Friday, 31 January 2014

এখন আকাশ আঁকিম

এখন আকাশ আঁকিম, 
সজাম তাত এটা
মৰমৰ জোন .. 
অলপ তৰাও গোটাম 
এটা দুটাকে ..
সময় পালে 
হাতিপটিত লিখি ল'ম 
আপোনাৰ নাম ... 
মই জানো ,
আপোনাৰ আকাশৰ 
মই অজান তৰা ..
আপুনিটো ভাল নাপায়
জোনাকে ঢুকি নোপোৱা,
আন্ধাৰে পহৰা দিয়া,
শীতৰ নিশাহে ফুলা,
নিয়ৰৰ ফুল!!

মোৰ আকাশত
স্মৃতি হৈ
উজলিব আপুনি,
জ্বলাব আকৌ এবাৰ
হেপাহৰ জুই ..
মাথো অলপ সময়,
অলপ জোনাকৰ জিলমিল
আৰু অলপ বেদনা ..
এখন আকাশ আঁকিম!
সজাম তাত এটা
মৰমৰ জোন ...

হোজা মানুহবোৰ চহৰত নাথাকে

হোজা মানুহবোৰ 
চহৰত নাথাকে, 
চহৰত নাথাকে 
হেনো বিষাদৰ গান .. 

চহৰৰ মানুহবোৰ
ৰঙীণ পোহৰত
জিলিকি থাকে ,
মাতাল ৰাতিহে হেনো
সিহঁত সুখী হয় ,
দুঃখবোৰক নৰ্দমালৈ দলিয়াই
ধনেৰে আজুৰি আনে
মুঠিয়ে মুঠিয়ে সুখ ..
সিহঁতৰ হাঁহিত
ফেঁচাবোৰে সাৰ পাই,
গাড়ীৰ পোহৰত
হেৰাই কোমল জোনাক ..
সিহঁতে অবুজ ভাষাৰে
কথা পাতে,
চাৱনিত নাথাকে
বুকুৰ আবেগ..
সিহঁত কাৰো
প্রেমত নপৰে,
মৰমৰ নদীবোৰ ভেটি
সিহঁতে দোকান উজলাই
বেদনাবোৰৰ দালান সাজি
সিহঁত চহকী হয়,
পাথৰবোৰ হেনো
সিহঁতৰেই সন্তান ..

হোজা মানুহবোৰ
চহৰত নাথাকে,
চহৰত নাথাকে
হেনো বিষাদৰ গান ..

ফাগুণ

ফাগুণে কেলেই জানো 
কান্দিব নাজানে !! 
বিষাদৰ অৰণ্য ভাঙি 
সি আগুৱাই ,
মাথো আগুৱাই.. 
বলীয়া ফাগুণ, 
উদাস ফাগুণ,
চকুত ফাগুণ,
আজি বুকুত ফাগুণ..

ফাগুণৰ বিসন্নতাত
অস্থিৰ আজি
ক্লান্ত আকাশ
আৰু ক্লান্ত এটা
ধূলিয়ৰী সূৰুজ...
স্তব্ধতাতে গতিশীলতাই
পোখা মেলে ,
উদাসীনতাই বিশৃংখল কৰে
মসৃণ জীৱন ..
নিৰৱতাৰ অৰণ্য সাৱতি
বহি থকা
মানুহবোৰক সোধা ,
স্মৃতিৰ সৰাপাত বুটলিবলৈ
ৰৈ থাকে কিয়
ফাগুণলৈ বাট চাই ...
ফাগুণ হেনো
মিতিৰ সিহঁতৰ!

শুকান মাটিৰ লগত
ফাগুণে উৰুৱাই নিয়ে
শুকান বেদনা,
উৰুঙা বেজাৰ ,
সোৱৰণীৰ অলপ
ৰঙীণ বিষাদ ...
মই নাজানো,
ফাগুণ কিয় বলীয়া?

ফাগুণে কেলেই জানো
কান্দিব নাজানে !!

মাটি

মাটি,মাটি,মাটি 
মাথোন মাটি ... 
এই দেশৰ মাটি ,
বুকুৰ আপোন মাটি ..
এই মাটিত 
শুই আছে 
কিছুমান সপোন,
চেকুঁৰা বান্ধি ..

নিস্বাৰ্থ হৃদয়ে
টুকুৰা টুকুৰকৈ
জমা কৰা
কেঁচা ঘামৰ ,
স্বাধীন পৃথিবীৰ ,
কিছুমান সেউজী সপোন ..
এটা স্বাধীন
পূৱাৰ অপেক্ষাত,
নিশাৰ নিচুকণিত
শুই আছে
ইমানবোৰ সপোন
এই মাটিক আকোৱালী ..

স্বাধীনতা সাঁধুকথা নহয়,
ত্যাগ নহয় কল্পনা...
যৌৱন তেতিয়াও আছিল
স্বাধীনতাৰে ৰঙীন হৈ ...
চাবুকৰ কোবৰ ধেমালীত
ফাগুন আহিছিল,
আইৰ কৰুণ বিননিত
শাওণ নামিছিল ..
তেনেকৈয়ে হাঁহিছিল
শৰৎ অহালৈ
স্বাধীনতাই ..

সহজ আজিও নহয়
মানুহ প্রায়েই
অমানুহ হয় ..
মাটিত আজিও
লুকাই থাকে
জীয়া সপোনৰ ভবিষ্যত ..
এদিনটো সাৰ
পাই উঠিব সিহঁত
এদিনটো বিচাৰিব
সেই দিনবোৰৰ
সঠিক হিচাপ ..

অপেক্ষা,মাথো অপেক্ষা..
সাৰ পাব মানুহবোৰ
সাদৰি সুৰুজে ভাঙিব
এদিন মৰ ঘূমটি..
কপালৰ ঘামেৰে
সজীব কৰিব
পৰি ৰোৱা
সেই জাক জাক
তেজাল সপোন ..

মাটি,মাটি,মাটি
মাথোন মাটি ...
এই মাটিত
এতিয়াও মানুহ ওপজে
সময়ে এদিন
তাকেই ক'ব ...

জীৱন

জীৱনটো মোৰ 
বাবে এটা
জীয়া কবিতা ! 
ধূলিৰ ধুমুহা ফালি 
সপোনৰ এটা
জীয়া সুৰুজ
কঢ়িয়াই সি ,
মোৰ বাবেই ..

যেতিয়া ভাগৰে দুভৰি,
যেতিয়া হেৰাই ঘূমটি ,
যেতিয়া নেদেখা হওঁ
আকাশত তৰা ..
নিচিন্ত হৈ
শুই পৰো
তাৰ কোলাতে ..
জানো ,জগাব সি!
পুৱাৰ কোমল ৰ'দত
দেখুৱাব সি
নিৰাশাৰ সীমনা ভেদি
আশাৰ এমুঠি হেঙুল ..

তাৰ হাতত
মোৰ হাতৰ ৰেখাবোৰ
আঁকিলোচোন কেতিয়াবাই ..
এতিয়া কি দুঃখ ,
কি সুখ,
কি সপোন আৰু
কি দিঠক..
আমি আজোৰো একেলগে,
আমি যুঁজি যাওঁ
লক্ষ্য বিচাৰি
ইন্সি ইন্সিকৈ ..
মই কঢ়িওৱা সপোনবোৰত
ৰঙ সানে সি
মনে অঁতাকৈ ..
মই আগুওৱা বাটবোৰত
জোনাক সিঁচে সি
পোহৰ হোৱাকৈ ..

আমাৰ পৃথিবীত
নাই দুঃখ ,
নাই সুখ ,
নাই পোৱা নোপোৱাৰ
বেপেৰোৱা অঙ্ক ..
সুখৰ নাৱত উঠি
পাৰ কৰো
দুঃখৰ অশান্ত সাগৰ ..
আন্ধাৰৰ কোলাত সজাও
পোহৰৰ জীপাল শলিতা ..

জীৱনটো মোৰ
বাবে এটা
জীয়া কবিতা !
ধূলিৰ ধুমুহা ফালি
সপোনৰ এটা
জীয়া সুৰুজ
কঢ়িয়াই সি ,
মোৰ বাবেই ..

চোৰ

মই চোৰ.. 
মুঠিয়ে মুঠিয়ে 
চুৰ কৰো 
মৰম ,চেনেহ 
আৰু আপোনাক, 
আপোনাৰ পৰাই... 

আপোনাৰ আকাশত
বিনাবাধাই প্রবেশ কৰো,
চুচুক চামাককৈ
বিচাৰি ফুৰো
মনৰ নক্সা ..
আপুনি সাৱধান
হোৱাৰ আগতেই
মই আপোন
হৈ পৰো আপোনাৰ..
হৈ পৰো
দুঃখৰ সাৰথি
আৰু সুখৰ সমনীয়া ..

আপোনাৰ হাঁহিবোৰ
লাহে লাহে
মোৰ হৈ পৰে,
লগতে বেদনাবোৰো ..
পানীৰ দৰেই
মই ঠিকনাবিহীন ,যাযাবৰ ..
চকুপানীৰ দৰে
কেতিয়াবা প্রয়োজনীয়ও
কেতিয়াবা অপ্রয়োজনীয়..
আপোনাৰ বুকুৰ
দ গাতবোৰ
মৰমেৰে ওপচাই
এদিন মনে মনে
পলাও মই ..
মই চোৰ!

মই জানো,
বান্ধোনবোৰ বৰ জট লগা
আপোনাৰ বুকুতে
হেৰাই গ'লেতো
আৰু ন'হব !
মোৰ দুহাত উকা ,
দিব নোৱাৰিম আপোনাক
ইপ্সিত এমুঠি জোনাক !
উকা ..আকাশখন আজি
তেনেই উকা ..

বেয়া নাপাব ,
মোৰ বুকুত
নগজাও সেই
সেউজীয়া মৰমবোৰ..
সংজ্ঞাহীন গধূলিৰ কবিতাবোৰ
কাহানিবাই পাহৰিলো,
উজাগৰী নিশা আজিকালি
নুশুনো প্রেমৰ পদ্য ..
মই ঠিকনাবিহীন ,যাযাবৰ ..

নগজাও সেই
সেউজীয়া মৰমবোৰ..
মই যে চোৰ!!
মুঠিয়ে মুঠিয়ে
চুৰ কৰো
মৰম ,চেনেহ
আৰু আপোনাক,
আপোনাৰ পৰাই...

আচৰিত আপুনি !

আচৰিত আপুনি ! 
অৰ্থহীন হাঁহি কিছুমানত 
লুকুৱাই থয় নিজক, 
ধৰা নপৰাকৈ ... 
আচৰিত আপুনি !

আপোনাৰ সঁচাবোৰ
অকলে থাকে,
নিৰৱতাৰ আশ্রয়ত,
কোনেও নেদেখা দূৰত্বত ..
আপুনি হ'লে
বৰ সুলভ ,
আপোনাৰ হাঁহিবোৰও..
চহৰৰ ব্যস্ত
আলিবোৰৰ দৰেই
আপুনি চঞ্ছল আৰু য'তিহীন
আচৰিত আপুনি !

ঘন আন্ধাৰত
আপোনাৰ উচুপনিত
যেতিয়া তৰাবোৰে
সাৰ পাই
তেতিয়া কিন্তু
চহৰখনো শুই পৰে
আৰু মানুহবোৰো ..
আপুনি নিজক বিচাৰি
হাহাকাৰ কৰে,
খহি পৰে
নিজৰ বুকুতে..
তেতিয়াতো হাঁহিবোৰো নাথাকে
আৰু পোহৰবোৰো ..
আচৰিত আপুনি !

হাঁহিবোৰ সোলোকাই
স্বাধীন হয় আপুনি
পিন্ধি লয়
দুঃখৰ মৰহা
লেতেৰা পোছাকযোৰ ..
নিজৰ বাবেই আপুনি
আন্ধাৰ ভাল পাই ,
আপোনাৰ প্রিয়
ৰঙ হৈ
পৰে ক'লা ?
আচৰিত আপুনি !

প্রতি দিনেই
কৰি যায়
নিখুত অভিনয়
সুখী হোৱাৰ ,
জীয়াই থকাৰ ..
আপুনি আজিৰ মানুহ ,
আচৰিত আপুনি !
বৰ আচৰিত আপুনি !