Saturday 31 August 2013

সন্তুষ্ট নে?

সন্তুষ্ট নে?
সন্তুষ্ট নে আমি...
এখন ৰুগ্ন সমাজ
হতাশ যৌৱন
আৰু নষ্ট শৈশৱ
হাতত লৈ...
সন্তুষ্ট নে?
একতাৰ বান্ধোন খুলি 
স্বাধীন নে আমি ? 
বাৰতা মাহৰ পিছত 
ফুলৰ থোপাৰে
ঠগো নেকী
নিদ্রাৰত মহাত্মাক ?

তেজৰ লগত
মিহলি হৈ
গল দূর্নীতি
আমি এখন
ৰোগক্রান্ত সমাজৰ
অজীর্ণ উপজ ..
সলনি হবনে সময়?
এই উদাসীনতা
কিমান দিনলৈ?
কিমান দিনলৈ
এই বিলাসীতা ...
কিমান দিনলৈ
বিজ্ঞাপনৰ লগত
বিক্রী হব
মানুহৰ আবেগ ...

উন্নতিৰ জখলাবোৰ
উৱলি যোৱাৰ
অপেক্ষাত বহি আছো
নেকী আমি ?
এই অপেক্ষা
কিমান দিনলৈ ..
কিমান দিনলৈ ..
স্থগিত হৈ ৰব
স্বাধীনতাৰ স্বপ্ন
যিবোৰ অঁকা হৈছিল
তেজৰ কৰালেৰে ...
সপোনবোৰ যে
বৃদ্ধ পেঞ্চন লৈ
বহি আছে মৰিশালীত ..

কিমান দিনলৈ
তেজৰ ফাকুত
হেৰাই থাকিব
জীৱনৰ ৰঙ...
এখন সমৃদ্ধ,শান্ত
সমাজ লাগে ..
স্বার্থবোক পিণ্ড দি
এবাৰ মুকলি
হব লাগে
সাজুনে আমি ...

সাজুনে?

আকুল কৰেণে প্ৰেমে?

আকুল কৰেণে প্ৰেমে?
আপুনি হেনো প্ৰেমিক..
দুচকু উজলি 
উঠে আপোনাৰ... 
প্ৰেমৰ নামত
আপুনি ভাবে 
জ্বলি চাৰখাৰ হওক 
এই পৃথিৱী
প্ৰেমৰ নামত..

বৰষুণত তিতি
ভাল পায় আপুনি..
জানো,ভয় নকৰে..
মই হলে কৰো ..
মই কুছিমুছি
সোমাই ৰওঁ
ভগা টিঙৰ জুপুৰিতোত
নিজ্জন গধূলিটোৱে
যত বাগৰ সলাই ..

বৰষুণত তিতাৰ
আমেজ লয় আপুনি
বৰষুণৰ টোপালবোৰ
আপোনাৰ বুকুৰ কুটুম ...
আপোনাৰ সপোনবোৰ হেনো
সিহতে কঢ়িয়াই ফুৰে

মই নিতিতো ..
নোৱাৰো তিতিব
মোৰ মন নেযায়
বেয়া নাপাব..
মই আপোনাৰ দৰে
হব নোৱাৰিম
মই ভয় কৰো..
মোৰ স্মৃতিবোৰ
কিজানি মোহাৰি যায়
আপদীয়া বৰষুণজাকে ..

বেয়া নাপাব..
যি এবাৰ ধুমুহা দেখিছে
সি বৰষুণৰ অপেক্ষা নকৰে ..

বেয়া নাপাব..
মই মোৰ ঘৰটোৰ
অৱশিষ্টৰে সাজি লৈছো
ভগা জুপুৰিটো ..
যত মই কুছিমুছি
সোমাই ৰওঁ..

বাহিৰত যেতিয়া
বৰষুণ নামে ....

দুঃখ

দুঃখ নকৰিব...
দুঃখ কৰাটো
প্রয়োজনীয়ও নহয়
আপোনাৰ চকুপানীবোৰটো
বিনামূলীয়া নহয়
যেনেকৈ বিনামূলীয়া নহয়
আপোনাৰ আবেগ ...

আপুনি যদি
চকুপানীত জীৱন বিচাৰে
মোৰ আপত্তি নাই ..
কিন্তু আপুনিও জানে,
আপোনাৰ দুঃখৰ কাৰণ
আপোনাৰেই সুখ ..
এদিন সুখী আছিল আপুনি
আপোনাক লাগে
সেই সুখৰ আবৃত্তি
আপোনাৰ দুঃখবোৰ
আচলতে আপোনাৰেই সুখ..

বেয়া নাপাব ..
বেচিকৈ কথা কওঁ
অভ্যাস মোৰ  ..
যেনেকৈ আপুনি
বিচাৰি ফুৰে
পৰি ৰোৱা সুখ
সৰাপাতৰ মাজত

দুঃখী মানুহবোৰ
পচণ্ড নকৰো মই
যেনেকৈ সুখী মানুহবোৰে
পচণ্ড নকৰে মোক..
এনেকৈয়ে পাৰ হয় সময় ..

মাত্র দুঃখী নহব ..
দুঃখী হোৱাটো
প্রয়োজনীয়ওটো নহয় ..

Friday 16 August 2013

তই কোৱাৰ দৰে তাত জোনাক নাছিল

তই কোৱাৰ দৰে 
তাত জোনাক নাছিল
নাছিল জোনাকৰ স্নিগ্ধতা ..
এটা কাঁচিজোন মাথো 
ওলমি ৰৈছিল..
ডাৱৰে খেলিছিল
লুকা ভাকু...
তই কোৱাৰ দৰে 
প্রাণ নাছিল ফুলত
পখীৰ মুখত নাছিল
চেনেহৰ সুৰীয়া গীত...
শুকান পাতবোৰ
হৈ পৰিছিল
মৃত এঙাৰ...

তই দেখা ফুলবোৰৰ
পাহিবোৰ সিচৰিত
হৈ আছিল সঁচা...
সিহঁতৰ সেঁতা হাঁহিত
মই হলে
পতিয়ন যাব নোৱাৰিলো

তই জান
মই হতাশ নহয়..
মই আজিও কেকটাছত
সুৱাস বিচাৰো..
জীৱনত বিচাৰি ফুৰো
অন্তহীন মাদকতা আৰু
মৰুভূমিবোৰত ...মৰুদ্যান

মই জানো
ফুলবোৰ ফুলিবই
সজীৱ হব
শুকান পাতবোৰ..
পৰাজয় মই পচণ্ড নকৰো

তইতো জানই
মই শুকান কলিত
ফুলাব পাৰো
হেপাহৰ ফুল ...
সেতা মুখত
আকিব জানো
আশাৰ হেঙুল ...

তই কোৱাৰ দৰে
তাত জোনাক নাছিল
নাছিল জোনাকৰ স্নিগ্ধতা ..

আচৰিত নহব

আচৰিত নহব
মই আজিওঁ 
সপোন আঁকি 
ভাল পাওঁ 
অৱশ্যে তাৰ বাবে 
প্রয়োজন নহয়
এজোৰ কলা চচমাৰ..

সপোনবোৰ স্পস্ট 
হব লাগে 
মোৰবোৰ কিন্ত নহয় ...
মাথো কলা মেঘে
ঢুকি নোপোৱা দূৰত্বত
সাচি থওঁ ...সযতনে

বৰষুণত তিতাত
আপত্তি নাই
আপত্তি নাই
দুঃখৰ ধুমুহাত
হেৰাই যোৱাতো ...
সুখবোৰেহে মাথো আজিওঁ
দি যাই আগৰ দৰেই
লুণীয়া এচামোচ পানী..

আচৰিত নহব
মই আজিওঁ
প্রেমত নপৰো ..
সাহস নাই
যিমান লাগে
ঠিক সিমান ...
আজিও নুবুজো কেনেকৈ
জীয়াই থাকে মানুহ
উপহাৰত দি
এখন হৃদয় ..
নাই.. নোৱাৰো মাৰিব
সন্তোষৰ হাঁহি
বুকুত যেতিয়া
মেলা পাতে বেদনাই ..
বহু কিবা কিবি লাগে
বহু কিবা কিবি..

সহজ পৃথিৱীৰ
অসহজ মানুহবোৰে
প্রায়েই সচকিত কৰি যায় ..
আচৰিত নহওঁ
জানো,সহজ নহয়
সৰল হাহি আৰু
পাষাণ হৃদয়ৰ সমীকৰণ ...
বেচি একো নেলাগে
মাথো এখন আকাশ
আৰু এজাক সপোন ...
কাঠৰোকা চৰাইৰ দৰে
আজুৰি লম জীৱনক
জীৱনৰ পৰাই .....

আচৰিত নহব
মই আজিওঁ
সপোন আঁকি
ভাল পাওঁ ...

বন্ধুত্ব তেনেকুৱাই

মোৰ তেজৰ ৰং ৰঙা
আৰু তোৰো...
বন্ধুত্ব তেনেকুৱাই 
তেজৰ দৰেই ৰঙা
দি যায় 
বুকুৰ মাজত 
স্মৃতিৰ কৰাল ...

মোৰ কলা দুঃখবোৰে 
তোৰ কপালত 
আকি যায়
চিন্তাৰ ৰেখা
বিশ্বাস কৰ...
মইওঁ কটাওঁ
উজাগৰী ৰাতি
তই কান্দ যেতিয়া ...
বন্ধুত্ব তেনেকুৱাই
তোৰ বুকুৱে কঢ়িয়াই
মোৰ হুমুনিয়াহ ...

তোৰ হাঁহিত
মই বিচাৰো নিজকে ..
আজিওঁ পাহৰো
লগাওঁ তোৰ কামিজত
মোৰেই বুটাম ...

বলিয়া ফাগুন হেন
বলিয়ালি থাকে বন্ধুত্বত
শীতৰ জাৰবোৰ
উমাল কৰে বন্ধুত্বই ...

বন্ধুত্ব তেনেকুৱাই
তোৰ বুকুত
মই থাকো
স্পন্দন হৈ ...
মোৰ বুকুত
তই থাক
উশাহ হৈ ...

মৃত্যুক ভয় নকৰো জীৱনৰ সমান...

মই মৃত্যুক ভয় নকৰো
জীৱনৰ সমান...

বেয়া পাও 
প্রতিটো প্রহৰ 
তাক খুজি আনিবলৈ 
সুখৰ আহাৰ আৰু 
মনৰ জোনাক 
ভিক্ষাৰীৰ দৰে ..

জীৱনক মই জানো...
তাৰ কপটীয়া হাহিটোক
আজিও ভয় কৰো
ভয় কৰো
সি উপহাৰত দিয়া
তমসাৰ টোপোলাটোক
যিটো লুকুৱাবলৈ
আজিও নাপালো ঠাই |
বুকুৰ মাজত
লুকুৱাইছিলো আগেয়ে
এতিয়া তাতও
দেখোন নাই
অকণো বতাহ ...

নাই নোখোজো
আৰু সুখ
ভয় লাগে
হেৰুৱাও কিজানি
থকাখিনিও ..
সূত হিচাপে ..

জীৱনক মই জানো...
সি আজিওঁ
মোক ৰিঙিয়াই
আগৰ দৰেই
মই আচৰিত হওঁ
খেদি পঠাওঁ তাক
বাৰে বাৰে
সহজ যে নহয়
তাক খেদি পঠোৱা
যিদৰে পলাব নোৱাৰো
নিজৰ পৰাই ...

মই মৃত্যুক ভয় নকৰো
জীৱনৰ সমান...

সাজুনে?

সন্তুষ্ট নে?
সন্তুষ্ট নে আমি...
এখন ৰুগ্ন সমাজ
হতাশ যৌৱন
আৰু নষ্ট শৈশৱ
হাতত লৈ...
সন্তুষ্ট নে?
একতাৰ বান্ধোন খুলি
স্বাধীন নে আমি ?
বাৰতা মাহৰ পিছত
ফুলৰ থোপাৰে
ঠগো নেকী
নিদ্রাৰত মহাত্মাক ?

তেজৰ লগত
মিহলি হৈ
গল দূর্নীতি
আমি এখন
ৰোগক্রান্ত সমাজৰ
অজীর্ণ উপজ ..
সলনি হবনে সময়?
এই উদাসীনতা
কিমান দিনলৈ?
কিমান দিনলৈ
এই বিলাসীতা ...
কিমান দিনলৈ
বিজ্ঞাপনৰ লগত
বিক্রী হব
মানুহৰ আবেগ ...

উন্নতিৰ জখলাবোৰ
উৱলি যোৱাৰ
অপেক্ষাত বহি আছো
নেকী আমি ?
এই অপেক্ষা
কিমান দিনলৈ ..
কিমান দিনলৈ ..
স্থগিত হৈ ৰব
স্বাধীনতাৰ স্বপ্ন
যিবোৰ অঁকা হৈছিল
তেজৰ কৰালেৰে ...
সপোনবোৰ যে
বৃদ্ধ পেঞ্চন লৈ
বহি আছে মৰিশালীত ..

কিমান দিনলৈ
তেজৰ ফাকুত
হেৰাই থাকিব
জীৱনৰ ৰঙ...
এখন সমৃদ্ধ,শান্ত  
সমাজ লাগে ..
স্বার্থবোক পিণ্ড দি
এবাৰ মুকলি
হব লাগে
সাজুনে আমি ...

সাজুনে?