Saturday 26 April 2014

"ইয়াত হৃদয়বোৰ আছিল!!

নাওঁবোৰো ডুবি 
গ'ল এদিন 
নৈৰ বুকুতেই.. 
মানুহবোৰো হেৰাই 
গ'ল এদিন 
নিজৰ অজানিতে .. 
স্মৃতিৰ সেমেকা 
টোকাত মাথোন 
লিখা থাকিল 
"ইয়াত হৃদয়বোৰ আছিল!!
ইয়াত মাথোন 
হৃদয়বোৰ থাকে!!"
এই পোছাকযোৰ পিন্ধি 
অকলে বহি 
ৰ'ম এদিন 
দুঃখৰ নদীখনৰ কাষতে.. 
এই হৃদয়খন পিন্ধি 
বহি থাকিম 
এদিন অকলশৰে
ক'লা পাহাৰটোৰ কাষতে ..

হৃদয় এখন
কঢ়িয়াই ফুৰো অকাৰণে..
চুম্বকৰ দৰেই সি
টানি ফুৰে
আবেগ ,আশা আৰু বেদনা
আচলতে চকু মুদি
খোজকাঢ়িব জনা মানুহবোৰ
সুখত থাকে সদায় ..
সিহঁত গান্ধীৰ বান্দৰ !!
চিকমিকিয়া পোছাকৰ তলত
আন্ধাৰবোৰ লুকুৱাই
সভ্য হয় সমাজ..
সিহঁতে আন্ধাৰবোৰ নেদেখে ,
সিহঁতে বেয়াবোৰ নাচায় ..

বেয়া নাচাবা ,
বেয়া নুশুনিবা আৰু
বেয়া ন'কবা ..
বাহঃ কি
সুন্দৰ সমিধান !!
সুখী হ'বলৈ
মাথো ৰঙীন
পৃথিবীখন চাওঁক
সুখী হ'বলৈ
মাথো বোবা
পুতলা হওঁক ...
সুখী হ'বলৈ
নিদিব কাকো
প্রেমৰ নামত হৃদয় ..
সুখী হ'বলৈ
নুশুনিব কাহানিও
ক্রন্দনৰত হৃদয়ৰ
কাঁতৰ চিঞৰ ..

ভাবিছো ...
সুখী নহওঁ কেতিয়াও
পিন্ধি ল'ম
এযোৰ দুঃখৰ পোছাক
বেদনাই লেতেৰা কৰা..
এই পোচাকযোৰ পিন্ধি
বহি ৰ'ম এদিন
দুঃখৰ নদীখনৰ কাষতে
এই হৃদয়খন পিন্ধি
বহি থাকিম
এদিন অকলশৰে,
ক'লা পাহাৰটোৰ কাষতে ..

ভাবিছিল সি

অভিমানী সময়ৰ 
চোলাটো খামুচি 
ভাবিছিল সি ,
জিৰাব এখন্তেক 
সময়ৰ কোলাতে.. 
ক'ব সি , 
উশাহ বন্ধ
হয় তাৰ
এই অন্তহীন দৌৰত..
সি আজিকালি
শুব নোৱাৰে!
তাৰ উশাহবোৰ হৈ
পৰে আৱৰ্জনা ..
বুকুখন পৰি ৰয়
অচিনাকী বেদনাৰ
সেমেকা ডাষ্টবিনটোত
অকলেই...

মুকলি আকাশখন
মাথো ওলমি ৰয়
দুচকুৱে ঢুকি পোৱাকৈ
সি খেপিয়াই
মাথো খেপিয়াই..
আজুৰিব খোজে
এমুঠি নীলা ..
ইমান সহজতো নহয় !
ইমান সহজ নহয়
নিজৰ বুকুতে
নিজক হেৰুওৱা ..
ইমান সহজ নহয়
আন্ধাৰৰ স'তে
বহি থকা
ওৰেটো নিশা..
ইমান সহজ নহয়
চকুপানীৰ কৌতুক শুনোৱা
ওপচা হাঁহিৰে
মেৰিয়াই মেৰিয়াই..

জীৱনক চিঞৰে সি -
"ঐ জীৱন...
ক'ত লুকাৱ তই ?
এবাৰ জুমি চা,
বুকুত অঙঠা থাকোতেই
এবাৰ জুমি চা
এদিন জ্বলিম অকলে
তই নোহোৱাকৈ
আজি,মাথো আজি
এবাৰ জুমি চা"

অভিমানী সময়ৰ
চোলাটো খামুচি
ভাবিছিল সি ,
জিৰাব এখন্তেক
সময়ৰ কোলাতে..

এখন চিলা কিনিলো আজি..

এখন চিলা 
কিনিলো আজি.. 
সপোনবোৰ ডাঙৰ হ'লে 
উৰুৱাব হেনো
সিহঁতেই ... 

নাজানো আকাশখন
নীলা হৈ থাকিবনে
তেতিয়াও!!
নাজানো বতাহত
নাচিবনে আবেগে
আজিৰ দৰেই !!
নাজানো হাতৰ মুঠিত
থাকিবনে জীৱন ..
মই নাজানো ...
তথাপি ...
এখন চিলা
কিনিলো আজি..
সপোনবোৰ ডাঙৰ হ'লে
উৰুৱাব হেনো
সিহঁতেই ...

--- অৰ্ধআকাশ ---



আকাশখনে সদায়
খেপিয়াই চায় 
সুখবোৰ ভাগ 
হয়নে সমানে? 
সমানে সুখীনে 
আধা আকাশ ... 
আকাশখন কেতিয়াবা 
হতাশ হয় ,
সেমেকি উঠে ...
অসহায় চকুৰে
চাই ৰই অপলক
অসমান পৃথিবীখনক...

সুৰুযৰ বলীন ৰেখাই
তাক জগায়
এতিয়াতো বাকী আছে
বহুদূৰ বাট ...
সি ঠিয় হয়
গভীৰ প্রত্যাশাৰে..
যুঁজিব আজি একেলগে,
গোটেই আকাশখনে
সাজিব এখন
বহল আকাশ
মুকলি আকাশ
এখন নীলা আকাশ ...

---ভাল পোৱা---


ভাল পোৱা 
এটা নিপিন্ধা 
চোলাৰ নাম ..
সাঁচি থও সযতনে
পিন্ধিম এদিন! 

পিন্ধিম এদিন
আজুৰি খুলিব 
নোৱাৰাকৈ ...

--নাচাবা তেনেকৈ ...

-
নাচাবা তেনেকৈ ... 
মই জানো , 
মোৰ বুকুত 
এদিন তুমি 
এঙাৰ হৈ 
জ্বলিবা .. 
উশাহ হৈ 
প্রবাহিত তুমি
প্রতিটো প্রহৰ ,
কি আন্ধাৰ,
কি পোহৰ ..
নাচাবা তেনেকৈ ...

আজিও তুমি
অচিন সাঁথৰ..
তোমাৰ হাঁহিৰ অম্লজানত
মই বেদনা পাহৰি
উশাহ খামুচি ধৰো
পুনৰ উভতি আহো,
পাৰ হওঁ
ঘোপ মৰা আন্ধাৰ
আৰু জঠৰ ডাৱৰ ..
নাচাবা তেনেকৈ ...

নাচাবা তেনেকৈ
ম'ন যায়
উশাহ ল'বলৈ..
মই জানো ,
মোৰ বুকুত
তুমি এঙাৰ হৈ
জ্বলিবা ..
মোৰ উশাহত
তুমি প্রেৰণা হৈ
উমলিবা ..
স্নিগ্ধ জোনাক হৈ
ৰৈ থাকিবা
মোৰ আকাশত
দুঃখৰ কজলা নিশা ..
নাচাবা তেনেকৈ ...

নাচাবা তেনেকৈ ...

----উন্মনা এজাক জোনাক---


উন্মনা এজাক জোনাক.. 
নোজোকাবা সিহঁতক 
শুই আছে উলাহত 
শুকুলা ডাৱৰৰ 
কোলাত সোমায় ..
উন্মনা এজাক জোনাক.. 

থৰ হৈ 
নাচাবা তেনেকৈ
হিয়া গ'লি যোৱাকৈ..
হেৰাব লাজত,
হেৰাব পোহৰৰ
আঁচল তলত ..
এইহেন লাজুকী জোনাক!
চোতালত বহি আছে
উন্মনা এবুকু জোনাক..

মোৰ কথা
নালাগে মানিব
মই হেনো মিছলীয়া!
মোৰ কথা
নালাগে শুনিব
মই হেনো
নোৱাৰো চিনিব..
নিজেই জুমি চোৱা
এবাৰ মাথোন চোৱা
চোতালত বহি আছে
উন্মনা এজাক জোনাক..

----ৰঙ সানো আহক---


বিৱৰ্ণ মুখবোৰত 
অলপ ৰং 
সানো আহক 
এদিনৰ বাবে হ'লেও 
ৰঙীন হওঁক 
প্রতিখন উদাস হৃদয়.. 

কৈ দিও 
উকা আকাশক ,
তেজবোৰৰ দৰেই ৰঙা
আমাৰো এখন
হৃদয় আছে,
মৰমৰ ৰঙেৰে বোলোৱা ..
য'ত বাহ পাতে
হেজাৰ আশাই
ৰঙীন হোৱাৰ বাসনাত ..
য'ত লুকাই
থাকে সগোপনে
সপোনৰ এখন
সজীৱ ৰামধেনু
সাতোটা ৰঙৰ অপেক্ষাত ..

অলপ ৰং
সানো আহক
ৰঙীন হওঁ
এদিনৰ বাবে হ'লেও ..

..প্রাপ্তি......



খিড়িকীৰ শলখা ভেদি 
তাই জুমি চাই 
বাহিৰত সপোনৰ ধেমালী,
উদং পোহৰ.. 
ভিতৰত সঁচা আন্ধাৰ,
উদাস ডাৱৰ ..

অপলক চাই
থাকে তাই..
গ'লি গ'লি এদিন
সপোনবোৰ সোমাই আহে
এখোজ দোখোজকৈ
শলখাৰ মাজেৰে ..

এতিয়া ভিতৰত
সপোনৰ ভিৰ
আৰু বাহিৰত?
বাহিৰত স্মৃতিৰ
জুমুঠি চপাই
বহি থাকে
মনে মনে
এটা ক্লান্ত আবেলি...

প্রাপ্তিত হেনো
ভাগৰ থাকে
থাকি যায় তাতও
অকনমান বেদনা
অকলশৰে..

----নিসংঙ্গতা----


নিসংঙ্গতা মোৰ 
প্রিয় শব্দ ... 
ভৰা পৃথিবীৰ 
কোলাহলত সি 
কাণ পাতি শুনে 
বেদনা মানুহৰ !
কাৰ হাতত আজি 
ইমান সময় !!
মৰম মাথোন
পথৰ জাবৰ ...

পোহৰৰ জিলিঙনিত
প্রায়েই হেৰাই যায়
জুপুৰিৰ আন্ধাৰ..
বোবা মন ,
বোবা কলিজা ..
নোপোৱাৰ হিচাপত
নিজক হেৰুৱাই
দিশহাৰা হৈ
সকলো বোবা..

আহৰি নাই
আমি মাথো
অশান্ত সময়ৰ
বাধ্য শ্রমিক...
নিজেই খান্দি থাকো
নিজৰেই কবৰ ..
আচলতে নিসংঙ্গ
আমি সকলোৱেই
ভিতৰৰ পৰা ...

নোসোধো আপোনাক !
মইয়েই কৈ দিও
নিসংঙ্গতা মোৰ
প্রিয় শব্দ ...

---ভাগৰুৱা---


জোনটো ওলালে 
জগাই দিবা 
নিসংগ নিশাটোৰ কাষত 
শুই লও 
হেপাহ পলুৱাই ,
ভাগৰুৱা মই 
বৰ ভাগৰুৱা... 

জীৱনে আমুৱাই প্রায়েই
আৰু মৃত্যু?
মৃত্যুক সমূলি
ভাল নাপাওঁ ...
যেতিয়াই ধুনীয়া
সপোন এটা সাৱতি
বহি ৰও নিজানত
জীৱনে মাথো জোকাই
অকঁৰা বুলি ..

নিলাজ মই
নিলাজ আশা
নিলাজ হৃদয় ...
খেদি ফুৰো
ওৰে ৰাতি
এখন জীয়া কলিজা
নিলাজ মই,
নিলাজ মোৰ
অজীৰ্ণ আশা...

ভাগৰ লাগে জানা !
জোনটো ওলালে
জগাই দিবা
নিসংগ নিশাটোৰ কাষত
শুই লও
হেপাহ পলুৱাই
ভাগৰুৱা মই
বৰ ভাগৰুৱা...

---এই নিশাটো---


আগৰ দৰেই 
আছো মই!! 
আগৰ দৰেই বগাও 
সপোনৰ এখন
কোবাল নৈ.. 
আগৰ দৰেই 
বহি ৰও 
স্মৃতিৰ এই 
উদাস পথাৰখনত
নিশাটো সাৱতি লৈ ..

এই নিশাটো
তাহানিৰ দৰেই স্থবিৰ
হৃদয়ৰ দৰেই নিমাত
মনে মনে
বহি ৰয় মাথো
আন্ধাৰ সাৱতি ,
আন্ধাৰৰ কোলাত...

উদাসীনতাৰ ওৰণি টানি
সুখী হয় আন্ধাৰ
দৰজাৰ চুকত
বহি ৰয়
মাথোন সময়
পোহৰৰ অপেক্ষাত ..

মই জানো,
এই অপেক্ষা
অনন্ত কালৰ..
তথাপি বহি ৰও
এঘড়ী যুঁজি চাওঁ ,
বুজাও নিজক
পোহৰ আহিব নহয় !
অলপ আন্ধাৰ
আৰু অলপ আন্ধাৰ..
পোহৰ আহিব নহয় !

নিশাটো সাৱতি লৈ
বহি ৰও
স্মৃতিৰ এখন
উদাস পথাৰত
আগৰ দৰেই ..
আগৰ দৰেই
আছো মই!!
আগৰ দৰেই..

--নৈখনৰ সিপাৰেই থাকো মই ..

-
নৈখনৰ সিপাৰেই 
থাকো মই .. 
আহিব এদিন ,
চাই যাবহি 
কিমান আশাৰে সজাও 
প্রতিটো প্রহৰ 
জীৱনৰ পৰা 
আজুৰি আজুৰি .. 

আপোনাৰ দৰেই
ভাল পাও
মানুহৰ ভিৰ
আপোনাৰ দৰেই
দুচকুত সানি লওঁ
সপোনৰ আবিৰ ..
পাহাৰবোৰ দেখিলে
সাহ পাওঁ,
নদীৰ বিশালতাত
নিজক হেৰুৱাও...
আপোনাৰ দৰেই
থাকিব খোজো
মানুহৰ বুকুত,
মিঠা স্মৃতি হৈ ...

বেদনাবোৰক ঠগি
মইও চুৰ কৰো
মুঠিয়ে মুঠিয়ে সুখ..
হেৰুৱাৰ আশংকাত
অজানিতে খামুচি
ধৰো আপোনক,
হেৰাই নোযোৱাকৈ ...

তথাপিতো মই
আপোনাৰ দৰে নহওঁ...
ঠিকনাবোৰ যে
বেলেগ আমাৰ ...
আশা,সপোন
হৃদয় আৰু বেদনাৰ..

আপোনাক লগ পালে
বৰষুণত তিতিম একেলগে
সেমেকাম দুচকু
আনে নেদেখাকৈ ..
ভালেই লাগিব দিয়কচোন
আহিব এদিন ...
নৈখনৰ সিপাৰেই
থাকো মই ..

আহিব এদিন
সময় উলিয়াই...

---বহাগ---


তাই উশাহ লয়, 
সি জীয়াই থাকে... 
তাইৰ চকুপানীত 
তাৰ হিয়াখন ভাগে... 
সি কেতেকী হৈ
বনত বিনায় 
আৰু তাই!!
তাই কপৌ হৈ 
চোতালতে ফুলে..

বহাগ আহে!
এনেকৈয়ে বহাগ আহে...

-------সোঁৱৰণী----------


উভতি যাও ব'ল 
সোঁৱৰণীৰ সেই
সেমেকা পঁজালৈ
য'ত উমলি 
এটা কোমল সপোনে 
চিলাই থাকে 
এখন ভগা হৃদয় ..

সহজ আছিল এদিন
সঁচাই জীৱন!
ৰৈ থাকো আমি,
গৈ থাকে মাথোন
সময়..

এই অবোধ সময় ..

----সুধি চা জোনক --


সুধি চা জোনক 
অই জোনাকী ,
লাগে নে জোনাক? 
লাগে নে পোহৰ? 
লাগে নে এমোনা 
শুকুলা ডাৱৰ .. 

জোনৰ মুখত আজি 
পুৰঠ হাঁহি
চাৰিওফালে মাথোন
তৰাৰ ধেমালী
এই নিশাটোৱে
নাহাঁহে সদায়
নকয় সদায়
ইমানবোৰ কথা
চা ,পোহৰ আৰু
ডাৱৰে আৱৰা..

আন্ধাৰৰ আচলত
সি যে হেৰাই
মাথো হেৰাই..
লাজুক হাঁহিত
লাজ লুকুৱাই ..

সুধি চা জোনক
অই জোনাকী
লাগে নে জোনাক?
লাগে নে পোহৰ?
লাগে নে এমোনা
শুকুলা ডাৱৰ ..

---তাই বৰষুণৰ প্রেমত পৰিছিল ...



তাই বৰষুণৰ 
প্রেমত পৰিছিল ...
উতনুৱা বৰষুণজাকত তিতি
তাই জুলুৰি-জুপুৰি হৈছিল.. 
তাইৰ অবাধ্য 
চুলিবোৰত ওলমি 
টোপালবোৰে মুকুতাৰ 
মালা গাঠিছিল..

শুকান চহৰখনে
এবাৰলৈ ঘূৰি চাইছিল
হেপাহ পলুৱাই...
হালধীয়া পোহৰবোৰেও
হেতা ওপৰা কৰিছিল
তাইৰ গালত পৰি
সিহঁত হেনো
সোনোৱালী হ'ব....

আকাংক্ষাৰ মৰিশালীবোৰ
এৰি মানুহবোৰে আজি
আকাশখন বিচাৰিছিল
বৰষুণজাকে দি
গৈছিল সিহঁতক
জীৱন ...

তাই জীৱনৰ
প্রেমত পৰিছিল ...

তাই বৰষুণৰ
প্রেমত পৰিছিল ...

~~~~অপেক্ষা ~~~



শান্ত সমীৰক ক'লো 
মোৰো আছে এখন
উকা বুকু ... 
সি হাঁহি ক'লে
বৰষুণৰ অপেক্ষাত 
থকা মানুহবোৰে 
প্রায়েই শুনাই তাক 
এনেকুৱা সাধু ... 

কাৰ বুকুত
শুণ্যতা নাই কোৱা !
ধূলিৰ পৃথিবী আৰু
মাটিৰ মানুহ ...
মায়াৰ দাপোনত দেখা
সুখৰ সমাধিত
আমিবোৰেই দেখোন
নিতৌ জ্বলাও
তেলৰ এগছি
তপত চাকি ..

তাৰপাছত ...
তাৰপাছত পোৱা নোপোৱাৰ
এটা দীঘল অঙ্ক ...
চকুপানী আৰু ধুমুহা
বাকীবোৰ সাথৰ
মায়াৰ মাথোন
অবুজ সাথৰ ..

ধেৎ ...
এইয়াই জানো জীৱন!
জীয়াই থাকো এবাৰ
নিজৰ দৰে ..
বতাহৰ দৰে
মুকলি হও ..
চুই চাও
নীল আকাশৰ সীমনা
বিচাৰি যাও
এটা সুখৰ পাহাৰ
আৰু এখন
শীতল নদী ..

কিহৰ ভয় !
বৰষুণ হওক..
তিতিম আজি
আপত্তি নাই..
আজি আৰু কোনো
আপত্তি নাই ...

এখন মুকলি আকাশে
মাতিছে কাষলে ..
যাও ...
এবাৰ চুই চাও..
কিহৰ ভয় !
আজি আৰু
কিহৰ ভয় ....

--- বাট চাই তাই ---

বেলিতো কপালতে আঁকি 
বাট চাই তাই... 
আহিব হেনো সি
এই বহাগতে 
দুহাতে কপৌফুল লৈ .. 
আনিব হেনো সি
ঘামত তিতা
কামিজটোত লুকুৱাই 
এখন জীপাল হৃদয় ..

বেলি পৰাৰ আগেয়ে
আহিবনে সি !!
কুলিটোৱে মনে মনে
ক'লে ..আহিব..
বহাগ অহা বাটেৰে
সিওঁ আহিব ..
ৰৈ আছে তাই
বেগাই নাযায় আজি
অবুজ সময় ..
বেগাই নাযায় আজি
চোতালৰ ৰ'দ ..
বেগাই নেহেৰাই
আজি ঢল
আবেগৰ ঢল ..

ৰৈ আছে তাই...
বেলিতো কপালতে আঁকি
ৰৈ আছে তাই !!
আহিবনে সি ...
আহিবনে...
বহাগ অহা বাটেৰে
সিওঁ বাৰু আহিবনে ?

বাট চাই তাই..

---- বহাগ ---



এনেকৈ বাৰু কিয় 
আহে বহাগ !!
কলিজাত আজিও 
মৰমৰে দাগ ... 

হেবাং কুলিয়ে 
বনত বিনাই 
কপৌ ফুলেও
তাকেই জোকাই..
নিমাখিত হায়
চেনেহৰ মাত
আপোন আপোন
গাৱৰে ঘাট ..

ৰঙালীত ৰঙীন
ৰসাল মানুহ
জীৱন আজি
মনৰ দাপোন ..
নোপোৱাৰ বেদনা
নালাগে থাকক
বুকু ভৰি মাথো
বহাগ নামক ..

এনেকৈয়ে বাৰু কিয়
আহে বহাগ !!
কলিজাত যে আজিও
মৰমৰে দাগ ... 

---এই পোছাকবোৰ----



এই পোছাকবোৰ পিন্ধি 
সুখী হওঁ 
দিনৰ পোহৰত.. 
এই পোছাকবোৰেই 
ক'লা হয় 
ৰাতিৰ আন্ধাৰত .. 

মায়াৰ মৰিশালীত 
আমিবোৰ আজিও
নিখুত ভাৱৰীয়া
নাই আমাৰ দুঃখ
নাই সুখৰ প্রসাধন...
এটাই মাথো জীৱন
কিস্তিত হেৰাই উশাহ
কিস্তিত হেৰাই হাবিয়াস ..

জীৱন...
মাথো জীৱন..
"জীৱন" আমাৰ
প্রিয় সংলাপ
আৰকাপোৰৰ সীপাৰে
বহি থাকে
তেতিয়াও বেদনা
আমাৰেই পোছাকবোৰ
সাৱতি লৈ ...

এই পোছাকবোৰ পিন্ধি
সুখী হওঁ
দিনৰ পোহৰত..

---আমি বাৰু কেকটাছ নেকী !! ---



ডাৱৰ ফুলে আকাশত 
আৰু আমাৰ বুকুত ? 
আমাৰ বুকুত
ফুলে বেদনা!
আমি বাৰু
কেকটাছ নেকী ? 

আমাৰ চালবোৰত আছে 
ধৰাল কাইট
আৰু বুকুবোৰত
সেমেকা ডাৱৰ !
শুকান বালিত
সজাই লওঁ
হেপাহৰ ঘৰ
বতাহে ভাঙে
হেপাহে পাতে..
আমি বাৰু
কেকটাছ নেকী ?

আমাৰ মুখত জিলিকে
শুকান হাহি
বালিত উৰে
অস্পষ্ট কান্দোন ...
এদিন সেমেকিব হেনো
এই বুকু !!
সচা জানো !
মুৰ তুলি
মাথোন বাট চাওঁ
বালিৰ ধুমুহাত
নিজক খেপিয়াওঁ
কেতিয়াবা পাওঁ
কেতিয়াবা দেখোন নাপাওঁ ...
সন্দেহ হয় ...

আমি বাৰু
কেকটাছ নেকী !!

---আই তোলৈ মনত পৰে ---



আই তোলৈ
মনত পৰে ..
টোপনিবোৰ শুকুৱাই
যেতিয়া গ্রাহকক বিলাও
গৰম চাহৰ পিয়লা
তেতিয়া..
আই তোলৈ
মনত পৰে ..
গালিৰ শব্দত যেতিয়া
পুৱাৰ টোপনি ভাগে
আই তোলৈ
মনত পৰে ..

পাহৰিছো লাহে লাহে
তোৰ আলফুল
হাতৰ পৰশ ...
পাহৰিছো লাহে লাহে
তোৰ চেনেহৰ আচল ..
তোক যে আজিকালি
দেখো মাত্র সামাজিকত  !
তোৰ দুগালত
তেতিয়াও দেখোন
জিলিকে নিমখীয়া
পানীৰ সোঁত !
ঠিক পিতাই
নোহোৱাদিনাৰ দৰেই...
ভালে আছনে তই ,
ভালে আছেনে ভনী ?
আই তাইলৈও
মনত পৰে..

তহঁতৰ কথা ভাবিলে
ভাল লাগে
এই কদৰ্য হোটেলখনো..
মইযে যুজি আছো
আন্ধাৰ নেওচি
এমুঠি পোহৰৰ আশাত..
তাকে ভাবি আন্ধাৰবোৰও
ভাল লাগে..

মানুহবোৰে মোক
"পোৱালী " বুলি মাতে..
সিহঁতেটো  নাজানে
মই যে
"পোৱালী" নহয়!
মোৰ ফটা চোলা
মোৰ শুকান দেহা
তথাপি মই "জোন"..
মই তোৰ
আকাশৰ একেটা  জোন ...  
 
আই তোলৈ
মনত পৰে ..
ভালে আছনে তই ?