Monday 30 December 2013

সুধিম আজি..

কুৱলীয়ে ঢকা 
পথটোৱে হেনো 
কৈ যাব মোক 
তাৰ কথা, 
সঁচা কথা ..
সঁচা জানো ? 

মোৰ বাবে সি 
অচিন জগতৰ
অবোধ্য অতিথি ... 
পূৱাবোৰ মায়াময়
হৈ পৰে
তাৰ আগমণত..
এঙামুৰি দি
ৰঙীন হয়
মায়াবী আকাশ ..
নাজানো কুৱলীৰ
আলোৱানখন লৈ
কিয় সি
মোৰ পদূলিত
শেৱালি বোটলে
প্রতিটো পূৱা ..
তাৰ ৰূপোৱালী হাঁহিত
ৰ'দবোৰো লাজতে লুকাই

মই ভাবো,
সি প্রেমত পৰে
তেজাল পূৱাৰ..
হয় জানো ?
কাক ভাল পায় সি ?
কাৰ অপেক্ষাত সি
নিয়ৰ চতিয়াই ...
শেৱালীৰ সৰা ফুলবোৰক
নে লাজুকী ৰ'দক?
সুধিম আজি..

সি হেনো
কৈ যাব
মনৰ কথা ,
সঁচা কথা ..
সঁচা জানো ?

সুধিম আজি..

সপোন ক'ত থাকে

অকণমানি হাত দুখনত
এখামোচা বালি 
আছিল তাইৰ ..
কেঁকোৰা চুলিত 
লুকা ভাকু খেলি
আছিল বেলিটোৱে .. 
মোক সুধিছিল তাই 
সপোন ক'ত থাকে 
মনত নে আকাশত ?
এই যে ডাৱৰবোৰ 
সিহঁতে বোকোচাত তুলি
লৈ ফুৰে
নেকি উলাহত?
গধুৰ নে সিহঁত
তুমি বাৰু পাৰানে
সপোন কঢ়িয়াব?

উত্তৰবোৰ বেলিটোৰ দৰে
হেৰাইছিল তেতিয়া
মই হেৰাইছিলো
নিজৰ মাজত
কওঁ কেনেকৈ
দুঃখৰ নৈখন
পাৰ হৈ
কিমান দূৰ
আগুৱাব লাগে
সপোন খেদিবলৈ
সপোনবোৰ কিমান গধুৰ
কিমান হেৰুৱায় মানুহে
নিজে নজনাকৈ ...

মুঠিৰ বালিবোৰ
শেষ হৈছিল তাইৰ
মই ক'লো
সপোনবোৰ তাইৰ
এদিন চুব পাৰিব
দুহাত মেলি
তেতিয়ালৈ সিহঁত
সুখেৰে থাকক
ডাৱৰৰ আৰত ...

তাইৰ বাবে
আকাশখন এতিয়া আপোন
মোৰ বাবেও..
হেপাহৰ সপোনবোৰ
ওমলে যে তাত ...

এজাক উৰুঙা ভোক..

শীতৰ শেতেলীত 
তাৰ অপেক্ষাত 
ৰৈ থাকে 
এজাক উৰুঙা ভোক.. 
সুলভ একো নহয় 
দুহাতত দৰিদ্রতাৰ আঁচোৰ 
দুচকুত ভাগৰৰ টহল .. 
এইবাৰ খেতিও 
ভাল ন'হল ,
বাঢ়িব আৰু 
হেনো ডাৱৰ ...
আঁচনিৰ অৰ্থ
সি নুবুজে
তাৰ বাবে
সেইবোৰ উপহাস মাথো ..
আপুনি তাক
চিনি পাই,
মলিয়ন কাপোৰত
সাঁচি ৰাখে
কোমল হৃদয়
আপোনাৰ দুঃখবোৰত সি
আপোনাৰ সহচৰ
আৰু নিজৰবোৰত?
নিজৰবোৰত প্রায়েই নিসংগ ...
তাৰ সঁচা হাঁহিবোৰত
আপুনিও দুখীয়া
হৈ পৰে,
আপুনি হেৰুৱাৰ
আশংকাত ক্লান্ত
সি জীৱনৰ যুঁজত..
আপুনি প্রাপ্তিৰ পোহৰত
ডাৱৰ বিচাৰে
সি অপ্রাপ্তিৰ আন্ধাৰত
এমুঠি জোনাক ...
আপোনাৰ বাবে
ভাতৰ পাতবোৰ
ৰৈ থাকে
মানুহ বিচাৰি,
তাৰ বাবে
মানুহবোৰ ৰৈ থাকে
ভাত বিচাৰি..

সি হেনো দুখীয়া
আৰু আপুনি ?
আপুনি জানো ধনী ?
কেতিয়াবা বিলাই চাবচোন ,
এমুঠি সুখ ,ভাত
আৰু মৰম ...

অই মন

বতাহে জোকাই 
যাই চা ,
তোক আৰু মোক... 
অই ম'ন ,
ব'ল না 
সপোন এটা বিচাৰো ..
এটা ধুনীয়া সপোন ,
কোনেও নজনাকৈ ... 

কি ক'লি, 
আমনি লাগে তোৰ ?
মই আমনিহে
কৰিছো তোক!
মই মনে মনে
বহি থাকো যেতিয়া ,
তেতিয়াতো তোৰ কথাবোৰ
মনে মনে শুনো...
তই কি বিচাৰ
মই নাজানো!
ব'ল না
সপোন এটা বিচাৰো ..
দিনৰ পৃথিৱীত
তোৰ কথাবোৰতো
শুনিব নোৱাৰো সদায়,
তই দেখোন জানই...
এতিয়া মাথো তই
আৰু মই...
কোনেও নুশুনে আজি
আমাৰ কথা
ব'ল না
সপোন এটা বিচাৰো ..

তই কোৱাৰ দৰেই
শেষত সকলো
ভাল হ'ব
তই বুজুৱাৰ দৰেই
পাৰ হ'ম
আন্ধাৰ পাহাৰ
পাহাৰতোৰ সিফালে
মোলৈ বাট চাব
এবুকু আশাই
আশাবোৰ বুকুত
বান্ধি এদিন
সুখী হ'ম মই ...
ভাল লাগিছে
আৰু ক' না
কোনোবা আহিবই এতিয়া...

কি ক'লি ?
কালিলৈ ক'বি
নাপাহৰিবি কিন্তু !
কালিলৈ য'দি
মই মোৰ নিচিনা
হৈ থাকো
তোৰ কথা
আকৌ শুনিম,
তোৰ কাষলৈ
আকৌ আহিম ...

অই ম'ন ,
ব'ল না
সপোন এটা বিচাৰো ..

দুঃখ ক'ত ?

এচাটি ৰ'দ ,
অলপ বতাহ 
আৰু কজলা 
মেঘৰ চাঁয়া ... 
দুঃখ ক'ত ?
দুঃখ আজি অকলশৰীয়া .. 

দুঃখৰ পোচাক সোলোকাই
মই মোৰ আকাশত 
সজাওঁ নিতৌ 
নতুন সপোন,
সপোনৰ ৰামধেনু..
মই এতিয়া
সপোনৰ সদাগৰ
দুঃখ ক'ত ?
দুঃখ আজি অকলশৰীয়া ..

ক'লা আন্ধাৰ ফালি
পুৱাৰ কিৰণে
যেতিয়া চুমি যায়
এই ধৰাক,
পখীয়ে যেতিয়া
দুবাহু মেলি
সাৱতে নীলিম সীমনা
দুঃখ ক'ত তেতিয়া ?
দুঃখ তেতিয়াওচোন অকলশৰীয়া ..

মোক নুসুধিবা
দুঃখ কিয় তেনেকুৱা ?
কুৰুকি কুৰুকি
কৰে সি
হৃদয়বোৰ অবাবতে ফোপোলা ...
নিস্পাপ হাঁহিবোৰত
মই দেখোন
নেদেখো তাক,
আশাৰ সপোনতো নেদেখো !
ক'ত বা
পলাই সি ?
সি পলৰীয়া..
দুঃখ আজি ক'ত ?
লুকাল কিজানি আন্ধাৰত!
দুঃখ আজি অকলশৰীয়া ..

Saturday 21 December 2013

সোধাই ন'হল

সোধাই ন'হল, 
বহুত কথা 
সোধাই ন'হল.. 
তুমি চুলি 
মেলি ভালপোৱা 
নে বেণী গাঁঠি?
আচলতে ভালকৈ 
চোৱাই ন'হল
মুৰ তুলি..
তোমাক দেখিলেই 
কিয় জানো ,
মাটিৰ সৰাপাতবোৰ
মিতিৰ হৈ পৰিছিল
তোমাক দেখিলেই
কিয় জানো
দূৰৰ চৰাইবোৰ
চিনাকী হৈ পৰিছিল
নিৰৱতাৰ বাঢ়নী পানীত
উতলিছিল এখন কলিজা ..

কি কৰিবা
সোধাই ন'হল নহয়
তুমি চকলেট
খোৱা নে আইচক্রীম
কেতিয়াবা ভাবিছিলো
গণিতৰ বহীতে
লিখি দিম
ভালপোৱাৰ সমীকৰণ
খোজাই ন'হল বহীখন
বহীখন যে তেতিয়া
খোজাই ন'হল..

কেতিয়াবা এতিয়াও যাওঁ
চিনাকী গছজোপাৰ তলতে
এবাৰ বহি চাওঁ
সজীৱ হৈ
পৰে অতীত ,
সজীৱ হৈ
পৰে সময় আৰু
সজীৱ হৈ পৰা
তুমিওঁ ...

সোধাই ন'হল
বহুত কথা
সোধাই ন'হল..

সঁচা জানো ?

কুৱলীয়ে ঢকা 
পথটোৱে হেনো 
কৈ যাব মোক 
তাৰ কথা, 
সঁচা কথা ..
সঁচা জানো ? 

মোৰ বাবে সি 
অচিন জগতৰ
অবোধ্য অতিথি ... 
পূৱাবোৰ মায়াময়
হৈ পৰে
তাৰ আগমণত..
এঙামুৰি দি
ৰঙীন হয়
মায়াবী আকাশ ..
নাজানো কুৱলীৰ
আলোৱানখন লৈ
কিয় সি
মোৰ পদূলিত
শেৱালি বোটলে
প্রতিটো পূৱা ..
তাৰ ৰূপোৱালী হাঁহিত
ৰ'দবোৰো লাজতে লুকাই

মই ভাবো,
সি প্রেমত পৰে
তেজাল পূৱাৰ..
হয় জানো ?
কাক ভাল পায় সি ?
কাৰ অপেক্ষাত সি
নিয়ৰ চতিয়াই ...
শেৱালীৰ সৰা ফুলবোৰক
নে লাজুকী ৰ'দক?
সুধিম আজি..

সি হেনো
কৈ যাব
মনৰ কথা ,
সঁচা কথা ..
সঁচা জানো ?

সুধিম আজি..

Wednesday 18 December 2013

এই নিশাবোৰ

এই নিশাবোৰ 
নিৰৱতাৰ পহৰাত
স্বপ্নাতুৰ হৈ উঠে ... 
হেৰোৱা সময়বোৰ 
ভাগৰুৱা হৈ 
বহি পৰে 
মোৰ কাষতে ..
স্মৃতিৰ লুকা ভাকুত 
মিচিকিয়াই সময়ে 
চিনাকী মানুহৰ দৰে ... 
এই নিশাবোৰ
অতিক্রমী আগবঢ়াতো
সহজতো নহয়
যিদৰে সহজ নাছিল
নিজক বিচৰাতো
অতীতৰ খণ্ডিত আইনাত..

এই নিশাবোৰ
নিচেই চিনাকী মোৰ..
সহযাত্রী দীঘল বাটৰ
বাটবোৰে যিদিনা
বিচাৰি পাব
নিজৰ গন্তব্যস্থল
সেইদিনাই মইও
বিচাৰি লম
নিজৰ বাসস্থান
নিশাটোৰ স'তে..
সহজতো নহয়
এই যাত্রা
মোৰ,নিশাটোৰ বা
এই দীঘল
বাটতোৰ বাবে ...

এই নিশাবোৰ
নিৰৱতাৰ পহৰাত
স্বপ্নাতুৰ হৈ উঠে ...

তাক বুজাওঁ, প্রায়েই বুজাওঁ

তাক বুজাওঁ,
প্রায়েই বুজাওঁ
নুবুজে সি ...
অপলক চাই থাকে
নিৰৱ তৰাক
আজি যে জোনটো
ডাঙৰকৈ ওলাইছিল
সি নাচি উঠিল ..
প্রায়েই হাতখন খামুচি
ধৰি ৰাখো তাক
আজি এৰি দিলো
সি দেওঁ
দি দি
ভাগৰি পৰিল
নিস্তব্ধ ভাগৰে
যেতিয়া আৱৰি
ল'লে তাক
সি টোপনী গ'ল
মোৰ বুকুতে লুকাই
মোৰ বুকুত
সপোন লুকুৱাই
সি এনেকৈয়ে
প্রায়েই টোপনি যায়..

অবাধ্য সি ,
নুশুনে মোৰ কথা
তথাপি আমি
একেলগে থাকো
সি মোৰ স্পন্দন
সি মোৰ
সপোনৰ সহচৰ...
তাৰ সপোনৰ কাৰেঙত
মই মোৰ
ঘৰ বান্ধো
তাক জগাই
বাৰে বাৰে
সোধো মই
জীয়াই আছোনে সঁচাকৈ
আছোনে জীয়াই ?

তাক বুজাওঁ,
প্রায়েই বুজাওঁ
নুবুজে সি ... 

Monday 16 December 2013

মনে মনে কথা পাতে এজাক পখিলাই

মনে মনে
কথা পাতে 
এজাক পখিলাই 
মনে মনে 
জোনক জোকাই 
অবুজ তৰাই 
লাজতে জোনে আজি 
গছৰ পাতেৰে ঢাকি 
কিয় বাৰু এনেকৈ
মুখ লুকুৱাই.. 

মনে মনে
কৈ যায়
নিৰৱ নিশাই
কিয় সি চকুলোৰে
বননি তিয়াই
কিয় ইমান মৰম
বুকুত মাজতে লৈ
উদাস পৃথিৱীক সি
একেথৰে চাই...

মনে মনে
কৈ যাই
শীতৰ নিশাই
ইমান অকলশৰে
নিৰৱ সময়ে আজি
স্মৃতিৰ সমাধিত ৰৈ
শেৱালি সজাই..

মনে মনে
জ্বলে জোনাক
দুচকু ভৰাই
মৰম মৰম বুলি
মৰম বুকুতে লৈ
কতনো মৰমীয়াল
মানুহ হেৰাই ..
বাৰে বাৰে মৰমৰ
ঠিকনা আওঁৰাই ..

মনে মনে
জোকাই জোনক
অবুজ তৰাই
মনে মনে
কথা পাতে
এজাক পখিলাই ...

এখন নদী আছিল তাত

বিশ্বাস কৰক..
এখন নদী 
আছিল তাত
আছিল এখন 
কাঠৰ নাওঁ 
নীলা পানীবোৰত 
অঁকা আছিল 
ঢৌ খেলা 
এজাক সপোন 
সুৰুযে সজাইছিল 
ওঠৰ হাঁহিৰে
বতাহে কপাইছিল
প্রাণৰ ভাষাৰে..
ভাবিছিলো চুই
চাম অযাচিতে
ভাবিছিলো জুৰুলি
জুপুৰি হম এদিন
লাগিব কিজানি
এটা ছাটিও
নিজক বচাবলৈ..

বিশ্বাস কৰক
এতিয়াও নৈখন বয়
এটা পাৰে মই
আৰু আনটো পাৰে..
আনটো পাৰে
সেই কাঠৰ নাওখন ..

নিজকে বিচাৰো বলা ..

নিজকে বিচাৰো বলা ..
বলা,দুচকু জিলিকাই
আঁকি লওঁ
একোটা সপোন.. 
বলা, তৰাৰে 
লিখি লওঁ 
এই সপোনবোৰ 
হেৰাই নোযোৱাকৈ..

যত যাত্রাবোৰ 
শেষ হয়
যত সময়ে
জিৰণী লয়
যত এদিন
মই মোৰ
দৰে হম আৰু
তুমি তোমাৰ দৰে
তাৰ পৰাই
ঘূৰি চাম
সময়ে পাহৰাব নহলে
তুমিতো জানাই
ইমান ভিৰ আজি
নিৰুপায় হৃদয় ..

পাহৰি যোৱাৰ আগতেই
বলা,লিখি থওঁ
জোনাক থাকোতেই
সপোনে মাতোতেই
বলা,লিখি থওঁ
তুমি জানো নাজানা
কিমান সপোন হেৰাল
কিমানে কান্দিলে উচুপি
কিমানে ওফোন্দ পাতে
অতীত সুঁৱৰি ..

বলা নিজকে বিচাৰো
সপোনবোৰ তৰাৰে
লিখি লৈ,
বলা আকৌ ..

শান্তি

বৰ শান্তিৰে 
শুই আছিল সি
সন্তুষ্টিৰ হাঁহি এটা 
সাৱতি লৈ... 

মানুহবোৰে ক‌লে 
সৌটো বাটেৰে 
পোহৰ নামে 
সৌটো বাটতহে 
জোনাক থাকে ... 

বৰ মন আছিল
এদিন জোনাকত
তিতিব সি
প্রাণখুলি গাব
জীৱনৰ গীত..

সি আগুৱাই গল
সেই বাটেৰে..
ভাঙি থৈ গল
শিলৰ পাহাৰ,
পাৰ হল এখন
নেদেখা নদী আৰু
এখন দুঃখৰ সাগৰ

নাই ...
জোনাক চোন
ইয়াতো নাই
আৰু নাই
সেই মানুহবোৰো ..
নিসংগ এটা
তৰাৰ বাহিৰে
তাত তেতিয়া
একোৱেই নাছিল
তাৰ দৰেই...

বৰ শান্তিৰে
শুই আছিল সি
সন্তুষ্টিৰ হাঁহি এটা
সাৱতি লৈ...

মোক নিবিচাৰিবা

নিয়ৰসনা দুৱৰিৰ মাজত 
মোক নিবিচাৰিবা
নিবিচাৰিবা মোক
তৰাৰ আঁৰত ..
মই আজিকালি 
ঠিকনাবিহীন,
স্বাধীন মানুহ ..

বেলিতো যেতিয়া 
ম্লান হৈ পৰে, 
ধূলিত যেতিয়া
ঠিকনা বিচাৰে
ঘৰমুৱা মানুহবোৰে,
কুৱলিৰ মাজত
নিজক লুকুৱাই
বহি থাকো
কুছি মুছি
আন্ধাৰৰ আৰত..
আন্ধাৰ মোৰ
নতুন ঠিকনা!
আন্ধাৰত সকলো সমান
হাঁহিও আৰু
হইতো বিষাদো
মই আৰু
হইতো তুমিওঁ..

এটা কথা হলে
এতিয়াই কৈ থওঁ
মই নাথাকো আজিকালি
তোমাৰ হৃদয়ত ..
এতিয়া মুকলি মই
এজাক বতাহৰ দৰে,
এজাক তৰাৰ দৰে..

নিয়ৰসনা দুৱৰিৰ মাজত
মোক নিবিচাৰিবা
মোক নিবিচাৰিবা
তৰাৰ আঁৰত...

ওপজা দিনটোত আবেগিক হৈ পৰো

ওপজা দিনটোত 
আবেগিক হৈ পৰো 
জন্মৰ পৰাই ... 
সেই যে প্রথম 
চকুলোৰে আৰম্ভ 
হয় জীৱন 
বুকুত বান্ধি অনা 
আবেগবোৰো মুকলি হয় 
সহোদৰ হৈ ..

জীৱন এটি
অনামী কবিতা
এখন যাযাবৰী ডায়েৰী..
ভৱিষ্যতৰ আশাত
প্রায়েই এৰি যাওঁ
এমুঠি সুখ আৰু
এধানমান মৰম...
সুখৰ সন্ধান কৰাৰ
বেয়া অভ্যাসটো
এতিয়াও মোৰ সহচৰ
উপত্যকাৰ যিটো ফালে
মানুহবোৰ নাযায়
মই আজি
তাৰ বাসিন্দা
আপোনাকো মাতিছো
"আহক ..."
উপহাৰ হিচাপে
লৈ আহিব
এখন সঁচা হৃদয় ...

ওপজা দিনটোত
আবেগিক হৈ পৰো
জন্মৰ পৰাই ... 

জীৱন তোৰ অলেখ ৰং

জীৱন তোৰ 
অলেখ ৰং 
ধাৰলৈ দিবিনে অলপ 
সজাই লওঁ 
মোৰ সপোনবোৰ 
মামৰে ধৰাৰ আগতেই ... 

তোৰ পদূলিৰ 
সৰা পাতেৰে 
সজাম মই 
মোৰ পঁজা
তোৰ চোতালৰ
জোনাকে চা
আৱৰে কেনেকৈ হিয়া ?
আহিবি এদিন...
চাই যাবি
তোৰ মায়াত
আজিও আৱদ্ধ মোৰ
ক্লান্ত শৈশৱ আৰু
ব্যস্ত যৌৱন ...

মুকলি আকাশকে
আমনি কৰো
তোৰ ঠিকনা সুধি
তোৰ হেপাহত
হেৰুৱাওঁ আজিও
অলেখ অযুত হাঁহি ..
আহিবি এদিন...
সজাম মোৰ পঁজা
ক'ম তোক
কিমান নিশা
নিচুকাইছিল জোনাকীয়ে
সঁচাকে কৰি মিছা...

জীৱন তোৰ
অলেখ ৰং
ধাৰলৈ দিবিনে অলপ
সজাই লওঁ
মোৰ সপোনবোৰ
মামৰে ধৰাৰ আগতেই ...

Tuesday 10 December 2013

প্রতিপল

প্রতিপল সপোনৰ 
প্রতিপল দিঠকৰ 
প্রতিপল পোৱা নোপোৱাৰ 
নাইবা পাই হেৰুৱাৰ 
প্রতিটো পলেই হাঁহিৰ
আৰু প্রতিটো পলেই 
হইতো এটোপাল চকুলোৰ.. 
প্রতিপল এখন 
নতুন যুঁজ 
প্রতিপল মাথো 
অন্তহীন দৌৰ
অলপ ক্ষোভ,
আশা আৰু
নিৰুদ্দিষ্ট সপোনৰ মিচিলি ...
এই যে ভাল
লাগে হাঁহিবোৰ
এই যে আপোন
হয় মানুহবোৰ
প্রতিটো পলত ..
প্রতিপলত তুমি আৰু
প্রতিটো পলত মই
হইতো আমিওঁ আছো
প্রতিটো পলত ..
প্রতিপল এটা সুযোগ
প্রতিপল মৰমৰ,
কল্পনাৰ আৰু সঁচা আবেগৰ
প্রতিপল জীৱনক
চুই চোৱাৰ
ভাল পোৱাৰ
জীয়াই থকাৰ ..
প্রতিটো পলেই জীৱন
হয়,প্রতিটো
পলত জীৱন
জীৱন মাথো জীৱন
এক মিঠা আবেগ
প্রবাহিত যি
ৰন্ধে ৰন্ধে

প্রতিটো পলত ...

ঘূৰি যাওঁ

সি নজনাকৈ 
আকৌ ঘূৰি যাওঁ
তাৰ কাষলৈ .. 
হেপাহ পলুৱাই 
এপলক তাকে চাওঁ
মোক তেতিয়াওঁ 
চিনি নাপায় সি 
তাৰ বাবে মই 
অবুজ সাথৰ 
নিজৰ সুখবোৰ 
বিক্রী কৰা
অবোধ সদাগৰ..

তাৰ দুহাতত
ধূলিৰ কৰাল
স্বাধীন সি
তাৰ হৃদয়ত
অযুত জোনাক
ইমানবোৰ মৰম আৰু
আকাশ ভৰা সপোন ...

মই হৈ পৰো
তেনেই নগন্য
তেনেই নিঃকিন
তাৰ তুলনাত...
মই এটা ফোপোলা
মমৰ টুকুৰা ,
জটিল অঙ্কত নিমজ্জিত
মই এটা মাথো
শুকান সমীকৰণ...

তাৰ মুখৰ
হাঁহিবোৰ চুৰ
কৰি কৰি
জীৱন সজাওঁ মই ...
তাৰ সপোনৰ পোহৰত
উশাহ লওঁ
তাৰ মৰমৰ জোনাকত
ওমলো প্রাণ ভৰি...

সি যে মোৰ
সোনালী অতীত
আৰু মই?
মই তাৰ
ধৰুৱা ভৱিষ্যত ..

সোঁৱৰণীৰ কুঁৱলিত

সোঁৱৰণীৰ কুঁৱলিত 
তোমাক দেখাৰ আশাত 
ৰৈ আছিলো 
গধূলিটোৰ সতে 
সেই তিনিআলিটোতে
যত এদিন 
বৰফ হৈ নামিছিল
এবুকু বিষাদ ...

অচিনাকী একোৱেই
নাছিল তাত
নিজৰ বাহিৰে..
কুঁৱলিৰ চাদৰ পিন্ধি
জোনাক নামিছিল তেতিয়া
যেতিয়া মই
উভতি আহিছিলো
উকা হাঁহি
এটা আঁকি লৈ
আগৰ দৰেই
আনদিনাৰ দৰেই...

খুপি খুপি আহে

খুপি খুপি আহে 
হাঁহিৰ টুকুৰা 
খুপি খুপি আহে 
সুখৰ প্রহৰ ,
টুকুৰাত বিভক্ত 
হয় আজি 
একোটা জীৱন.. 
নোপোৱাৰ মাজতে 
সজাই মানুহে 
এনেকৈয়ে .. 
প্রাপ্তিৰ সংগ্রহালয়

খুপি খুপি অহা
মৰম বিচাৰি
ৰৈ থাকে আজি
উদাস কলিজা ...
সময়ে ওমলাই তাক ,
আজি হেনো
গলিব জোনাক
আজি হেনো
দেখিব তোমাক ..

অপেক্ষা ...
মাথো অপেক্ষা ..
আৰু তেনেকৈয়ে
পাৰ হয় নিঃশব্দে
খুপি খুপি..
একোটা সন্ধ্যা,
একোটা নিশা
আৰু হইতো
একোটা যুগ...

খুপি খুপি
আকৌ আহিব হেনো
হাঁহিৰ টুকুৰা
অপেক্ষা ...
মাথো অপেক্ষা .....
আহিবনে ,
আহিবনে সঁচাকৈ ?
খুপি খুপি
সেই মৰমবোৰ
হাঁহিৰ টুকুৰা লৈ...

যত সেই বননিডৰা

যত সেই 
বননিডৰা নিঃশব্দে 
শুই পৰিছিল 
তাৰ ওপৰতে আছিল 
এখন মুকলি আকাশ 
আৰু এজাক তৰা..
প্রায়েই শুই পৰো 
সেই বননিডৰাত 
আইৰ কোলাৰ দৰেই 
নিৰাপদ আৰু উমাল ..
তৰাৰ ওৰণিখন
তেতিয়াও জিলিকি থাকে
দুচকুত লাজুকী
হাঁহি এটা লৈ..
কাষেৰে পাৰ হয়
এজাক জোনাকী ...
অদৃশ্য হৈ
যাও মই
ইমান জোনাক
নাই ..
কতো নাই..
ইমান শান্তি
নাই ..
কতো নাই ..

প্রায়েই শুই পৰো
সেই বননিডৰাত ..
প্রায়েই ...

কত দেখিছিলো নিজক

নাজানো শেষবাৰ 
কত দেখিছিলো নিজক 
নাজানো কেতিয়া 
উৰুঙা হল 
কোলাহল সপোনৰ .. 
নাজানো কেতিয়া
ভাগিল ভিৰ, 
কেতিয়া থাকি 
গলো অকলে 
নিৰৱতাৰ প্রহৰী হৈ .. 

এতিয়া মাথো
এজাক ঝিলি
আৰু মই...
হইতো বিচৰাওঁ নাই
জীৱনৰ পৰা
বহু কিবা কিবি
আমনি লগাকৈ ...
নিৰৱতাৰ ভাষা
বুজি পাওঁ
কব পাৰো সলসলীয়াকৈ ..
এই গধূৰ
গধূলিটোৰ সতে
প্রায়েই বহি ৰওঁ
ভাল লাগে
ভাল পাওঁ আজিকালি
ভালপোৱাতো এনেকুৱাই
বাঢ়ি যাই
লাহে লাহে ..
নিৰৱতাৰ কোলাহলবোৰোতো
বাঢ়িছে আগৰদৰেই
বাঢ়িছে আকৌ ভিৰ
বাঢ়িছে মৰম
বাঢ়িছে নিসংগতা..
এতিয়া মই,
এজাক ঝিলি আৰু
এটা নিৰৱ নিশা...
হইতো এনেকৈয়ে
এদিন বিচাৰি
পাম নিজক
টুকুৰা টুকুৰকৈ..

নাজানো শেষবাৰ
কত দেখিছিলো নিজক
নাজানো...

মনে মনে কথা পাতে এজাক পখিলাই

মনে মনে
কথা পাতে 
এজাক পখিলাই 
মনে মনে 
জোনক জোকাই 
অবুজ তৰাই 
লাজতে জোনে আজি 
গছৰ পাতেৰে ঢাকি 
কিয় বাৰু এনেকৈ
মুখ লুকুৱাই.. 

মনে মনে
কৈ যায়
নিৰৱ নিশাই
কিয় সি চকুলোৰে
বননি তিয়াই
কিয় ইমান মৰম
বুকুত মাজতে লৈ
উদাস পৃথিৱীক সি
একেথৰে চাই...

মনে মনে
কৈ যাই
শীতৰ নিশাই
ইমান অকলশৰে
নিৰৱ সময়ে আজি
স্মৃতিৰ সমাধিত ৰৈ
শেৱালি সজাই..

মনে মনে
জ্বলে জোনাক
দুচকু ভৰাই
মৰম মৰম বুলি
মৰম বুকুতে লৈ
কতনো মৰমীয়াল
মানুহ হেৰাই ..
বাৰে বাৰে মৰমৰ
ঠিকনা আওঁৰাই ..

মনে মনে
জোকাই জোনক
অবুজ তৰাই
মনে মনে
কথা পাতে
এজাক পখিলাই ..