Thursday, 21 August 2014

----চাৰ---



চাৰ..
এদিন আপুনিয়েই কৈছিল
ওখ গছবোৰতকৈও
মানুহবোৰ ওখ
হ'ব পাৰে ...
উদাৰ হ'ব পাৰে
আকাশৰ সমান !
এদিন আকাংক্ষাৰ
এমুঠি কঠিয়া চ'তিয়াই
হাঁহি হাঁহি
ৰৈ আছিল আপুনি
আমালৈ চাই ..

চাৰ..
ক'লা ক'লা বরডবোৰত
বগা চকেৰে
আপুনিয়েই এদিন
লিখি দিছিল  
পোহৰৰ ঠিকনা   ..
আমাক কৈছিল
এইটো বাটেৰে যাবি
পিছলি নাখাবি ...

চাৰ..
জীৱনৰ অঙ্কবোৰো আমি  
আপোনাৰ পৰাই শিকা
আপুনি কৈছিল
জীৱনৰ অঙ্কত সদায়
উত্তৰ নোলাই
গণিতত হ'লে ওলায় ..

চাৰ ..
আপোনাৰ শুভ্র চোলাটোত
ৰঙা কলমটো
এতিয়াও সপোনত দেখো ..
সিদিনা সনাতনে ক'লে
আপুনি হেনো নাই !!
সচাকে আপুনি
জানো নাই !
আপোনাক সাঁচি
ৰাখিম আমি সযতনে
আমাৰ মাজত ..
বাট বুলিম
আপুনি দেখুওৱা বাটেৰে ..
পিছলি নপৰাকৈ !      

Friday, 1 August 2014

--তাই উভতি চালে--



তাই উভতি চালে 
এজাক মৰমৰ বৰষুণে
তাৰ দুচকু সেমেকালে..

তাই উভতি চালে 
উশাহৰ নদীখনত তেতিয়াই 
জীৱনে হাঁহিলে .. 

তাই উভতি চালে
আন্ধাৰ গলীটোত
এটা সপোন উপজিলে ..

তাই উভতি চালে
চহৰৰ কদৰ্যতাত মাথো
মৰম উমলিলে ..

তাই উভতি চালে
সি হেপাহ পলুৱাই
আকৌ উশাহ ল'লে ..

তাই উভতি চালে
সি মুৰ তুলি
আকৌ চালে
হয় ...
তাই উভতি চালে..

----ধুমুহা----


অনুৰাগৰ শেতেলীত 
এমুঠি সোনাৰু চতিয়াই 
তাই ৰৈ আছিল 
এজাক ধুমুহাৰ প্রত্যাশাত ..

অঙঠাবোৰ জুই হ'বলৈ 
হেনো ধুমুহা লাগে 
বুকুত আশাবোৰ গজিবলৈ 
হেনো ধুমুহা লাগে
মানুহবোৰক আপোন কৰিবলৈও
হেনো ধুমুহা লাগে...

ধুমুহাজাক আহিছিল সিদিনা
উৰুৱাই আনিছিল
এবুকু সেউজীয়া
আৰু সেই আশাবোৰ..
যিবোৰৰ খবৰ শুধি
তাই কটাইছিল
উজাগৰী নিশা ..

সোনাৰুবোৰ তেতিয়াও
তাতেই আছিল ..
নাছিল ..
তাত মাথো
তাইহে নাছিল..

এক অনামী ঠিকনাত
আশাবোৰ বিক্রী কৰি
তাই উচুপি আছিল
গোটেই নিশা ..

এতিয়া আৰু তাইক
ধুমুহা নালাগে ..
এতিয়া নিজৰ
বুকুতেই তাই
বিচাৰি পাই
এজাক ডাঙৰ ধুমুহা ..

তাই ভবাতকৈও ডাঙৰ..

----মোৰ চহৰ ,মায়াবী চহৰ...


আকৌ সেই 
সেমেকা হাঁহি 
আকৌ সেই
সেমেকা নিয়ৰ
আকৌ সেই মই 
আকৌ সেই 
গধুলিটোৰ বোজাত 
ক্লান্ত চহৰখন ...
মোৰ চহৰ ,
মায়াবী চহৰ...

সদায় সোধো
কাৰ মায়াত
আবদ্ধ মানুহ ?
কাৰ মায়াত মায়াবী
এই মানুহৰ ভীৰ..
লক্ষ্যহীন মানুহৰ
হাঁহিৰ কোলাহল ,
কান্দোনৰ উচুপনি
মিছা আভিজাত্য আৰু
মিছা পোহৰৰ সমাগমত
ৰঙীন হয়
এই চহৰ..
মায়াবী চহৰ...

য'ত মানুহৰ আৱৰ্তমানত
বাটৰ কুকুৰবোৰে
নিজৰ স্বত্ব
জাহিৰ কৰে
মনে মনে..
য'ত উদং পেট
আৰু গধুৰ উশাহবোৰ
ঢাকি ৰাখে
বোবা কলিজাই
সুখ বুলি মানুহবোৰে
য'ত দুঃখকে আজোৰে
য'ত আন্ধাৰবোৰ
সজাই থোৱা হয়
শাৰী শাৰীকৈ
পোহৰৰ সলনি..
মোৰ চহৰ ,
মায়াবী চহৰ...

একেই আছো মই
একেই আছে
মোৰ চহৰখন ,
আহিব কেতিয়াবা
আপোনাৰ অপেক্ষাত
ক্লান্ত এতিয়া মই
আৰু মোৰ সেই
মায়াবী চহৰখন ...

মোৰ চহৰ ,
মায়াবী চহৰ...

কি বিচাৰি ফুৰো

কি বিচাৰি ফুৰো 
নিজেই নাজানো.. 

শব্দত জানো 
সপোন আঁকে মানুহে! 
বেদনাৰ দেৱালেৰে জানো 
ঘৰ সাজে মানুহে ? 
শূণ্য আকাশত জানো 
বাহ পাতে 
সুখৰ তৰাই ! 

দূৰ আকাশত
বেলিটো লুকুৱাই
যাযাবৰ ডাৱৰবোৰেও
সপোন সজাই
শুকান মাটিক
সেউজ কৰাৰ ...
সপোনবোৰ যে
অকল সপোন নহয়
সপোনবোৰ অঙঠা হৈ
দুচকু জ্বলাই..

বুজাও জীৱনক..
নুবুজে সি
সি মাথো
বাৰে বাৰে
আন্ধাৰ বিলাই !
আন্ধাৰত সপোন খেপিয়াই
ভাগৰ লাগে জানা !
নুবুজে ...
জীৱনে দেখোন
তাকো নুবুজে !


কি বিচাৰি ফুৰো
নিজেই নাজানো ..
জীৱনক সুধি চাওঁ
মনে মনে
ওঁহো ...
সিওঁ দেখোন
বহি থাকে
মনে মনে
মোৰ দৰেই ..
সিওঁ কিজানি
একোকে নাজানে !

মোৰ দৰেই ..

---কথা পাতিম---



চাহৰ পিয়লাটো 
উপচি পৰালৈকে ...
আপোনাৰ সতে 
কথা পাতিম..
সপোন খেদি খেদি
ভাগৰ নলগালৈকে ..
আপোনাৰ সতে
কথা পাতিম!!

মই নেজানো
আন্ধাৰত হেৰাই নে
বুকুত হেৰাই সপোন..
সেই সপোনটোৰ
সমাধিত বহি
ভাগৰ নলগালৈকে
কথা পাতিম..

উজাগৰী ৰাতিৰ
জিলিকা তৰাবোৰ দেখিছে ?
সিহঁত হেৰাই নোযোৱালৈকে
কথা পাতিম..
বহুত কথা আছে
নিৰৱে ,এনেকৈয়ে ..
মনে মনে..
বুকুবোৰ পাতল নোহোৱালৈকে
কথা পাতিম..


আহিব জানো আপুনি!
আপুনি নাহিলে
আপোনাৰ সলনি
নিসংগতাৰ সতেই
কথা পাতিম ..

বহুত কথা আছে
বহুত বোজা আছে
বুকুভৰা ডাৱৰ হৈ ..
চকুপানীৰ বৰষুণত
জুলুৰি জুপুৰী হোৱালৈকে
আমি কথা পাতিম ..

ভাবিছো !!
চাহৰ পিয়লাটো
উপচি পৰালৈকে
কথা পাতিম..

---মইও যে সদাই মই নহয় ---



সদাই সূৰুয 
ৰঙা নহয় 
সদাই বুকু 
উদাস নহয় 
মই থাকো 
মোৰ মাজতেই 
মইও যে সদাই
মই নহয় .. 

দোটোপাল বৰষুণে
বঢ়াই তোলে
হেপাহ মোৰ ..
জীৱনে চতিয়াই যায়
এমুঠি নীলা ..
মই উশাহ
লও ইয়াতেই..
আকাশেও ইয়াতে
পোহৰ বিলাই ..
বতাহে কৈ যায়
কাণে কাণে ..
জীৱন মানেইটো আৰু
বেদনা নহয় ..

মই থাকো
মোৰ মাজতেই
মইও যে সদাই
মই নহয় ...