Saturday 5 January 2013



কেতিয়াবা ভাবো ...
জোনৰ বুকুখন শুকান কিয়?
সি দেখোন হাঁহি মাতি 
মোৰ সতে কথা পাতে 
বহুত কথা...
সেঁতা মুখখনত উজ্জল হাঁহিতো 
তেতিয়াওঁ ওলমি থাকে ...

সি দেখোন উদাসীন নহয় ...
জীৱনবোধেৰে উদ্দ্বীপ্ত 
তাৰ চেতনা ...
মৰমী ধৰাৰ চাৰিওফালে
সি দৌৰি ফুৰে
পাগল প্রেমিক হৈ...

মোৰ অবান্তৰ প্রশ্নবোৰত
ব্যতিব্যস্ত হৈ ...
সি ডাৱৰৰ সিপাৰে হেৰায়...
গোটেই ৰাতি খেলে
লুকা ভাকু...

তাৰ মৰমৰ পোহৰে
ধৰাখন উজলাই তোলে...
উজলাই তোলে শান্ত পজাঁবোৰ...

কেতিয়াবা ভাবো ...
জোনৰ বুকুখন শুকান কিয়