Monday 29 April 2013

জীৱন কি?

জীৱন কি?

সৰাপাতত সজীৱতা 
বিচৰাৰ প্ৰ্তিযোগিতা...
এখন সৰ্বস্ৰান্ত হৃদয়...
নে প্ৰাপ্তিৰ মাজত
লুকাই থকা
অন্তহীন নিৰৱতা...

জীৱনৰ অৰ্থ বিচাৰি
চহৰৰ অট্টালিকা
বগাব নেলাগে...
নেলাগে কলা
চচমাৰ মৰীচিকা...
অন্তহীন অপেক্ষা
হব পাৰে ঠিকনা
কাৰোবাৰ...

মানুহ অকলশৰীয়া
মানুহৰ চেতনাও..
যি জাক সতেজ বতাহে
ধুই নিয়ে বেজাৰবোৰ
সেই বতাহ জাকো
অকলশৰীয়া...

নতুন শইচে
কঢ়িয়াই আনে
জীৱনৰ বতৰা..
বোকা মাটিত উশাহ
লয় সি..
শিশুৰ অবোধ হাঁহিত
লুকা ভাকু খেলে..
বুকুত লুকাই ৰাখে
শইচৰ সেউজীয়া ...

জীৱন কি?

নাজানো মই..
মাথো যাপন কৰো
সপোনৰ দৌল বান্ধি
অন্তহীন বিষ্ময় আৰু
অপলক নয়নেৰে .....

Sunday 14 April 2013

অচিনাকীতো নহয়

ধৰাহওঁক মোক 
চিনি পাই আপুনি...

এই একেই পৃথিৱীৰ
বাসিন্দা হোৱাৰ অজুহাত...
একেই বতাহ আৰু
একেই পানীৰ শীতলতা
উপভোগ কৰাৰ অজুহাত...
প্রাপ্তি-অপ্রাপ্তিৰ দোমোজাত
ওলমি ৰোৱাৰ অজুহাত...

ধৰাহওঁক মোক
চিনি পাই আপুনি...

আপোনাক কুলিৰ মাতে
যদি আমনি কৰে ...
আপোনাৰ চকুযুৰি যদি
এতিয়াও আবেগে সিক্ত কৰে
উচ্চল হাঁহিবোৰত যদি
আজিও নিজৰ ঠিকনা বিচাৰি
হাহাকাৰ কৰে আপুনি ...

তেনেহলে আপুনি মোৰ
পুৰণি চিনাকী ...

তিনিআলিৰ আদ্দাবোৰত
আপুনি নিজক বিচাৰি
ফুৰে নেকী...
আপোনাৰ বন্ধুবোৰক?
আপুনি হইতো মোক
লগ পাইছে ...
আমিবোৰ প্রায় একেই...
জীৱনৰ পিছে পিছে
দৌৰি ফুৰো ...
তাৰ অৰ্থ বিচাৰি ...
অনাহক আহুকাল কৰি ...

মোক চিনি পাই
চাগে আপুনি...
অচিনাকীতো নহয় আমি ...

বহাগ

গোমোঠা ডাৱৰে
ওফোণ্ড ভাঙি 
বৰষুণ হৈ
মৰম বিলাই...

চোৱা বহাগ আহিছে 
শুনা কুলিয়ে বিনাইছে...

ঢোলৰ চেৱত
ৰমক জমক 
অবুজ কিয় হিয়া?
নামানে বাধা
নামানে সীমনা
হিয়া আজি উতনুৱা...

সৌৱা ঢোলটো বাজিছে...
সৌৱা পেপায়ে মাতিছে ...

মৰম আকলুৱা
সচকিত মন
আজি অবাধ্য কিয় ?
চেচা বতাহে
সেমেকা মনক
জীপাল কৰেনো কিয়?

ৰঙালী হেনো
আকৌ আহিছে...

তোমাক কলেনে
কাণে কাণে...
মোক হলে
নোকোৱাকৈয়ে আহিছে...
মৰম বোকোচাত
বান্ধি আনিছে...

ৰঙালী হেনো
আকৌ আহিছে..

কিমান সপোন...

কিমান সপোন... 
কিমান কল্পনাৰ কলৰোল...

ব্যৰ্থতাৰ অজস্র আঘাতেওঁ
স্তব্ধ কৰিব পৰা নাই 
সিহঁতক ...

নতুন আশাৰ অঙ্গীকাৰে 
এদিন সিহঁতে 
কঁপাই তুলিব ধৰা... 

সিহঁতক বাধা নিদিবা
সিহঁত আজিৰ মানুহ ...
নতুন মানুহ...

নতুন চিন্তাৰ চমকেৰে
সিহঁতে আওঁৰাৱ
মানবতাৰ জয়গান ...

সিহঁতক বাধা নিদিবা
সিহঁতে গঢ়িব
নতুন পৃথিৱী ..
নতুন আকাৰ ...
নতুন মাত্রা,নতুন সংজ্ঞা ...

পদপথত আজিও
হতাশ ছক্রেতিছ
ডাষ্টবিনৰ পেলনীয়া নহয়...
ভিক্ষা নহয় ...
জীয়াই থকাৰ অধিকাৰ লাগে ...
নতুন চিন্তা লাগে
এটা সঠিক ভবিষ্যতৰ স্বপ্নক

বাকচবোৰ খুলিবৰ হল
মুকলি বতাহ লাগে
লাগে এখন ধুনীয়া পৃথিবী...

কিমান যে সপোন...
কিমান কল্পনাৰ কলৰোল...