Sunday, 11 May 2014

--লৈ যোৱা কাঢ়ি --

লৈ যোৱা কাঢ়ি 
সুখৰ সপোন , 
আপত্তিটো কৰা 
নাই কাহানিও.. 
দুঃখবোৰ হ'লে নিবিলাও
ইমান সহজে ..
দুঃখবোৰ মোৰ
একচেতীয়া সম্পত্তি..

এনিশা কটাই
চোৱা এনেকৈ,
শেতেলীত সজাই
অচিন আন্ধাৰ ..
লোভনীয় হৈ পৰিব
জীৱনৰ বৰষুণ..
প্রেমত পৰিবা আকৌ
মুকলি আকাশৰ..
দুঃখৰ বৰষুণত
যি তিতা
নাই এবাৰো
সিটো নাযানে
কেনেকৈ সজাই মানুহে
ভগা কাচৰ টুকুৰাত
উমাল সপোন ..

সেমেকা নিশাটোৱে
মনে মনে কয়
ৰৈ আছে
এটা ৰঙীন পুৱা
সময়ৰ কোলাত বহি..
সঁচা জানো !
বাট চাম আজিও
গোটেই নিশা..
অপেক্ষাত যে
আনন্দ থাকে
অপেক্ষাত যে
লুকাই থাকে
এমুঠি জীৱন ..

লৈ যোৱা কাঢ়ি
সুখৰ সপোন ,
আপত্তিটো কৰা
নাই কাহানিও..
দুঃখবোৰ হ'লে নিবিলাও
ইমান সহজে ..

...আজিকালি ..

সকলোৱে তাৰ 
উশাহৰ হিচাপ বিচাৰে.. 
কোনেও নাজানে ! 
সি উশাহ নলয় 
আজিকালি .. 

সকলোৱে তাৰ হাঁহিত 
পোহৰৰ কণিকা বিচাৰে
কোনেও নাজানে..
জোনাকৰ বৰষুণত তিতিবলৈ
পাহৰিলে সি
আজিকালি..

এটাই জীৱন ,
অলপ সপোন ..
সকলোৱে তাৰ সপোনবোৰত
কাৰণ বিচাৰে
কোনেও নাজানে!
সপোনবোৰেই একমাত্র কাৰণ
যাৰ বাবে
সি জীয়াই থাকে
আজিকালি ..

Saturday, 26 April 2014

"ইয়াত হৃদয়বোৰ আছিল!!

নাওঁবোৰো ডুবি 
গ'ল এদিন 
নৈৰ বুকুতেই.. 
মানুহবোৰো হেৰাই 
গ'ল এদিন 
নিজৰ অজানিতে .. 
স্মৃতিৰ সেমেকা 
টোকাত মাথোন 
লিখা থাকিল 
"ইয়াত হৃদয়বোৰ আছিল!!
ইয়াত মাথোন 
হৃদয়বোৰ থাকে!!"
এই পোছাকযোৰ পিন্ধি 
অকলে বহি 
ৰ'ম এদিন 
দুঃখৰ নদীখনৰ কাষতে.. 
এই হৃদয়খন পিন্ধি 
বহি থাকিম 
এদিন অকলশৰে
ক'লা পাহাৰটোৰ কাষতে ..

হৃদয় এখন
কঢ়িয়াই ফুৰো অকাৰণে..
চুম্বকৰ দৰেই সি
টানি ফুৰে
আবেগ ,আশা আৰু বেদনা
আচলতে চকু মুদি
খোজকাঢ়িব জনা মানুহবোৰ
সুখত থাকে সদায় ..
সিহঁত গান্ধীৰ বান্দৰ !!
চিকমিকিয়া পোছাকৰ তলত
আন্ধাৰবোৰ লুকুৱাই
সভ্য হয় সমাজ..
সিহঁতে আন্ধাৰবোৰ নেদেখে ,
সিহঁতে বেয়াবোৰ নাচায় ..

বেয়া নাচাবা ,
বেয়া নুশুনিবা আৰু
বেয়া ন'কবা ..
বাহঃ কি
সুন্দৰ সমিধান !!
সুখী হ'বলৈ
মাথো ৰঙীন
পৃথিবীখন চাওঁক
সুখী হ'বলৈ
মাথো বোবা
পুতলা হওঁক ...
সুখী হ'বলৈ
নিদিব কাকো
প্রেমৰ নামত হৃদয় ..
সুখী হ'বলৈ
নুশুনিব কাহানিও
ক্রন্দনৰত হৃদয়ৰ
কাঁতৰ চিঞৰ ..

ভাবিছো ...
সুখী নহওঁ কেতিয়াও
পিন্ধি ল'ম
এযোৰ দুঃখৰ পোছাক
বেদনাই লেতেৰা কৰা..
এই পোচাকযোৰ পিন্ধি
বহি ৰ'ম এদিন
দুঃখৰ নদীখনৰ কাষতে
এই হৃদয়খন পিন্ধি
বহি থাকিম
এদিন অকলশৰে,
ক'লা পাহাৰটোৰ কাষতে ..

ভাবিছিল সি

অভিমানী সময়ৰ 
চোলাটো খামুচি 
ভাবিছিল সি ,
জিৰাব এখন্তেক 
সময়ৰ কোলাতে.. 
ক'ব সি , 
উশাহ বন্ধ
হয় তাৰ
এই অন্তহীন দৌৰত..
সি আজিকালি
শুব নোৱাৰে!
তাৰ উশাহবোৰ হৈ
পৰে আৱৰ্জনা ..
বুকুখন পৰি ৰয়
অচিনাকী বেদনাৰ
সেমেকা ডাষ্টবিনটোত
অকলেই...

মুকলি আকাশখন
মাথো ওলমি ৰয়
দুচকুৱে ঢুকি পোৱাকৈ
সি খেপিয়াই
মাথো খেপিয়াই..
আজুৰিব খোজে
এমুঠি নীলা ..
ইমান সহজতো নহয় !
ইমান সহজ নহয়
নিজৰ বুকুতে
নিজক হেৰুওৱা ..
ইমান সহজ নহয়
আন্ধাৰৰ স'তে
বহি থকা
ওৰেটো নিশা..
ইমান সহজ নহয়
চকুপানীৰ কৌতুক শুনোৱা
ওপচা হাঁহিৰে
মেৰিয়াই মেৰিয়াই..

জীৱনক চিঞৰে সি -
"ঐ জীৱন...
ক'ত লুকাৱ তই ?
এবাৰ জুমি চা,
বুকুত অঙঠা থাকোতেই
এবাৰ জুমি চা
এদিন জ্বলিম অকলে
তই নোহোৱাকৈ
আজি,মাথো আজি
এবাৰ জুমি চা"

অভিমানী সময়ৰ
চোলাটো খামুচি
ভাবিছিল সি ,
জিৰাব এখন্তেক
সময়ৰ কোলাতে..

এখন চিলা কিনিলো আজি..

এখন চিলা 
কিনিলো আজি.. 
সপোনবোৰ ডাঙৰ হ'লে 
উৰুৱাব হেনো
সিহঁতেই ... 

নাজানো আকাশখন
নীলা হৈ থাকিবনে
তেতিয়াও!!
নাজানো বতাহত
নাচিবনে আবেগে
আজিৰ দৰেই !!
নাজানো হাতৰ মুঠিত
থাকিবনে জীৱন ..
মই নাজানো ...
তথাপি ...
এখন চিলা
কিনিলো আজি..
সপোনবোৰ ডাঙৰ হ'লে
উৰুৱাব হেনো
সিহঁতেই ...

--- অৰ্ধআকাশ ---



আকাশখনে সদায়
খেপিয়াই চায় 
সুখবোৰ ভাগ 
হয়নে সমানে? 
সমানে সুখীনে 
আধা আকাশ ... 
আকাশখন কেতিয়াবা 
হতাশ হয় ,
সেমেকি উঠে ...
অসহায় চকুৰে
চাই ৰই অপলক
অসমান পৃথিবীখনক...

সুৰুযৰ বলীন ৰেখাই
তাক জগায়
এতিয়াতো বাকী আছে
বহুদূৰ বাট ...
সি ঠিয় হয়
গভীৰ প্রত্যাশাৰে..
যুঁজিব আজি একেলগে,
গোটেই আকাশখনে
সাজিব এখন
বহল আকাশ
মুকলি আকাশ
এখন নীলা আকাশ ...