Thursday, 20 February 2014

উদাস চৰাই

দুঃখৰ বননিৰ আমি 
উদাস চৰাই, 
কোনে জানে 
আমাৰ বুকুতো জিৰাই , 
মৰমৰ এটা 
সেমেকা তৰাই .. 
আমাৰ উদাসীনতাই
আশ্বস্ত কৰে সিহঁতক ..
সিহঁতে বিচাৰে
পঙ্কিল পৃথিবীৰ
পাথৰ হৃদয় ...
কৈ দিও ব'ল ,
আমিও বুজি পাওঁ,
সিহঁতে নুবুজা
নিসঙ্গ হিয়াৰ
অবুজ ভাষা ...
আমিও বুজি পাওঁ ,
চকুৰ পানীতহে থাকে
সঁচা সকাহ,
অব্যক্ত বেদনাৰ ..
আৰে, আমাৰ
দুঃখবোৰ কি
ধাৰলৈ লোৱা !
নিৰৱতাৰ এখন
কোৱাল নৈত
সাঁতোৰো দেখোন আমি
ওৰেটো নিশা ..
সিহঁতে নাজানে ,
দুঃখৰ ভড়ালবোৰ
সুলভ নহয় ...
সুখৰ সংক্রমণত
হেৰুৱাই নেপেলাও
আমি দুঃখক,
আনৰ দৰে ..

দুঃখৰ বননিৰ আমি
উদাস চৰাই..
আমাৰ বাবেই যে
জোনটোৱে আজিও
মিছিকিয়াই ..
ব'ল,কৈ দিওঁ
সিহঁতক ..
ব'ল...

----ফাগুন---


ফাগুন তাইৰ দৰেই... 
জাধলী,আউলী-বাউলী .. 
বুকু ভাঙি
সোমাই আহে
ধুমুহা হৈ, 
কলিজাত আবেগ 
হৈ গজে,
মৰম হৈ ফুলে.. 
বিচ্চুৰিত মৰমৰ 
টুকুৰাবোৰ চতিয়াই
দৌৰ মাৰে
দূৰ সীমনালৈ
আবেগবোৰ কিয় জানো
বুকুত বান্ধি লৈ ..
চঞ্চল ফাগুন!!
আবেগৰ ফাগুন!!
উৰুঙা বেলিটোৱে
মনে মনে কয় ..
ফাগুন তাইৰ
দৰেই জাধলী ,
আউলী বাউলী ..

উদাৰ আকাশ

সন্মুখত এখন 
উদাৰ আকাশ আৰু
এজাক অভিমানী
তৰাৰ জিলমিল ...
জোনটোও বহি 
ৰয় নিৰলে,
কৈ যায় সি ,
সপোনৰ হেনো
নাথাকে সীমনা,
যিদৰে নাথাকে সীমনা
সঁচা মৰমৰ ...
নিজক ভালপোৱা মানুহবোৰে
লাহে লাহে
আনকো ভালপাবলৈ শিকে
যেতিয়া তৰাবোৰে
চকু টিপিয়াই
জোনটোক জোকাই ...
থিক তেতিয়াই ..

থিক তেতিয়াই
মানুহবোৰো বহল
হৈ পৰে
আকাশখনৰ সমান ..
পোৱা নোপোৱাৰ
বান্ধোনবোৰ সোলোকাই
মানুহবোৰো তেতিয়া
মানুহ হয় ...
সুখৰ জুপুৰীত মাথো
জ্বলি ৰয় এবুকু
ধিমিক ধামাক জোনাক ...

সন্মুখত এখন
উদাৰ আকাশ আৰু
এজাক অভিমানী
তৰাৰ জিলমিল ...

আমি সাধাৰণ মানুহ

আমি সাধাৰণ মানুহ, 
সাধাৰণ আমাৰ সপোন.. 
আমি জাৰত কঁপো 
আৰু গৰমত ঘামো ..

আমি কাজিয়া কৰো 
সৰু সৰু কথাত ..
এই ধৰক 
মই হিন্দু ,
তেওঁ মুছলমান ,
মই শিখ আৰু
তেওঁ খ্রীস্টান ..
আমাৰ প্রয়োজনবোৰো
তেনেই তাকৰ..
আপুনি আমাক
প্রায়েই দেখে
দৌৰি ফুৰা ..
জীবিকাৰ সন্ধানত ,
হৃদয়ৰ সন্ধানত আৰু
সুখৰ সন্ধানত ..
আমি আবেগৰ ধুমুহাত
বিধ্বস্ত হওঁ ,
মৰমত উচুপি উঠো
আৰু দুঃখতো..

আমাৰ কাৰণেই
আপোনালোকে আঁচনি বনাই,
দালান সাজে ,
নিজেইও খাই আৰু
সাতপুৰুষকো খুৱাই ..
আমি সাধাৰণ মানুহ..
আমাৰ দুঃখবোৰ বিকি
ধনী হয় আপোনালোক
আমাৰ ধনেৰে আপোনালোকে
বিদেশ ভ্রমণ কৰে,
ৰঙা লাইট থকা
গাড়ীত উঠে আৰু
কোটি কোটি টকাৰ
সপোন কিনে ..

আমিও কান্দো কেতিয়াবা,
আমাৰো দেখোন
সপোন থাকে..
খেতিডৰা য'দি
বানে উটুৱাই ,
ভেটিৰ বলত য'দি
চাকৰিবোৰ হেৰাই ,
আপোন মানুহবোৰ য'দি
সংঘৰ্ষতেই হেৰাই ..
আমিও কান্দো কেতিয়াবা..

আমি কান্দিলে
আপুনি দলিয়াই দিয়ে
এবস্তা ভিক্ষা আৰু
ইমপ'ৰটেত দুঃখ ..
অ' আপুনি বোলে
তদনন্তও কৰে !!
দায় দোষ নধৰিব ,
আমি সাধাৰণ মানুহ..
সাধাৰণ আমাৰ সপোন..

আমাৰ বাবে ন'কৰিব
বেদনাৰ অপলাপ,
আমাৰ বাবে
নেলাগে স'হিব
প্রখৰ ৰ'দৰ আঘাট ,
আমাৰ বাবে
নেলাগে কৰিব আৰু
বেদনাৰ অপলাপ..

ভাবিছো আমি !!
আমাৰ দুঃখবোৰ আমি
নিজেই খেদিম,
দুহাতত আঁকি ল'ম
নাঙলৰ চাপ..
আবেগবোৰ নিলাম
ন'কৰো আৰু ..
ভিক্ষাবোৰো এইবাৰ
দিম ওভতাই ..
আমি সাধাৰণ মানুহ..
সাধাৰণ আমাৰ সপোন..
আমি জাৰত কঁপো
আৰু গৰমত ঘামো ..

Thursday, 13 February 2014

---তাই----


তাই জোনাক 
ভাল পাইছিল ...
আৰু সি ! 
সি তাইক..

তাই তৰাৰ
প্রেমত পৰিছিল
আৰু সি !
সি তাইৰ ..

এদিন তাই
তৰা হৈছিল
দূৰ আকাশৰ ..
আৰু সি !
সি আজিকালি
জোনাক ভাল পাই ..

তাইৰ নিচিনাকৈ ..

ৰঙীন বাসিন্দা...

আপুনি সপোন নগৰীৰ 
ৰঙীন বাসিন্দা... 
আপোনাৰ বাবেই 
গাভৰু হয় চহৰখন,
নিতৌ নতুন ৰঙেৰে!! 
মোক ন'কবচোন... 
সপোন বুটলিব নজনা
অপদাৰ্থ বুলি!
মোৰো আছে সপোন ..
মোৰ সপোনবোৰ
চহৰৰ পৰা
দুৰৈত থৈ আহিছো,
আনৰ পৰা
লুকুৱাই থৈ আহিছো ,
শুৱাই থৈ
আহিছো নিৰৱে,
বুকুৰ মাজত ..

শুনিছো,সপোনবোৰ
চুৰি হয়
এই চহৰত ,
প্রায়ে পৰি থাকে
কাৰোবাৰ ভগা সপোনৰ
মলিয়ন খোলা ..
দেখিছেনে আপুনি ?
আপুনিও বাৰু
ৰঙীন সপোনৰ
নিঃস্ব গৰাকী নেকি?
আবেগ বেচি
চহকী হোৱা
ৰঙীন মানুহ!!

কি ক'লে?
সপোনে কঢ়িয়াই মাথো
এবুকু বিষাদ ...
বিষাদ নাথাকিলে
আমি যে
জীয়াই থাকিব নোৱাৰো ..
বিষাদৰ আবেশত মন্ত্রমুগ্ধ
আমাৰ কলিজাৰ
প্রতিটো স্পন্দন..
আপুনি বাৰু
কান্দিব জানেনে ?
হাঁহিব?
আহক...
এবাৰ কান্দো একেলগে ..
এবাৰ জুলুৰি
জুপুৰি হওঁ
বিষাদৰ নেদেখা নৈত..

সপোন হেৰুওৱা
মানুহবোৰে হেনো
কান্দিব নেজানে ..
সঁচা জানো!!!!
আহকচোন,
এবাৰ কান্দি
চাওঁ একেলগে ..

আপুনি সপোন নগৰীৰ
ৰঙীন বাসিন্দা...
আপোনাৰ বাবেই
গাভৰু হয় চহৰখন,
নিতৌ নতুন ৰঙেৰে!!

এবাৰ মাথো কাৰোবাৰ প্রেমত পৰি চোৱা ..

এবাৰ মাথো
কাৰোবাৰ প্রেমত
পৰি চোৱা ..
ভাল লাগিব
কিজানি দুঃখও ..

এবাৰ মাথো
নিজক হেৰুৱাই চোৱা
সকলো বিচাৰি পাবা,
হয়তো নিজকও..

সময়ে সুধিব পাৰে
নোপোৱাৰ ইতিহাস
সময় সদায় তেনেকুৱাই..
এবাৰ মাথো
জোনাকত মৰম
খেপিয়াই চোৱা
পাই যাব
পাৰা কিজানি
এখন আকাশও..

এবাৰ মাথো
কাৰোবাৰ প্রেমত
পৰি চোৱা ..
মাথো এবাৰ ...