Monday 25 November 2013

জোনাক কঢ়িয়াই আকাশখনে

প্রতিটো নিশা 
এমুঠি জোনাক 
কঢ়িয়াই আকাশখনে
মোৰ বাবেই.. 
দুচকুত চতিয়াই যায়
এমুঠি আশা ... 
আপুনিটো নাজানে 
কিমানবাৰ প্রেমত পৰিছো 
এই একেখন আকাশৰ 
কিমান ৰাতি 
শুই পৰিছো
এই বননিডৰা সাৱতি ...

মোৰ বাবেই আকাশখনে
তৰাৰে বুটা বাচে
ইমান মৰমেৰে..
মোৰ অভিমানতে
মুখ ওফোন্দাই
ওলমি ৰই নিয়ৰবোৰ
বনৰ পাততে
ওৰেটো নিশা ...
মোৰ অভিমানতে
চেঁচা বতাহজাকে
বাৰে বাৰে
খুন্দিয়াই সৌ
পাহাৰৰ বুকুত
অলেখ অভিযোগ লৈ...
আকাশখনে তথাপি
মোকেই ভাল পাই
মই জানো ...

আজিওঁ আকাশখনে
আৱৰি আছে মোক
অযুত তৰাৰে ,
কোমল কুৱলীৰ
এখন শুভ্র চাদৰেৰে ...
মোৰ বাবে আকাশখন
আজিতো অকল
আকাশ নহয়
আকাশখন মোৰ
আইৰ চেনেহৰ আঁচল ...
মোৰ বাবে
তৰাবোৰতো আজি অকল
তৰাই নহয়
সিহঁত একোটা
জীয়া সপোন ...

মই উশাহ লওঁ,
জীয়াই থাকো ,
সপোন দেখো
এই একেখন
আকাশ বিচাৰি
একেই এমুঠি
তৰাকে সাৱতি...
আপুনিটো নাজানে
কিমানবাৰ প্রেমত পৰিছো
এই একেখন আকাশৰ

আপুনিটো নাজানে ...

তুমি জীৱন জীৱন বুলি কান্দা

তুমি জীৱন জীৱন
বুলি কান্দা
মই মৃত্যুৰ সতে 
তিনিআলিত আদ্দা মাৰো ..
তোমাৰ বাবে 
জীৱনে কঢ়িয়াই 
বোকোচা ভৰাই আশা 
আৰু মই ?
মই মৃত্যুক কওঁ 
দেৰীকে আহিবি 
এবাৰ চাই
লওঁ জীৱনক ...

বহু হিচাপ আছে
বহু পাবলৈ আছে
জীৱনে মোক
দিবলৈ আছে
দুহাত ওঁপচাই ...
বহু আগতেই
সি ধাৰ
কৰি নিছে
মোৰ আশা,আকাংক্ষা আৰু
এমুঠি মৰম ...

বেয়া নাপাবা
তোমাৰ প্রাচূৰ্য্যই
মোক আমনি নকৰে
আমনি নকৰে
তোমাৰ হাঁহিবোৰেও
তোমাক দেখিয়েতো
জীৱনৰ প্রেমত পৰো
বাৰে বাৰে..
নিশাবোৰ হৈ পৰে
সপোনৰ আখৰাঘৰ
তোমাক দেখিয়েতো
এদিন মাতিছিলো জীৱনক
ইমান কাষলৈ
সখা পাতিছিলো
তাৰ সতে ...
হইতো এদিন
সৰ্ব্বস্রান্তও হৈছিলো
তোমাক দেখিয়েই...

তথাপি আক্ষেপ নাই
ৰৈ আছো অকলে
যিদিনা ঘূৰাই পাম
জীৱনৰ পৰা
এমুঠি মৰম
সূতৰ সতে ...
যিদিনা ঘূৰাই পাম
হেৰোৱা সপোনবোৰ
মনে অঁতাকে ..
গুচি যাম
মৃত্যুৰ দুহাত সাৱতি
প্রাপ্তিৰ এটা
মিঠা হাঁহি আঁকি লৈ ...

তুমি জীৱন জীৱন
বুলি কান্দা
মই মৃত্যুৰ সতে
তিনিআলিত আদ্দা মাৰো ..

Monday 18 November 2013

মোৰ বাবে কঢ়িয়াই নুফুৰে সেই হাঁহি

জানো ... 
মোৰ বাবে 
কঢ়িয়াই নুফুৰে 
সেই হাঁহি 
জানো ... 
বৰ প্রেক্টিকেল 
এই পৃথিৱী ,
বৰ প্রেক্টিকেল 
এই পৃথিৱীৰ 
অলেখ হাঁহি ... 

বহি ৰওঁ
সময়ে অসময়ে
আপোনাৰ পদপথৰ
জ্যামিতি খেদি
ব্যস্ত চহৰৰ
ৰঙীন আলিত..
চহৰখনো বহি থাকে
মোৰ কাষতে
বাট চাওঁ আমি
আপুনি অহালৈ
আপুনি নজনাকৈ...

আপুনিটো নাজানে
মোক বলীয়া কৰে
স্নিগ্ধ জোনাকে
আপুনিটো নাজানে
গধূলীটোৱে মোক
আকোৱালী লয়
কিমান মমতাৰে ...
আপুনি বাৰু
বেয়া পাই
নেকী সিহঁতক?
আপোনাৰ বাবে
আকাশখন কেৱল
আকাশ নেকী ?
আৰু জোনাকবোৰ?
জোনাকৰ কবিতা
শুনিছেনে আপুনি ?
আকৌ লগ পালে
সুধিম আপোনাক...
আপুনিটো নাজানে
মোৰ বাবে
জীৱনটো এটা
জীয়া কবিতা
কঢ়িয়াই ফুৰো
সুখ দুঃখ
আৰু অভিমানেৰে
নিজৰ সতে ...

জানো ...
মোৰ বাবে
কঢ়িয়াই নুফুৰে
সেই হাঁহি
জানো ...
বৰ প্রেক্টিকেল
এই পৃথিৱী আৰু
এই পৃথিৱীৰ
অলেখ হাঁহি ...

অকলশৰীয়া

এটা সঁচা কথা কওঁ.. 
বৰ অকলশৰীয়া 
এই পৃথিবীৰ 
অলেখ মানুহ 
বুকুত দুখৰ 
উকমুকনি আৰু 
মুখত হাঁহিৰ প্রলাপ 
জ্বলি ৰোৱা
চাকিবোৰৰ দৰে
লুকুৱাই থয় বেজাৰবোৰ 
পোহৰৰ আলমতে
নিজৰ মাজতেই ,
নিজৰ মনতেই ...

সপোনবোৰ যেতিয়া
ওলমি ৰয়
মৃত বাদুলী হৈ
জীৱনৰ পৰিবাহী তাৰত,
আশাবোৰ যেতিয়া
হৈ পৰে
অচিন অতিথি
তেতিয়াওঁ সাৱতি থাকে
জীৱনৰ হাত
অলেখ মানুহে ...
মানুহ সম্ভাৱনা সাৱতি
জীয়াই থাকে ,
সম্ভাৱনাবোৰ হৈ
পৰে জীৱন...
জীৱন যে
মায়াৰ হৰিণ..
জীৱন যে
নেদেখা নদী..
জীৱন যে
সকলো সপোনৰ
শেষ সমাধি ..

এটা সঁচা কথা কওঁ
বৰ অকলশৰীয়া
এই পৃথিবীৰ
অলেখ মানুহ..
বৰ আচৰিত
এই মানুহবোৰ..
সপোন সাৱতি
সিহঁতে মাথো
গাই যায়
জীৱনৰ গান...
প্রাপ্তি 
------
মোৰ ঘোলা দুচকুত
সপোন আঁকিছিল তাই
এতিয়া আমি 
একেলগে থাকো 
তাই ,মই আৰু 
সেই সপোনবোৰ.. 

অপ্রাপ্তি
-------
মোৰ ঘোলা দুচকুত
সপোন আঁকিছিল তাই
এতিয়াতো আমি
একেলগে নাথাকো
তাই,মই আৰু
সেই সপোনবোৰ..

Tuesday 5 November 2013

যুঁজ

এজাক পোহৰ থাকে 
আন্ধাৰৰ মাজতেই 
যেনেকৈ আন্ধাৰ
লুকাই ৰয়
পোহৰৰ বুকুত 
অভিন্ন হৃদয় হৈ ... 

আচলতে কথাবোৰ 
সহজ আছিল
সহজ আছিল জীৱন 
যদি নিসিচিলেহেতেন মানুহে
আন্ধাৰৰ বীজ
ইমান সঘনে ...
যদি ভূলুন্থিত
নহলহেতেন ইমানবোৰ
পোহৰ ..

অৱহেলিত পোহৰে
ক্ষোভ কঢ়িয়াই ...
বিদ্রোহ কৰে
পোহৰৰ ভূভূক্ষাত
হাহাকাৰ কৰে
এজাক জোনাকে
অস্ত্বিত্ব বিচাৰি
যেনেকৈ খাদ্য বিচাৰে
শুকান শৰীৰে ...

এই যুঁজৰ
শেষ নাই
আজীৱন পোহৰ
বিচাৰে মানুহে
আৰু আন্ধাৰে
যুঁজি যাই
অস্ত্বিত্বৰ সংগ্রাম ...

এজাক পোহৰ থাকে
আন্ধাৰৰ মাজতেই

Saturday 2 November 2013

বাৰে বাৰে প্রেমত পৰো তোৰ

বাৰে বাৰে
প্রেমত পৰো তোৰ 
বাৰে বাৰে
হেৰুৱাও স্থিৰতা মনৰ 
নামানে নুবুজে 
আজিও অশান্ত হৃদয় 
তই নুবুজ ... 
অহঃ জীৱন 

ঘূৰি আহো 
তোৰ পদূলিলৈ
অজানিতে...
অনিমন্ত্রিত অতিথি হৈ
তই সিচি দিয়া
কলা আন্ধাৰত মই
আজি জোনাক বিচাৰো ...
তই দিয়া
দুঃখবোৰত মৰম
মোৰ যে
উপাই নাই
মই নিচাসক্ত
অবাধ্য তোৰ প্রেমত
আজিও ...

আজিও বাৰে বাৰে
প্রেমত পৰো তোৰ
ঘূৰি আহো
তোৰ পদূলিলৈ
অহঃ জীৱন...
তই হলে নুবুজ
অবুজ তই ...
তথাপি আঁকিম
তোৰ আকাশত
মৰমৰ ইন্দ্রধনু
সজাম তোৰ চোতাল
হেজাৰ চাকিৰে ..

ভাল পাওঁ তোক
প্রেমত পৰো তোৰ
বাৰে বাৰে
অহঃ জীৱন...

ইমানবোৰ পোহৰ...

ইমানবোৰ পোহৰ...
ইমানবোৰ পোহৰটো 
নালাগে মোক ..
তই অহা হলেই 
হলহেতেন .. 

চোতালত আজি 
ইমানবোৰ জোনাক 
কি কৰিম মই 
অভ্যাস নাই
তইতো জানই
মই পোহৰৰ আতিশয্য
সহ্য কৰিব নোৱাৰো ...

ভাল আছিল
তই থকা হলে
সহজ হলহেতেন,
ভগাই ললোহেতেন
এভাগ এভাগ
যেনেকৈ ভগাই
লৈছিলো এদিন
দুঃখৰ পাহাৰ...

কিস্তিত পাৰ
হয় জীৱন ...
এতিয়া যে
সুখতো বিচাৰি ফুৰো
আবতৰীয়া দুখ আৰু
শান্তিত ..হুমুনিয়াহ ।

মই আজিও
জুমি চাওঁ
জোনাকৰ হাতত ধৰি
আহই কিজানি তই
আকৌ এবাৰ ..
সেই একেই বাটেদি
যিটো বাটত
এতিয়া আন্ধাৰৰ পহৰা...

তইতো জানই ...
নোৱাৰো সহিব মই
ইমান পোহৰ..
নালাগে মোক ..
তই অহা হলেই
হলহেতেন ..

জীৱন...

জীৱন... 
তোৰ আকাশত
আঁকি যাম মই
মোৰ সোঁৱৰণি
দুঃখতো হাঁহি যাম
কৰি ভেঙুচালি
তই থাকিবি চাই
অবাক অকৰা হৈ...

আঁকি যাম 
অলেখ সপোন
থৈ যাম
স্মৃতিৰ এটা
আপোন ভড়াল
ঘামেৰে সিক্ত কৰি..

নাপাহৰিবি ...
মোৰেই শপত
এদিন অন্তত্ব
জুমি চাবি
থাকি যাব
তাত মোৰ
আধা কোৱা
অলেখ কাহিনী...

তই মাথো
যোগাই যাবি সমল...
অসমান অপদাৰ্থ‍
আলিবাটবোৰ বান্ধি ...
তই মাথো থাকিবি
কাষতে মোৰ
আশাৰ টঙালি বান্ধি ...

জীৱন...
তোৰ আকাশখনত
আঁকি যাম
মই মোৰ সোঁৱৰণি
দুঃখতো হাঁহি যাম
কৰি ভেঙুচালি..

চাকি

চাকিবোৰ জ্বলি 
থাকিবলৈ দিয়া ... 

চাকিবোৰ থকালৈকে 
যুঁজিম আমি 
আমাৰ শোণিত 
ইন্ধন হলে হওঁক 
আপত্তি নাই 
আমাৰ সপোনবোৰ 
শলিতা হলে হওঁক 
আপত্তি নাই
তমসা খেদিম আমি
আজুৰি আনিম
নতুন পুৱা ...

উত্তৰ পুৰুষক
এটা তেজাল পুৱা
উপহাৰ দিয়াৰ স্বাৰ্থত
শান্তিৰ এসাজ ভাত
উপহাৰ দিয়াৰ স্বাৰ্থত
দুৰ্নীতিৰ দানৱবোৰ
দমন কৰাৰ স্বাৰ্থত
জ্বলি ৰওঁক
হেজাৰ চাকি
চাকিবোৰ জ্বলি
থাকিবলৈ দিয়া ...

চাকিবোৰ থকালৈকে
যুঁজিম আমি
চাকিবোৰ থকালৈকে
জ্বলি থাকিব
আশাৰ একুৰা জুই
হৃদয় আৱৰি
অবিৰাম...

চাকিবোৰ জ্বলি
থাকিবলৈ দিয়া ..