Monday, 30 December 2013

সুধিম আজি..

কুৱলীয়ে ঢকা 
পথটোৱে হেনো 
কৈ যাব মোক 
তাৰ কথা, 
সঁচা কথা ..
সঁচা জানো ? 

মোৰ বাবে সি 
অচিন জগতৰ
অবোধ্য অতিথি ... 
পূৱাবোৰ মায়াময়
হৈ পৰে
তাৰ আগমণত..
এঙামুৰি দি
ৰঙীন হয়
মায়াবী আকাশ ..
নাজানো কুৱলীৰ
আলোৱানখন লৈ
কিয় সি
মোৰ পদূলিত
শেৱালি বোটলে
প্রতিটো পূৱা ..
তাৰ ৰূপোৱালী হাঁহিত
ৰ'দবোৰো লাজতে লুকাই

মই ভাবো,
সি প্রেমত পৰে
তেজাল পূৱাৰ..
হয় জানো ?
কাক ভাল পায় সি ?
কাৰ অপেক্ষাত সি
নিয়ৰ চতিয়াই ...
শেৱালীৰ সৰা ফুলবোৰক
নে লাজুকী ৰ'দক?
সুধিম আজি..

সি হেনো
কৈ যাব
মনৰ কথা ,
সঁচা কথা ..
সঁচা জানো ?

সুধিম আজি..

সপোন ক'ত থাকে

অকণমানি হাত দুখনত
এখামোচা বালি 
আছিল তাইৰ ..
কেঁকোৰা চুলিত 
লুকা ভাকু খেলি
আছিল বেলিটোৱে .. 
মোক সুধিছিল তাই 
সপোন ক'ত থাকে 
মনত নে আকাশত ?
এই যে ডাৱৰবোৰ 
সিহঁতে বোকোচাত তুলি
লৈ ফুৰে
নেকি উলাহত?
গধুৰ নে সিহঁত
তুমি বাৰু পাৰানে
সপোন কঢ়িয়াব?

উত্তৰবোৰ বেলিটোৰ দৰে
হেৰাইছিল তেতিয়া
মই হেৰাইছিলো
নিজৰ মাজত
কওঁ কেনেকৈ
দুঃখৰ নৈখন
পাৰ হৈ
কিমান দূৰ
আগুৱাব লাগে
সপোন খেদিবলৈ
সপোনবোৰ কিমান গধুৰ
কিমান হেৰুৱায় মানুহে
নিজে নজনাকৈ ...

মুঠিৰ বালিবোৰ
শেষ হৈছিল তাইৰ
মই ক'লো
সপোনবোৰ তাইৰ
এদিন চুব পাৰিব
দুহাত মেলি
তেতিয়ালৈ সিহঁত
সুখেৰে থাকক
ডাৱৰৰ আৰত ...

তাইৰ বাবে
আকাশখন এতিয়া আপোন
মোৰ বাবেও..
হেপাহৰ সপোনবোৰ
ওমলে যে তাত ...

এজাক উৰুঙা ভোক..

শীতৰ শেতেলীত 
তাৰ অপেক্ষাত 
ৰৈ থাকে 
এজাক উৰুঙা ভোক.. 
সুলভ একো নহয় 
দুহাতত দৰিদ্রতাৰ আঁচোৰ 
দুচকুত ভাগৰৰ টহল .. 
এইবাৰ খেতিও 
ভাল ন'হল ,
বাঢ়িব আৰু 
হেনো ডাৱৰ ...
আঁচনিৰ অৰ্থ
সি নুবুজে
তাৰ বাবে
সেইবোৰ উপহাস মাথো ..
আপুনি তাক
চিনি পাই,
মলিয়ন কাপোৰত
সাঁচি ৰাখে
কোমল হৃদয়
আপোনাৰ দুঃখবোৰত সি
আপোনাৰ সহচৰ
আৰু নিজৰবোৰত?
নিজৰবোৰত প্রায়েই নিসংগ ...
তাৰ সঁচা হাঁহিবোৰত
আপুনিও দুখীয়া
হৈ পৰে,
আপুনি হেৰুৱাৰ
আশংকাত ক্লান্ত
সি জীৱনৰ যুঁজত..
আপুনি প্রাপ্তিৰ পোহৰত
ডাৱৰ বিচাৰে
সি অপ্রাপ্তিৰ আন্ধাৰত
এমুঠি জোনাক ...
আপোনাৰ বাবে
ভাতৰ পাতবোৰ
ৰৈ থাকে
মানুহ বিচাৰি,
তাৰ বাবে
মানুহবোৰ ৰৈ থাকে
ভাত বিচাৰি..

সি হেনো দুখীয়া
আৰু আপুনি ?
আপুনি জানো ধনী ?
কেতিয়াবা বিলাই চাবচোন ,
এমুঠি সুখ ,ভাত
আৰু মৰম ...

অই মন

বতাহে জোকাই 
যাই চা ,
তোক আৰু মোক... 
অই ম'ন ,
ব'ল না 
সপোন এটা বিচাৰো ..
এটা ধুনীয়া সপোন ,
কোনেও নজনাকৈ ... 

কি ক'লি, 
আমনি লাগে তোৰ ?
মই আমনিহে
কৰিছো তোক!
মই মনে মনে
বহি থাকো যেতিয়া ,
তেতিয়াতো তোৰ কথাবোৰ
মনে মনে শুনো...
তই কি বিচাৰ
মই নাজানো!
ব'ল না
সপোন এটা বিচাৰো ..
দিনৰ পৃথিৱীত
তোৰ কথাবোৰতো
শুনিব নোৱাৰো সদায়,
তই দেখোন জানই...
এতিয়া মাথো তই
আৰু মই...
কোনেও নুশুনে আজি
আমাৰ কথা
ব'ল না
সপোন এটা বিচাৰো ..

তই কোৱাৰ দৰেই
শেষত সকলো
ভাল হ'ব
তই বুজুৱাৰ দৰেই
পাৰ হ'ম
আন্ধাৰ পাহাৰ
পাহাৰতোৰ সিফালে
মোলৈ বাট চাব
এবুকু আশাই
আশাবোৰ বুকুত
বান্ধি এদিন
সুখী হ'ম মই ...
ভাল লাগিছে
আৰু ক' না
কোনোবা আহিবই এতিয়া...

কি ক'লি ?
কালিলৈ ক'বি
নাপাহৰিবি কিন্তু !
কালিলৈ য'দি
মই মোৰ নিচিনা
হৈ থাকো
তোৰ কথা
আকৌ শুনিম,
তোৰ কাষলৈ
আকৌ আহিম ...

অই ম'ন ,
ব'ল না
সপোন এটা বিচাৰো ..

দুঃখ ক'ত ?

এচাটি ৰ'দ ,
অলপ বতাহ 
আৰু কজলা 
মেঘৰ চাঁয়া ... 
দুঃখ ক'ত ?
দুঃখ আজি অকলশৰীয়া .. 

দুঃখৰ পোচাক সোলোকাই
মই মোৰ আকাশত 
সজাওঁ নিতৌ 
নতুন সপোন,
সপোনৰ ৰামধেনু..
মই এতিয়া
সপোনৰ সদাগৰ
দুঃখ ক'ত ?
দুঃখ আজি অকলশৰীয়া ..

ক'লা আন্ধাৰ ফালি
পুৱাৰ কিৰণে
যেতিয়া চুমি যায়
এই ধৰাক,
পখীয়ে যেতিয়া
দুবাহু মেলি
সাৱতে নীলিম সীমনা
দুঃখ ক'ত তেতিয়া ?
দুঃখ তেতিয়াওচোন অকলশৰীয়া ..

মোক নুসুধিবা
দুঃখ কিয় তেনেকুৱা ?
কুৰুকি কুৰুকি
কৰে সি
হৃদয়বোৰ অবাবতে ফোপোলা ...
নিস্পাপ হাঁহিবোৰত
মই দেখোন
নেদেখো তাক,
আশাৰ সপোনতো নেদেখো !
ক'ত বা
পলাই সি ?
সি পলৰীয়া..
দুঃখ আজি ক'ত ?
লুকাল কিজানি আন্ধাৰত!
দুঃখ আজি অকলশৰীয়া ..

Saturday, 21 December 2013

সোধাই ন'হল

সোধাই ন'হল, 
বহুত কথা 
সোধাই ন'হল.. 
তুমি চুলি 
মেলি ভালপোৱা 
নে বেণী গাঁঠি?
আচলতে ভালকৈ 
চোৱাই ন'হল
মুৰ তুলি..
তোমাক দেখিলেই 
কিয় জানো ,
মাটিৰ সৰাপাতবোৰ
মিতিৰ হৈ পৰিছিল
তোমাক দেখিলেই
কিয় জানো
দূৰৰ চৰাইবোৰ
চিনাকী হৈ পৰিছিল
নিৰৱতাৰ বাঢ়নী পানীত
উতলিছিল এখন কলিজা ..

কি কৰিবা
সোধাই ন'হল নহয়
তুমি চকলেট
খোৱা নে আইচক্রীম
কেতিয়াবা ভাবিছিলো
গণিতৰ বহীতে
লিখি দিম
ভালপোৱাৰ সমীকৰণ
খোজাই ন'হল বহীখন
বহীখন যে তেতিয়া
খোজাই ন'হল..

কেতিয়াবা এতিয়াও যাওঁ
চিনাকী গছজোপাৰ তলতে
এবাৰ বহি চাওঁ
সজীৱ হৈ
পৰে অতীত ,
সজীৱ হৈ
পৰে সময় আৰু
সজীৱ হৈ পৰা
তুমিওঁ ...

সোধাই ন'হল
বহুত কথা
সোধাই ন'হল..

সঁচা জানো ?

কুৱলীয়ে ঢকা 
পথটোৱে হেনো 
কৈ যাব মোক 
তাৰ কথা, 
সঁচা কথা ..
সঁচা জানো ? 

মোৰ বাবে সি 
অচিন জগতৰ
অবোধ্য অতিথি ... 
পূৱাবোৰ মায়াময়
হৈ পৰে
তাৰ আগমণত..
এঙামুৰি দি
ৰঙীন হয়
মায়াবী আকাশ ..
নাজানো কুৱলীৰ
আলোৱানখন লৈ
কিয় সি
মোৰ পদূলিত
শেৱালি বোটলে
প্রতিটো পূৱা ..
তাৰ ৰূপোৱালী হাঁহিত
ৰ'দবোৰো লাজতে লুকাই

মই ভাবো,
সি প্রেমত পৰে
তেজাল পূৱাৰ..
হয় জানো ?
কাক ভাল পায় সি ?
কাৰ অপেক্ষাত সি
নিয়ৰ চতিয়াই ...
শেৱালীৰ সৰা ফুলবোৰক
নে লাজুকী ৰ'দক?
সুধিম আজি..

সি হেনো
কৈ যাব
মনৰ কথা ,
সঁচা কথা ..
সঁচা জানো ?

সুধিম আজি..