Monday 10 August 2015

~~ভালপোৱা .. ~~

আকাশৰ টুকুৰাত 
নেথাকে ভালপোৱা ..
জোনাকী সপোনবোৰও 
তেনেই আলসুৱা ..
ইমান সহজ নহয়
বিচাৰি পোৱা !!
ভালপোৱাৰ সঁচা ঠিকনা..
পৰি ৰোৱা
এটা মলিয়ন চোলা
আধা অঁকা সপোনৰ
কিমান জকা ...
নোপোৱাৰ ওলমা দলং
বেদনাৰ এখন নৈ ..
পাৰ হ'বা জানো!!
সিপাৰে বহি থাকে
সঁচা ভালপোৱা ...
শূণ্য আকাশত
ওলমি থকা
এটা সুখৰ তৰা
পথবোৰ কিয় জানো
আন্ধাৰে আৱৰা !!
পাৰ হ'বা জানো!!
সিপাৰে বহি থাকে
সঁচা ভালপোৱা ...
আকাশৰ টুকুৰাত
নেথাকে ভালপোৱা ..
জোনাকী সপোনবোৰও
তেনেই আলসুৱা ..
ইমান সহজ নহয়
বিচাৰি পোৱা !!
ভালপোৱাৰ সঁচা ঠিকনা.

~~জীৱন জোনাকৰ কবিতা ~~

জীৱন জোনাকৰ কবিতা ..
সৰি পৰা আশাবোৰ
জীৱনে বোটলে.. 
মলিয়ন চোলাবোৰ
জীৱনে সাবতে ..
ভালপায় জীৱনে
স্বপ্নীল এখন আকাশ ..
এখন আকাশ
থাকে সদায় ..
তাৰ ৰঙবোৰ
কেতিয়াবা নীলা,
কেতিয়াবা ক'লা ..
জীৱনে ৰং সানে
সুখৰ সপোন সাজে..
ধুমুহাত হেৰুৱাই
আশাৰ অলেখ চিলা..
থাকি যায়
তথাপি সপোন
মাথোন সপোন ..
সপোননো কি কোৱা !!
জীৱনে শুনোৱা
এটা জীয়া কবিতা ...
জীৱন জোনাকৰ কবিতা ..

~~তথাপি মানুহ ..~~~

সমাধিত পৰি ৰয় 
শুকান গোলাপৰ পাহি
সপোনে হাঁহি থাকে 
আকাশ বিয়পি ..
নোপোৱাৰ সীমনাতো
হেৰাই শেষ নহয় আশা
শেষ নহয় মানুহ..
মানুহ...
তথাপি মানুহ ..
আকাংক্ষাৰ বুৰঞ্জীত
মানুহ মাটি হয়
সাজি লয় একোটা
বেদনাৰ পকীঘৰ ..
আন্ধাৰত ক'লা হয়,
দুঃখবোৰে ঢাকি থয় ..
তথাপি শেষ
নহয় মানুহ..
মানুহ...
তথাপি মানুহ ..
উশাহত থাকে
জীৱনৰ কিমান আকাংক্ষা
নিৰ্ব্বাপিত সুৰুজত
সাৰ পাই আশাই
আশাবোৰ সাচি
বাট চাই সিহঁতে ..
সিহঁত যে মানুহ ..
মানুহ..
তথাপি মানুহ ..
মানুহ হেৰাই,
মানুহ লুকাই
মানুহে মানুহক দিয়ে
বেদনাৰ কবৰ ..
তাতো ৰৈ যায়
এমুঠি মানুহ..
মানুহ..
তথাপি মানুহ ..

~~~ভাল পাবা জানো মোক~~~

ভাল পাবা জানো 
মোক জোনাকী !!
আন্ধাৰে ক'লা কৰা 
মোৰ দুখন হাত
ঘামত তিতা
এটা ফটা চোলা ..
কি আছেনো ইয়াত!!
অপূৰ্ণ আকাশ
অভাৱৰ বতাহ...
ভাল পাবা জানো
মোক জোনাকী ..

সোণৰ কাৰেংবোৰ
বৰ শুৱনি..
সুখৰ আঁকৰ
থাকে তাত ..
উপভোগৰ সাধনে
সজাব সপোন ..
এদিন সিহঁতেই
সজাব তোমাক ..
আৰু ইয়াত ?
ইয়াত মাথো ভালপোৱা..
ভালপোৱাৰ অলেখ শ্মশান ..
নোপোৱাৰ ক'ততা শ্লগান ..
শুকান কলিজাৰ গান ..
ভাল পাবা জানো
মোক জোনাকী ..
মৌনতাৰ ভাষা
বুজি পোৱা জানো?
হৃদয়ৰ মৈদামবোৰ
আজি যে এলাগী ..
আৰু ভালপোৱা?
ভালপোৱা মাথোন পদপথৰ
পেলনীয়া জাবৰ!
মুক্ত বজাৰত
নিলাম হয় কলিজা ..
হেজাৰ টকাত জীৱন ..
মইওঁ হেৰাম
এনেকৈয়ে তাত..
তাত...
য'ত সোণতকৈ কম
সপোনৰ দাম ..
ভাল পাবা জানো
মোক জোনাকী ..
আন্ধাৰে ক'লা কৰা
মোৰ দুখন হাত
ঘামত তিতা
এটা ফটা চোলা ..
কি আছেনো ইয়াত!!
ভাল পাবা জানো
মোক জোনাকী?

~~~সুখ~~~

বাটবোৰে বাট বিচাৰে 
সন্ধ্যাই এন্ধাৰ..
অভাৱে আহাৰ বিচাৰে 
নিৰৱতাই হুমুনিয়াহ..
আৰু সুখে ??
সুখতো শিল্প
নহয় সপোনৰ!!
সুখ ইয়াতে থাকে
বুকুত অকলে..
ইয়াতে..
মুকুতা নেলাগে সুখক
নেলাগে প্ৰাসাদ ..
এটা মন লাগে
আৰু এখন আকাশ..
সুখ ইয়াতে থাকে
দুচকুত,দুবাহুত
এটা হাঁহিত
অলপ চকুলোত ..
সেউজীয়া পথাৰত
নীলা আকাশত
সাৰ পোৱা বেলিটোত
পথাৰৰ বোকাত ..
চেনেহত লুটুৰি পুটুৰি হৈ
সুখ ইয়াতে থাকে
বুকুত অকলে..
ইয়াতে..
সুখতো শিল্প
নহয় সপোনৰ!!
সুখ ইয়াতে থাকে ..

হীৰু দা...

তেওঁৰ কামিজটো 
এতিয়াওঁ উৱলি যোৱা
জোনাকৰ জখলা 
বগাই তেওঁ
আপোন পাহৰা ..
কবিবোৰ যেতিয়া
কবিতা হয় ..
আবেগৰ জুমুঠিত
জ্বলি ৰয়
অলেখ কবিতা ..
তেওঁৰ দৰেই সিহঁতো
অকলশৰীয়া ....

~~আশা~~~

দুচকুত সি 
সপোন সানি
থৈ গ'ল 
আন্ধাৰত সি
জোনাক সিচি
থৈ গ'ল ..
আকাশখনতো ওলমি
আছিল তেনেকেই !!
তাত সি এটা
তৰা আঁকি থৈ গ'ল..
দুচকুত সি
সপোন সানি
থৈ গ'ল..
তাক সুধিছিলো
জীৱন সহজ জানো !!
মৃত্যুৰ ঠিকনাটো
সি মাথোন
হাতেৰে মোহাৰি গ'ল..
এটা তৰাক সি
এনেই জোকাই থৈ গ'ল ..
কিমান আন্ধাৰ আছিল
সেই নিশাটো !
হাঁহি হাঁহি সি
দুঃখক নিচুকাই গ'ল..
দুচকুত সি
সপোন সানি
থৈ গ'ল..

~~ তেওঁ নাই .. ~~

তেওঁৰ মৃত্যুত চোৱা 
জগতে কান্দিলে
পৰি ৰোৱা ফুলবোৰে 
বুকু সেমেকালে ..
তেওঁ নাই ..
অথচ আজিও জোনাক !
তেওঁৰ হাঁহিত আজি
জিলিকে আকাশ ..
মৃত্যু মাথোন
এটা শব্দ..
জীৱনেই দি যায়
জীৱনৰ অৰ্থ ..
সূৰ্যৰ জানো
মৃত্যু হয় ..
সপোন জানো
থমকি ৰয় ...
তেওঁ এৰি যোৱা
সপোনৰ তৰা
উজলিব এদিন
তেওঁৰ প্রতিভূ হৈ ..
তেওঁ নাই ..
অথচ আজিও জোনাক !
তেওঁৰ হাঁহিত আজি
জিলিকে আকাশ ..

তই আৰু মই …

এটা উৰুঙা আবেলি
এটা শুকান বৰশি
তই আৰু মই 
কিছু নিজান সময় …
আজিও আছে বুকুত
লেচেৰি বোটলা
কিছু উমাল স্মৃতি
কিছু আবেগৰ ঘৰ…
জীৱন যেতিয়া
ধেমালি আছিল
সপোন বালিঘৰ …
পোৱা কি নোপোৱা কি
কিছু অবুজ সাথৰ …
ঘুৰি যাও ব'ল
ধুলিয়ৰি আলিটোৰে
পৃথিৱীৰ ভিৰ এৰি
কিছু আপোন সময়ে
চিনি পাব
আজিও আমাক
তইযে আজিও তই
মই সেই
একেই মই …
এটা উৰুঙা আবেলি
এটা শুকান বৰশি
তই আৰু মই
কিছু নিজান সময় …

~~অপেক্ষা~~

তাই সুধিলে 
জীৱনক ভালপোৱা ?
মই ক'লো 
ভালপাওঁ তোমাক..
তাই সুধিলে
কিয় ?
মই ক'লো
বতাহক সোধা ..
তাই ক'লে
বতাহ যে চঞ্ছল!
মই ক'লো
চঞ্ছলতো মনও ..
তাই আকাশখন
খেপিয়াই চালে..
এটা দিন সামৰি
ৰঙচুৱা বেলিটো
উভতিছিল তেতিয়া..
এবোজা স্মৃতিৰ ৰঙেৰে
ৰঙীন হৈ ..
এতিয়া মাথোন অপেক্ষা
অপেক্ষা জোনাকৰ..
সেমেকা এযোৰ চকুত
অপেক্ষা হেপাহৰ..
প্রত্যয়ৰ চোলাটো পিন্ধি
উভতিলো মই
থাকি আহিল তাত
এখন হৃদয় ...
এতিয়া মাথো অপেক্ষা
অপেক্ষা জোনাকৰ..