Sunday 27 December 2015

প্রস্থাৱনা ...

এই প্রথম অভিধানখন
উলিয়াই ল'লো
জীৱন যাৰ প্রথম শব্দ 
আৰু তুমি?
শেষ ...

~~ আশা


সৌ কুৱলিৰ
শুভ্র কোলাত
তুমি বহি ৰোৱা 
ৰঙা বেলি হৈ
কিমান দূৰত জানো
স্বপ্নীল পথৰ শেষত
বৈ আছে
সপোনৰ নৈ !!
তমসাৰ কোলাত বহি
আশাৰ সপোন ৰচা
সহজ আজিও নহয় ..
তথাপি কিয় আজি
পোহৰে ৰিঙিয়াই মাতে
তোমাৰ দুচকুত
আশা হৈ...
বৈ থাকে সপোনৰ নৈ ...
সপোন আছে বাবেই
জ্বলি থাকে লাহে লাহে
আকাংক্ষাৰ অলেখ চাকি
এখোজ দোখোজকৈ
আশাই হাত মেলে
ৰৈ থাকে হেপাহৰ বেলি ..
আকাশ হ'ব যে মুকলি ..
সৌ কুৱলিৰ
শুভ্র কোলাত
তুমি বহি ৰোৱা
ৰঙা বেলি হৈ
মই আগুৱাও
দুহাতেৰে চুই চাওঁ
বৈ থাকে
সপোনৰ নৈ !!
তোমাৰ দুচকুত
আশা হৈ...

এই গধূলিবোৰ.. ---------------


এই গধূলিবোৰ
বুকুত থাকিব... 
মৰমৰ বৰষুণে
দুগাল তিয়াব
জ্বলি ৰব দূৰণিত
ধিমিক ধামাক
দুটি তৰা ..
সময়ে বাট বোলে
স্মৃতিয়ে ধূসৰ কৰে
আজিৰ সতেজ গোলাপ
আকৌ যে নহয় ৰঙা ...
কিন্তু মৰম ?
মৰম মৰহে জানো !
মৰম হেৰাই জানো !!
মৰমে পাহৰে জানো
নিজৰ ঠিকনা ..
বাঢ়ি যায় মৰম
সময় উভতি আহে
উকা বুকুতো
থাকি যায়
স্মৃতি হৈ
এই গধূলিবোৰ....
হেৰাই নেযায় জানা
এই গধূলিবোৰ..
সময়ে মচিব নোৱাৰে
এই গধূলিবোৰ....
এই গধূলিবোৰ..

Friday 13 November 2015

~~ তেওঁ নাই .. ~~

তেওঁৰ মৃত্যুত চোৱা 
জগতে কান্দিলে
পৰি ৰোৱা ফুলবোৰে 
বুকু সেমেকালে ..
তেওঁ নাই ..
অথচ আজিও জোনাক !
তেওঁৰ হাঁহিত আজি
জিলিকে আকাশ ..
মৃত্যু মাথোন
এটা শব্দ..
জীৱনেই দি যায়
জীৱনৰ অৰ্থ ..
সূৰ্যৰ জানো
মৃত্যু হয় ..
সপোন জানো
থমকি ৰয় ...
তেওঁ এৰি যোৱা
সপোনৰ তৰা
উজলিব এদিন
তেওঁৰ প্রতিভূ হৈ ..
তেওঁ নাই ..
অথচ আজিও জোনাক !
তেওঁৰ হাঁহিত আজি
জিলিকে আকাশ ..

তই আৰু মই …


এটা উৰুঙা আবেলি
এটা শুকান বৰশি
তই আৰু মই 
কিছু নিজান সময় …
আজিও আছে বুকুত
লেচেৰি বোটলা
কিছু উমাল স্মৃতি
কিছু আবেগৰ ঘৰ…
জীৱন যেতিয়া
ধেমালি আছিল
সপোন বালিঘৰ …
পোৱা কি নোপোৱা কি
কিছু অবুজ সাথৰ …
ঘুৰি যাও ব'ল
ধুলিয়ৰি আলিটোৰে
পৃথিৱীৰ ভিৰ এৰি
কিছু আপোন সময়ে
চিনি পাব
আজিও আমাক
তইযে আজিও তই
মই সেই
একেই মই …
এটা উৰুঙা আবেলি
এটা শুকান বৰশি
তই আৰু মই
কিছু নিজান সময় …

~~অপেক্ষা~~

তাই সুধিলে 
জীৱনক ভালপোৱা ?
মই ক'লো 
ভালপাওঁ তোমাক..
তাই সুধিলে
কিয় ?
মই ক'লো
বতাহক সোধা ..
তাই ক'লে
বতাহ যে চঞ্ছল!
মই ক'লো
চঞ্ছলতো মনও ..
তাই আকাশখন
খেপিয়াই চালে..
এটা দিন সামৰি
ৰঙচুৱা বেলিটো
উভতিছিল তেতিয়া..
এবোজা স্মৃতিৰ ৰঙেৰে
ৰঙীন হৈ ..
এতিয়া মাথোন অপেক্ষা
অপেক্ষা জোনাকৰ..
সেমেকা এযোৰ চকুত
অপেক্ষা হেপাহৰ..
প্রত্যয়ৰ চোলাটো পিন্ধি
উভতিলো মই
থাকি আহিল তাত
এখন হৃদয় ...
এতিয়া মাথো অপেক্ষা
অপেক্ষা জোনাকৰ..

স্বাধীন জানো স্বাধীনতা !!


স্বাধীন জানো স্বাধীনতা !!
তেজৰ ৰঙৰ ৰঙেৰে ৰঙীন
জন্মতে দেখোন স্বাধীনতা.. 
স্বাধীন জানো স্বাধীনতা !!
সপোন আছিল
এখন মুকলি দেশৰ
সপোন আছিল
এখন সোণোৱালী পথাৰৰ ..
সপোন আছিল
এখন উদাৰ দেশৰ..
মানুহৰ আশাক মোহাৰি
মানুহৰ ত্যাগক পাহৰি
লোভৰ সাম্রাজৰ বাবেই
নাছিল কাহানিও স্বাধীনতা..
স্বাধীন জানো স্বাধীনতা !!
ক'ৰবাত ভোগৰ ভড়াল
ক'ৰবাত উশাহৰ আকাল
কাৰোবাৰ নামত চহৰ
কাৰোবাৰ উদং ঘৰ ..
হাঁহিবোৰে হাঁহে অকলে
মৰিশালীত জিৰণি লৈ ..
কাৰোবাৰ আশাৰ সমাধিত
কোনোবাই সাজিছে ঘৰ ..
ক'ত শুই আছে স্বাধীনতা ?
স্বাধীন জানো স্বাধীনতা !!