একো ঘুৰাই নোলোৱাৰ
প্ৰতিশ্ৰুতিৰে ...

প্ৰেমিক নেকী বাৰু
সচাকৈ বৰষুণজাক?
আবেগৰ ধুমুহাত
বৈ আহে..
হৃদয় ভগাৰ
অজুহা লৈ..

আঁকি থৈ
মাটিৰ বুকুত
প্ৰথম প্ৰেমৰ
প্ৰথমটো কবিতা..

আকৌ নামিছে ...
এজাক সৰ্ব্বহাৰা বৰষুণ
এজাক আবেগৰ বৰষুণ