Saturday 6 December 2014

...নিশাবোৰ..


এনেকৈয়ে পাৰ
হয় নিশাবোৰ..
বুটা বচা আকাশত 
সপোনৰ সমাধি সাজি
ভাহি থাকে আশাবোৰ ..
-----------
এপাহ শেৱালিত বহি
কথা পাতে নিয়ৰে
বনৰ ফুলৰ হেনো
হিয়া ভাগে সঘনে ..
-----------
নিমাওমাও এই
সেমেকা হাঁহি
কাৰ অপেক্ষা,
কাৰ চেনেহত
ইমান উদাস এই
উদং ৰাতি ..
----------
সুধিবা সূৰুযক
নিশাৰ খবৰ ..
স্মৃতিৰ দলিচাত আজি
অলপ আন্ধাৰ,
অলপ পোহৰ ...
----------
এনেকৈয়ে পাৰ
হয় নিশাবোৰ..
সপোনৰ সমাধি সাজি
ভাহি থাকে আশাবোৰ ..

কোনে জানে

কোনে জানে
কোনে বুজে
কাৰ সপোনে আজি
স্মৃতিৰ টোপনি ভাঙে…
কাৰ উৰুঙা পদূলিত
শুকুলা দলিচা পাৰি
বহি ৰয়
সুখৰ জোনাক…
সুখ যে
নাহে সদায়…
অচিনাকী অতিথিহৈ
বহি থাকে এনেকৈয়ে
তৰা ভৰা আকাশৰ
শুকুলা আভাত…
সময়েও কিজানি
আজি তাক
চিনি পোৱা নাই!
সদায় যে
আমনি কৰে
নোপোৱাৰ বোজাই…
আৰু পোৱাবোৰ?
পোৱাবোৰ স্মৃতিৰ
কোলাত অকলশৰে এদিন
এনেকৈয়ে হেৰাই …
কোনে জানে
কোনে বুজে
কাৰ সপোনে আজি
স্মৃতিৰ টোপনি ভাঙে…
কাৰ উৰুঙা পদূলিত
শুকুলা দলিচা পাৰি
বহি ৰয়
সুখৰ জোনাক…

===অ'ই জীবন ===


অচিনাকী যেন
লাগে কেতিয়াবা..
তথাপি ভাল 
পাওঁ তোক
অ'ই জীবন ...
তোৰ ৰঙীন দুচকুত
নিজক বিচাৰি ফুৰো মই
অকাৰণে ..
অজলা নিশাটোক
সপোনৰ কাহিনী
শুনাও উজাগৰে ..
তইও শুনি থাক
মনে মনে..
জানো ..
জানো মই
তইও ভালপাৱ মোক
অ'ই জীবন ...
অচিনাকী যেন
লাগে তোক !
ইমানৰ পিছতো
অচিনাকী যেন
লাগে তোক ..
তই অঁকা চকুপানীবোৰ
মোৰ চকুতে শুকাই
তই দি যোৱা হাঁহিবোৰ
বতাহত হেৰাই
তই দেখুওৱা বাটত
ৰৈ থাকে আশাৰ জোনাক….
অচিনাকী যেন
লাগে কেতিয়াবা..
তথাপি ভাল
পাওঁ তোক
অ'ই জীবন ...

সুখ ...


নালাগে মোক আৰু
দুঃখৰ বাৰিষা
সুখ আজি মোৰ 
কোলাৰ কেঁচুৱা ...
নালাগে মোক আৰু
আন্ধাৰৰ ঠিকনা
আকাশত আজি মোৰ
এবুকু তৰা ..
এতিয়া সাৰ পাওঁ মই
পোহৰৰ দলিচাত
নালাগে মোক আৰু
দুঃখৰ বাৰিষা
মোৰ চোতাল আজি
শেৱালীৰে ভৰা ...
নালাগে মোক আৰু
দুঃখৰ বাৰিষা
সুখ আজি মোৰ
কোলাৰ কেঁচুৱা ...

----অজলা আকাশৰ সাধু --


অজলা আকাশৰ সাধু ..
তুমি জোনাক বোটলা
মই আনিম আঘোণ ..
এলেহুৱা বেলিটোৱে
বাগৰ সলাই ..
নিয়ৰৰ টোপালবোৰে
মুকুতা সজাই ..
কুঁৱলীৰ ওৰণি টানি
সৌৱা কোমল পুৱাই
সমীৰৰ স'তে আহি
তোমাক জগাই ..
তুমি বাগৰ সলোৱা
কিমান ৰঙীণ সপোন !!
তুমি জোনাক বোটলা
মই আনিম আঘোণ ..

----তুমি কোৱা ---


তুমি কোৱা..
জোনাকে মেলা পাতে
তুমি কোৱা.. 
এখন আকাশ আছে
তুমি কোৱা..
মনে মনে ৰৈ থাকে
আশাৰ পখিলা..
মইও জুমি চাওঁ
মইও হাবাথুৰি খাওঁ
মইও বিচাৰি ফুৰো
তুমি দিয়া আকাশৰ
সঠিক ঠিকনা..
এদিন মইও
এখন আকাশ
বিচাৰি পালো..
মোৰ আকাশখনে
তমসাৰে সখী পাতে
মোৰ আকাশখনক
ডাৱৰে সাৱতি থাকে
মোৰ আকাশখন
মনে মনে বহি থাকে
দূৰ সীমনাত..
কেতিয়াবা সলাই চাম..
তোমাৰ আকাশখনত
এবাৰ উমলি চাম
দিবানে তুমি
দিবা জানো!
আজিকালি মইও
এখন আকাশ বিচাৰো
তোমাৰ দৰে ..

~~~প্রতিবিম্ব~~~


আমিও মানুহ ..
মুখত আমাৰ
জিলিকে হাঁহি 
বুকুত আৱসীৰ উচুপনি ..
গান্ধীৰ ফটো থকা
ৰঙীন কাগজবোৰত
আমাক বিচাৰি নুফুৰিব
সেইবোৰ মাথো
সুখৰ বিজ্ঞাপন..
সুখ তাত
নাথাকে নিগাজীকে..
আচলতে আপুনি
ভবাৰ দৰে
দুঃখৰ নৈ এখনত
সাঁতুৰিও নেথাকো আমি ..
আপোনাৰ দৰেই
আমাৰো সুখবোৰ
খন্তেকীয়া,থুনুকা ..
অৱশ্যে দুঃখবোৰৰ
কথা বেলেগ ..
আমাৰ দুঃখবোৰ
ভোকত আৰম্ভ হয়
আৰু ভোকতে শেষ ..
আৰু আপোনাৰ ?
আপুনি অপ্রাপ্তিৰ এটা
ওখ পাহাৰ বগাই
হাইৰাণ হয়..
কেতিয়াবা হৃদয় হেৰুৱাই
কেতিয়াবা আত্মা ..
আপোনাক আমি
প্রায়েই লগ পাওঁ
আচলতে আপুনিও
আমাক চিনি পাই ..
আপুনি মাত্র
ক'লা চচমাত
নিজক লুকুৱাই
অচিনাকী হোৱাৰ
অভিনয় কৰে ..
আপুনিও মানুহ ..
মুখত আপোনাৰ
জিলিকে হাঁহি
বুকুত আৱসীৰ উচুপনি ..

Thursday 16 October 2014

----তুমি ----

তোমাৰ দুচকুত এজাক
ধুমুহা নামিছিল
এখন নদীয়ে তাতে
বাট হেৰুৱাইছিল
উটি ভাহি হেৰাই গৈছিল
বাউল সময় ..
মোক নুসুধিবা ...
মইতো কোৱা নাছিলো
হৃদয়ৰ কথা শুনা,
প্রেমৰ এখন
নীলা আকাশ আঁকা,
বিচাৰি ফুৰা তাত এজাক
সুখৰ পখিলা ..
আৰে!!
হেৰুৱাবাই সকলো..
প্রেম মানেইটো
সৰ্ব্বস্রান্ত হোৱা
প্রেম মানেইটো
নিজক বিলাই দিয়া ..
প্রেম মানেইটো
আবেগৰ এখন
ভগা জপনা ...
ঢল নামে তাত..
বৈ থাকে বেদনাৰ
বাঢ়নি পানী ..
তথাপি প্রেমত
পৰা তুমি
তথাপি সাহসী তুমি
তথাপি লাগে তোমাক
মৰমৰ ৰঙেৰে ৰঙীন
বৰ্তমান আৰু ভৱিষ্যতৰ
এখন ধুনীয়া ছবি ..
এনেকৈয়ে থাকা তুমি..
তোমাৰ দুচকুত আজিও
একেই ধুমুহা..
ভালপোৱাৰ পোহৰে আৱৰা
এখন ৰঙা কলিজা ...
এনেকৈয়ে থাকা তুমি..

-----কংকাল---

ভালপোৱাৰ ভাস্কৰ্য নিশিকাবা 
আমি আঁউসীৰ আকাশৰ
অনামী কংকাল ..
ভোক জানো
ভাস্কৰ্য হ'ব পাৰে !
শুদা হাতত জানো
জোনাকে নাচে !
মানুহ জানো
প্রেমত পৰে
এলাগী আৱৰ্জনাৰ !!
তুমি ভৱাৰ দৰেই য'দি
সহজ হ'লহেতেন পথবোৰ
কল্পনাৰ দৰেই য'দি
মসৃন হ'লহেতেন জীৱন
ভোক য'দি হ'লহেতেন
অপ্রয়োজনীয় বিলাস ..
আকি ল'লোহেতেন
ৰঙৰ প্রলেপ
বিনা প্রতিবাদেৰে ..
কিন্তু ন'হল তেনেকুৱা ..
নুশুনো তোমাৰ কথা ..
আমি মাটিৰ মানুহ
আমাৰ ঘাম আৰু চকুলো
মাটিয়ে মাথো চিনি পাই ..
আমাৰ ৰাতিবোৰ
ৰাতিৰ দৰেই ক'লা
আৰু দিনবোৰ
ৰ'দৰ তাপত পোৰা ..
আমাৰ বাবে একেই ভোক
আৰু একেই ভালপোৱা..
ভালপোৱাৰ ভাস্কৰ্য নিশিকাবা
আমি আঁউসীৰ আকাশৰ
অনামী কংকাল ..

---এটা আশাৰ কবিতা---

বৰষুণজাক আহিব বুলি 
ৰৈ আছিলো সেমেকা
বতাহজাকৰ স'তে.. 
আপুনি আহিছিল..
আপোনাক এটা
আশাৰ কবিতা
উপহাৰ দিয়াৰ
কথা আছিল ..
কথা আছিল
এমোনা পোহৰেৰে
আপোনাৰ চৌপাশ
ওপচাই দিয়াৰ ..
মোক আচৰিত কৰি
আপুনি সুধিছিল
"তুমি দুঃখক
চিনি পোৱানে?
..আন্ধাৰক ? "..
নিস্তব্ধ জুপুৰীটোৰ বাহিৰত
তেতিয়া আন্ধাৰ..
মাথোন আন্ধাৰ ..
আৰু দুঃখ ?
দুঃখ যে মোৰ
অতীকে চিনাকী,
নিৰৱ সহচৰ ..
তাকে সাৱতি পাৰ কৰো
আন্ধাৰ ৰাতিবোৰ..
জোনাকে আমাক
জুমি নাচাই কেতিয়াওঁ !!
আপোনাক মিছাকৈয়ে কৈছিলো ..
আন্ধাৰক চিনি
নাপাওঁ মই..
আৰু দুঃখ ..
তাক খেদি পঠিওৱা
আজি বহুত বছৰেই হ'ল ..
এতিয়া মই মাত্র পোহৰৰ
বেপাৰ কৰো ..
মই যে আজিকালি
পোহৰৰ সদাগৰ..
আচৰিত হৈছিল আপুনি..
মোৰ দুচকুত আপুনি
বিচাৰি ফুৰিছিল
আন্ধাৰে আৱৰা এখন
ক'লা আকাশ ,
দুঃখে দি যোৱা
অজুত মৰমৰ ঘা ...
কি কৰিব কওঁক..
আপোনাকতো ক'ব নোৱাৰো
আপুনি ওলাই গ'লেই
সিহঁত আহিব..
সিহঁত আহিব
এজাক সেমেকা
বতাহ হৈ ..
আবেগৰ এজাক
জীয়া বৰষুণ লৈ ..
আপোনাক এটা
আশাৰ কবিতা
উপহাৰ দিয়াৰ
কথা আছিল ..
কথা আছিল
এমোনা পোহৰেৰে
আপোনাৰ চৌপাশ
ওপচাই দিয়াৰ ..

----দৌৰ ----

এই আকাশ তোমাৰ 
এই সুৰুয তোমাৰ
তোমাৰ বাবেই বাট চাই
জিলমিল এজাক তৰাই ..
হেৰুওৱাৰ আশংকাত তুমি
উশাহ নোলোৱা ,
নোপোৱাৰ ভয়ত তুমি
বিচাৰি নুফুৰা
তোমাৰ বাবেই সজোৱা
জীৱন নামৰ সেই
ৰঙীন টোপোলা ..
কিহৰ চিন্তা
কিহৰ বান্ধোন ..
কিহৰ তাড়নাত আজি
ইমান কান্দোন ..
হাবিয়াসৰ ঘোৰাত উঠি
তুমি দৌৰিছা
মাথো দৌৰিছা ..
কিয় ইমান ভিৰ,
কিহৰ ইমান হতাশা!
মাথো উশাহৰ খেলা
এফালে জীৱন
আনফালে হুমুনিয়াহ ..
অকণমান ৰৈ
চোৱা আজি..
কাণপাতি শুনি
চোৱা আজি ..
এজাক চেঁচা বতাহ,
এখন নিয়ৰৰ আঁচল ..
শৰৎ আহিছে জানা ..
শেৱালী ফুলিছে চোৱা ..
আকাশত ওলমিছে
শুকুলা ডাৱৰ ...
কিয় ইমান ভিৰ,
কিহৰ ইমান হতাশা!
মাথো উশাহৰ খেলা
এফালে জীৱন
আনফালে হুমুনিয়াহ ..

তুমি ...

তোমাক দেখাৰ দিনাই 
ভাঙি পেলালো আইনাখন
তোমাৰ দুচকুত মাথোন 
বিচাৰি ফুৰিছো নিজক
তেতিয়াৰে পৰা ..
তুমি হয়তো নাজানা
তেতিয়াৰ পৰাই
কঢ়িয়াই ফুৰো
অঘৰী চৰাইৰ দৰে
কিছুমান আবেগৰ টুকুৰা..
যিবোৰে আমনি কৰে
যিবোৰ ভগাই লও
নিতাল ৰাতিবোৰৰ স'তে ..
যিবোৰে তুলি আনে মোক
নিৰাশাৰ অটল
গহ্বৰৰ পৰা
হেৰাই নোযোৱাকৈ....
তুমি নুবুজিবা ..
তোমাকতো কোৱাই
ন'হল তেতিয়া ..
কোৱাই ন'হল
কেনেকৈ পোহৰ হয় সকলো
তুমি অহাৰ পৰত ..
কোৱাই ন'হল
তোমাৰ দুচকুত উমলি
আকাশখন নীলা
হৈছিল কেনেকৈ..
আচলতে আমেজ
আছে সকলোতে ..
কেতিয়াবা হেৰুৱাইও
চাবা এনেকৈ ..
অকল পোৱাতেইতো
নাথাকে পূর্ণতা..
লাভৰ হিচাপ কৰা
আমিতো বনিক
নহয় কেতিয়াও !!
তুমি ...
তোমাক দেখাৰ দিনাই
ভাঙি পেলালো আইনাখন
এতিয়া দুভৰিত
তাৰেই টুকুৰা ...

----মোক নজগাবা ---

এই শূণ্যতাৰ সিপাৰে 
এজাক জোনাকে
কথা পাতে ...
জোনটোৱে মনে মনে
কাণ পাতি শুনে
দূৰণিত এজাক তৰাই
মিছিকিয়াই হাঁহে..
দুৱৰিডৰাৰ টোপনি
ভাগিল হঠাৎ ..
নিয়ৰৰ আমনিত
সেমেকিলে দুহাত ..
পদূলিৰ শেৱালীজোপাই
ওমলালে সিহঁতক
তলসৰা শেৱালীৰ
জুনুকা পিন্ধাই ..
নিৰৱতাৰ ওৰণি টানি
নিশাটো মনে মনে
বহি থাকিল ..
এজাক কোমল বতাহে
কৈ থৈ গ'ল
ইমান পোহৰ ,
ইমান শান্তি যে
সুলভ নহয় !!
মোক নজগাবা ..
এই শূণ্যতাৰ সিপাৰে
এজাক জোনাকে
কথা পাতে ...
ভৱাতকৈও আকাশখন
আপোন হৈ পৰে ..
টোপনি যাম মই..
মোক নজগাবা ..

~~~~অভাৱ আছে বাবেই~~~~~

অভাৱ আছে বাবেই 
সুখত থাকো আমি..
সপোন আছে বাবেই 
বিচাৰি ফুৰো
য'তে ত'তে
আশাৰ কণিকা ..
অভাৱ আছে বাবেই
দুঃখৰ বৰষুণজাকত প্রায়েই
জুৰুলি জুপুৰি হওঁ ..
নোপোৱাৰ ভিৰত
হৃদয়ৰ টুকুৰা বিচাৰি
চলাথ কৰো
গোটেই চহৰ ..
সুখত হাঁহো
আৰু দুঃখতও ..
ভালপাওঁ জীৱনক
আমনি লগাকৈ !!
অভাৱ আছে বাবেই...
ৰৈ থাকো অকলে
পোহৰ হোৱালৈ..
কাৰোবাক ভাত লাগে
কাৰোবাক মৰম ..
কাৰোবাক ৰ'দ লাগে
কাৰোবাক বতাহ..
অভাৱ আছে বাবেই
ভগৱান জীয়াই আছে ..
অভাৱ আছে বাবেই
আন্ধাৰ নিশাও জ্বলে
আশাৰ শলিতা ..
অভাৱ আছে বাবেই
ভাল পাই জোনটোৱে
উদাস ধৰাক ...
অভাৱ আছে বাবেই
সাৰে আছে এতিয়াও
এজাক তৰা ..
অভাৱ আছে বাবেই
আগবাঢ়ো আমি
অভাৱ আছে বাবেই
সুখত থাকো আমি..
অভাৱ আছে বাবেই
বিচাৰি ফুৰো
য'তে ত'তে
আশাৰ কণিকা ..

Thursday 21 August 2014

----চাৰ---



চাৰ..
এদিন আপুনিয়েই কৈছিল
ওখ গছবোৰতকৈও
মানুহবোৰ ওখ
হ'ব পাৰে ...
উদাৰ হ'ব পাৰে
আকাশৰ সমান !
এদিন আকাংক্ষাৰ
এমুঠি কঠিয়া চ'তিয়াই
হাঁহি হাঁহি
ৰৈ আছিল আপুনি
আমালৈ চাই ..

চাৰ..
ক'লা ক'লা বরডবোৰত
বগা চকেৰে
আপুনিয়েই এদিন
লিখি দিছিল  
পোহৰৰ ঠিকনা   ..
আমাক কৈছিল
এইটো বাটেৰে যাবি
পিছলি নাখাবি ...

চাৰ..
জীৱনৰ অঙ্কবোৰো আমি  
আপোনাৰ পৰাই শিকা
আপুনি কৈছিল
জীৱনৰ অঙ্কত সদায়
উত্তৰ নোলাই
গণিতত হ'লে ওলায় ..

চাৰ ..
আপোনাৰ শুভ্র চোলাটোত
ৰঙা কলমটো
এতিয়াও সপোনত দেখো ..
সিদিনা সনাতনে ক'লে
আপুনি হেনো নাই !!
সচাকে আপুনি
জানো নাই !
আপোনাক সাঁচি
ৰাখিম আমি সযতনে
আমাৰ মাজত ..
বাট বুলিম
আপুনি দেখুওৱা বাটেৰে ..
পিছলি নপৰাকৈ !      

Friday 1 August 2014

--তাই উভতি চালে--



তাই উভতি চালে 
এজাক মৰমৰ বৰষুণে
তাৰ দুচকু সেমেকালে..

তাই উভতি চালে 
উশাহৰ নদীখনত তেতিয়াই 
জীৱনে হাঁহিলে .. 

তাই উভতি চালে
আন্ধাৰ গলীটোত
এটা সপোন উপজিলে ..

তাই উভতি চালে
চহৰৰ কদৰ্যতাত মাথো
মৰম উমলিলে ..

তাই উভতি চালে
সি হেপাহ পলুৱাই
আকৌ উশাহ ল'লে ..

তাই উভতি চালে
সি মুৰ তুলি
আকৌ চালে
হয় ...
তাই উভতি চালে..

----ধুমুহা----


অনুৰাগৰ শেতেলীত 
এমুঠি সোনাৰু চতিয়াই 
তাই ৰৈ আছিল 
এজাক ধুমুহাৰ প্রত্যাশাত ..

অঙঠাবোৰ জুই হ'বলৈ 
হেনো ধুমুহা লাগে 
বুকুত আশাবোৰ গজিবলৈ 
হেনো ধুমুহা লাগে
মানুহবোৰক আপোন কৰিবলৈও
হেনো ধুমুহা লাগে...

ধুমুহাজাক আহিছিল সিদিনা
উৰুৱাই আনিছিল
এবুকু সেউজীয়া
আৰু সেই আশাবোৰ..
যিবোৰৰ খবৰ শুধি
তাই কটাইছিল
উজাগৰী নিশা ..

সোনাৰুবোৰ তেতিয়াও
তাতেই আছিল ..
নাছিল ..
তাত মাথো
তাইহে নাছিল..

এক অনামী ঠিকনাত
আশাবোৰ বিক্রী কৰি
তাই উচুপি আছিল
গোটেই নিশা ..

এতিয়া আৰু তাইক
ধুমুহা নালাগে ..
এতিয়া নিজৰ
বুকুতেই তাই
বিচাৰি পাই
এজাক ডাঙৰ ধুমুহা ..

তাই ভবাতকৈও ডাঙৰ..

----মোৰ চহৰ ,মায়াবী চহৰ...


আকৌ সেই 
সেমেকা হাঁহি 
আকৌ সেই
সেমেকা নিয়ৰ
আকৌ সেই মই 
আকৌ সেই 
গধুলিটোৰ বোজাত 
ক্লান্ত চহৰখন ...
মোৰ চহৰ ,
মায়াবী চহৰ...

সদায় সোধো
কাৰ মায়াত
আবদ্ধ মানুহ ?
কাৰ মায়াত মায়াবী
এই মানুহৰ ভীৰ..
লক্ষ্যহীন মানুহৰ
হাঁহিৰ কোলাহল ,
কান্দোনৰ উচুপনি
মিছা আভিজাত্য আৰু
মিছা পোহৰৰ সমাগমত
ৰঙীন হয়
এই চহৰ..
মায়াবী চহৰ...

য'ত মানুহৰ আৱৰ্তমানত
বাটৰ কুকুৰবোৰে
নিজৰ স্বত্ব
জাহিৰ কৰে
মনে মনে..
য'ত উদং পেট
আৰু গধুৰ উশাহবোৰ
ঢাকি ৰাখে
বোবা কলিজাই
সুখ বুলি মানুহবোৰে
য'ত দুঃখকে আজোৰে
য'ত আন্ধাৰবোৰ
সজাই থোৱা হয়
শাৰী শাৰীকৈ
পোহৰৰ সলনি..
মোৰ চহৰ ,
মায়াবী চহৰ...

একেই আছো মই
একেই আছে
মোৰ চহৰখন ,
আহিব কেতিয়াবা
আপোনাৰ অপেক্ষাত
ক্লান্ত এতিয়া মই
আৰু মোৰ সেই
মায়াবী চহৰখন ...

মোৰ চহৰ ,
মায়াবী চহৰ...

কি বিচাৰি ফুৰো

কি বিচাৰি ফুৰো 
নিজেই নাজানো.. 

শব্দত জানো 
সপোন আঁকে মানুহে! 
বেদনাৰ দেৱালেৰে জানো 
ঘৰ সাজে মানুহে ? 
শূণ্য আকাশত জানো 
বাহ পাতে 
সুখৰ তৰাই ! 

দূৰ আকাশত
বেলিটো লুকুৱাই
যাযাবৰ ডাৱৰবোৰেও
সপোন সজাই
শুকান মাটিক
সেউজ কৰাৰ ...
সপোনবোৰ যে
অকল সপোন নহয়
সপোনবোৰ অঙঠা হৈ
দুচকু জ্বলাই..

বুজাও জীৱনক..
নুবুজে সি
সি মাথো
বাৰে বাৰে
আন্ধাৰ বিলাই !
আন্ধাৰত সপোন খেপিয়াই
ভাগৰ লাগে জানা !
নুবুজে ...
জীৱনে দেখোন
তাকো নুবুজে !


কি বিচাৰি ফুৰো
নিজেই নাজানো ..
জীৱনক সুধি চাওঁ
মনে মনে
ওঁহো ...
সিওঁ দেখোন
বহি থাকে
মনে মনে
মোৰ দৰেই ..
সিওঁ কিজানি
একোকে নাজানে !

মোৰ দৰেই ..

---কথা পাতিম---



চাহৰ পিয়লাটো 
উপচি পৰালৈকে ...
আপোনাৰ সতে 
কথা পাতিম..
সপোন খেদি খেদি
ভাগৰ নলগালৈকে ..
আপোনাৰ সতে
কথা পাতিম!!

মই নেজানো
আন্ধাৰত হেৰাই নে
বুকুত হেৰাই সপোন..
সেই সপোনটোৰ
সমাধিত বহি
ভাগৰ নলগালৈকে
কথা পাতিম..

উজাগৰী ৰাতিৰ
জিলিকা তৰাবোৰ দেখিছে ?
সিহঁত হেৰাই নোযোৱালৈকে
কথা পাতিম..
বহুত কথা আছে
নিৰৱে ,এনেকৈয়ে ..
মনে মনে..
বুকুবোৰ পাতল নোহোৱালৈকে
কথা পাতিম..


আহিব জানো আপুনি!
আপুনি নাহিলে
আপোনাৰ সলনি
নিসংগতাৰ সতেই
কথা পাতিম ..

বহুত কথা আছে
বহুত বোজা আছে
বুকুভৰা ডাৱৰ হৈ ..
চকুপানীৰ বৰষুণত
জুলুৰি জুপুৰী হোৱালৈকে
আমি কথা পাতিম ..

ভাবিছো !!
চাহৰ পিয়লাটো
উপচি পৰালৈকে
কথা পাতিম..

---মইও যে সদাই মই নহয় ---



সদাই সূৰুয 
ৰঙা নহয় 
সদাই বুকু 
উদাস নহয় 
মই থাকো 
মোৰ মাজতেই 
মইও যে সদাই
মই নহয় .. 

দোটোপাল বৰষুণে
বঢ়াই তোলে
হেপাহ মোৰ ..
জীৱনে চতিয়াই যায়
এমুঠি নীলা ..
মই উশাহ
লও ইয়াতেই..
আকাশেও ইয়াতে
পোহৰ বিলাই ..
বতাহে কৈ যায়
কাণে কাণে ..
জীৱন মানেইটো আৰু
বেদনা নহয় ..

মই থাকো
মোৰ মাজতেই
মইও যে সদাই
মই নহয় ...
এখামোচ জীৱন, 
এবুকু আবেগ আৰু
এখন মুকলি আকাশ .. 

বাৰিষা ধল 
নামে তাত 
খৰালি বলে
উৰুঙা বতাহ ..
কি পাবা
কি হেৰুৱাবা
নাজানো ,নুবুজো
আজি দেখো
জ্বলি আছে
প্রাণ ভৰি
এমুঠি জোনাক ..

জীৱন মাথো
জীৱনৰেই নাম ..
জোকাও তাক
বুজাও তাক
নালাগে আৰু মোক
এবোজা আন্ধাৰ ...
জীৱন দেখো
নোপোৱাৰেই নাম ..

বিচাৰো এতিয়াও
হেপাহ পলুৱাই ..
এখামোচ জীৱন,
এবুকু আবেগ আৰু
এখন মুকলি আকাশ ..
নিসংগ নিশাক ন'কবা 
মোৰ কথা ..
খেদি ফুৰে সি 
বলিয়া কৰে সি 
কিমান শুনিবা আৰু 
ভগা হিয়াৰ 
উদাস হুমুনিয়াহ !

আন্ধাৰ বুকুত বান্ধি
কিমান পলাম আৰু
কিমান সলাম সঘনে
নিজৰ ঠিকনা ..
ধেমালী কৰো কেতিয়াবা
জোকাও এনেকৈয়ে
উদাস,আন্ধাৰ
এখন কলিজাক..

দুচকু জপাই
হিচাপ কৰো ..
আন্ধাৰ সৰহ ক'ত?
ভিতৰত নে বাহিৰত ..
ভিতৰত কলীয়া
মেঘৰ হাহাকাৰ
আৰু বাহিৰত?
বাহিৰতো মেঘেই এতিয়া..
বৰষুণ দিব হ'বলা!
ভিতৰতো আৰু
বাহিৰতো ..

নিসংগ নিশাক ন'কবা
মোৰ কথা ..

---জীৱনতো নহয়,আউসীৰ আকাশ -----

ফুল ফুলে দেখোন 
মোৰ চোতালতও.. 
সেমেকে ডাৱৰ 
নীল আকাশতো ..
জ্বলি ৰয়
তিৰবিৰ এজাক তৰা ..

দুঃখৰ গল্প শুনি
পাহৰি পেলাও আমি
সুখৰ সপোন ...
শামুকৰ খোলাত
নাথাকে জীৱন ..
এবাৰ ওলাই আহা
এবাৰ বিচাৰি চোৱা ..
তোমাৰ চোতালতো
ফুলিছে কিজানি
হেপাহৰ এপাহ
ধুনীয়া ফুল.. ..

উশাহ ...
মাথো মুকলি উশাহ
একো নালাগে আমাক..
ইমান জটিলটো
নাছিল জীৱন!
শুণ্যতাৰ সমাধীত
সুখবোৰ চতিয়াই
আমি সানি লওঁ
এমুঠি আন্ধাৰ ..

ওঁহো ...
জীৱনতো ক'লা
নাছিল কেতিয়াও !
জীৱনতো নহয়
আউসীৰ আকাশ ..
এবাৰ ওলাই চোৱা
এবাৰ হেৰুৱাই চোৱা
এবাৰ জুমি চোৱা
ইমান পোহৰ ..
ইমান জোনাক ..
ইমান বিশাল
এখন আকাশ ..

উশাহ ...
মাথো মুকলি উশাহ
একো নালাগে আমাক..
জীৱনতো নহয়
আউসীৰ আকাশ ..

ভালপোৱা ...



আন্ধাৰ নিশা 
ক্লান্ত আকাশখনক
আৱৰি থকা 
এমুথি সুখৰ তৰা.. 
ভালপোৱা .. 

য'ত নোপোৱাৰ 
দুঃখবোৰে এদিন 
সুখৰ ঠিকনা সজাইছিল ..
যাৰ বাবে
সুখৰ সলনি
মানুহে পিন্ধিছিল
দুঃখৰ লেতেৰা চোলা ..
ভালপোৱা ..

যিটো পথত
বৈ থাকে
এচাতি নোপোৱাৰ হুমুনিয়াহ..
য'ত ৰৈ
বেলিটোৱে নিজক
পাহৰি যায় ..
যাৰ অপেক্ষাত
সময়ে আজিও
চকুলো সৰায়..

ভালপোৱা ..

---জীৱন যেন এমুঠি ভালপোৱা ..

কোন আপোন 
কোন পৰ .. 
সাথৰ সাথৰ
এই সময়.. 
নিতৌ নতুন পুৱা.. 
জীৱন সপোন, 
জীৱন যেন 
এমুঠি ভালপোৱা .. 

সিচৰিত মুখৰ ঢৌত
চিনাকী অচিনাকী
হাঁহিৰ কোলাহল ...
বুটলি লোৱা ,
বিয়পাই লোৱা ,
সহজ নহয়
এতিয়া আৰু
সুখক বিচাৰি ফুৰা..

হাতৰ মুঠিত
আনন্দৰ চকুলো
দুৱাৰ দলিত সৌৱা
দুঃখৰ আন্ধাৰ ...
চিনাকী অচিনাকী
সকলো খন্তেকীয়া ..
জীৱন যেন
এটা সুখৰ সপোন ..
জীৱন যেন
এমুঠি ভালপোৱা ..

--নিৰৱতা---



আন্ধাৰ গলীটোত তেতিয়া 
কোনো নাছিল .. 
ক্রমশঃ হেৰুৱাই 
পেলাইছিল সি নিজক 
নিৰৱতাৰ কোলাত ..

দিনৰ পোহৰত
সি জিলিকি থাকে ..
যৌৱনৰ তগবগ বতাহে
তাক ব্যস্ত
কৰি তোলে..
তাৰ বুকুতে
ৰঙা ৰঙা ফুলবোৰে
সিচি দিয়ে
মৰমৰ দলিচা ...
চঞ্ছল বৰষুণজাকে
জোকাই তাক বাৰুকৈয়ে .
আকাশখনেও তালৈ
ঘূৰি ঘূৰি চাই ..
দিনৰ পোহৰত
সি জিলিকি থাকে
দিনৰ দৰে ..

কিন্তু নিশা ?
নিশা সকলো হেৰাই ..
নিশা আন্ধাৰত
সি নিজক
বিচাৰি ফুৰে..
বৰষুণবোৰ চকুপানী হয়
আৰু বতাহবোৰ বেদনা ..
ৰঙা ফুলবোৰো
হৈ পৰে
ক্রমশঃ ক'লা ..

ৰিক্ত আকাশত
এটা জোন বিচাৰি
সি পাৰ কৰে
উজাগৰী নিশা..
নিৰৱতা ...
মাথো নিৰৱতা...
নিৰৱতা আন্ধাৰৰ
দৰেই সঁচা ..

আন্ধাৰ গলীটোত তেতিয়া
কোনো নাথাকে ..
সি নিৰৱতাৰ কোলাত
টোপনি যায় অকলশৰে ..
নিৰৱতা ...
মাথো নিৰৱতা...
নিৰৱতা আন্ধাৰৰ
দৰেই সঁচা ..
আন্ধাৰ নিশা 
মোক তাতেই পাবা .. 
নিশাটোক শুধিবা 
মোৰ কথা ..
ক'ব সি, 
চিনি পাই সি 
মোৰ সপোনবোৰৰ 
হেৰোৱা ঠিকনা .. 

আচলতে আমাৰ 
অভাৱবোৰ একেই
একেই আমাৰ
উদং হিয়া..
শুকাই কৰাল
বান্ধে য'ত
এবুকু উদাসীনতাই ..

ভাগৰ নেলাগে মোৰ!
মই বহি থাকো
সেইটো আলিবাটতে
য'ত সপোনবোৰে প্রায়ে
বাট হেৰুৱাই ..
য'ত ৰৈ নিশাটোৱে
এবাৰ উভতি চাই ..
য'ত এদিন
নিজক হেৰুৱাই উচুপিছিল
এজাক তৰাই...

আন্ধাৰ নিশা
মোক তাতেই পাবা ..
নিশাটোক শুধিবা
মোৰ কথা ..

তুমি নাথাকিলেও....

.
তুমি নাথাকিলেও 
তোমাৰ বাবেই 
ৰৈ থাকিম 
আশাৰ দলংখনৰ 
শেষ খুটাটোত আউজি ..

নিশাৰ ঝিলিৰ সতে
ভগাম নিৰৱতা
বৈ থকা
নদীখনক সুধিম,
পানীবোৰ উভতি
আহে জানো কেতিয়াবা?
খবৰ ৰাখেনে
এৰি যোৱা ঘাটৰ ?

তুমি নাথাকিলেও
তোমাৰ বাবেই
সজাম খৰিকাজাই ..
দূৰ আকাশৰ
শুকুলা মেঘত
জীৱন খেপিয়াই চাম ..

তুমি নাথাকিলেও
মই মোৰ
দৰেই থাকিম..
জীৱনক জোকাই
যাম এনেকৈয়ে ,
নিৰাশ কৰিম নিৰাশাক
আশাৰ দলংখনৰ
শেষ খুটাটোত আউজি ..

তুমি নাথাকিলেও ...

-- আশাৰ বৰষুণ --


অ'ই আশাৰ বৰষুণ 
তই আহিবি বুলি 
কিমান ওমলাম আৰু 
হতাশ দুচকুক .. 
মিছা প্রতিশ্রুতিবোৰ শুনিলে 
হৃদয়ে আজিকালি 
হাঁহি দিয়ে 
খিলখিলাই .. 

জীৱনৰ আউল
লগা অঙ্কবোৰে
আমাক বিধ্বস্ত
কৰিলে কেতিয়াবাই ..
এতিয়াও ভুল কৰো
এই অঙ্কবোৰ ..
আলু ,পিয়াজ আৰু প্রেম
য'ত সমান হয় ...
য'ত সেউজীয়া পথাৰবোৰক
বন্ধকত থৈ
মানুহে সজায়
কংক্রীটৰ দালান ..
য'ত মৰমৰ বৰষুণবোৰ
নিলাম দি
মানুহবোৰ ধনী হয়..
সেইবোৰ আমি
নোৱাৰিম শিকিব সহজে ..

তই ঘূৰাই দে
এবুকু মৰম,
তই ঘূৰাই দে
আস্থাৰ দুখনি হাত ..
ৰৈ আছো
তোৰ বাবেই ..

অ'ই আশাৰ বৰষুণ
তই আহিবি বুলি
কিমান ওমলাম আৰু
হতাশ দুচকুক ..
মিছা প্রতিশ্রুতিবোৰ শুনিলে
হৃদয়ে আজিকালি
হাঁহি দিয়ে
খিলখিলাই ..

---তাই নাই---


তাই নাই 
ফুলা নাই 
হেপাহৰ ফুল.. 

বৰষুণ অহাৰ
কথা আছিল..
সেউজীয়া হোৱাৰ
কথা আছিল ..
কথা আছিল
পোহৰ আজোৰাৰ ..

তাই নাই ..
আকাশত এতিয়া
এটা উদাস জোন..
তৰা খেপিওৱাৰ
কথা আছিল ,
সুখী হোৱাৰ
কথা আছিল ..
কথা আছিল
মুকলি আকাশখন
এবাৰ চুই চোৱাৰ..

তাই নাই
ফুলা নাই
হেপাহৰ ফুল..
দুহাতত থাকি গ'ল
এমুঠি মৰহা ফুল ..

... এই চহৰ ...



তোমাৰ উদাসীনতাত 
ভোল নেযায় 
এই চহৰ .. 
চহৰবোৰ ভোকাতুৰ 
লোলুপ শিয়ালৰ দৰে
মঙহৰ সোৱাদ
লাগে সিহঁতক ..

তোমাৰ মৰমৰ বাৰিষাত
পাগল নহয়
এই চহৰ ..
তোমাৰ বাবে
ৰৈ নেথাকে
চেনেহৰ দুহাত..
তুমি দৌৰিব লাগিব
জীয়াই থাকিবলৈ
তুমি সাজিব লাগিব
পাথৰৰ পাহাৰ..

গাৱৰ বোকাবোৰ এৰি
এতিয়া তুমি
চহৰৰ কৃতদাস ..
তোমাৰ হাতত নাই
সময়ৰ লেকাম ...
গৈ থাকা এনেকৈয়ে ..

তোমাৰ উদাসীনতাত
ভোল নেযায়
এই চহৰ ..
চহৰবোৰ ভোকাতুৰ
লোলুপ শিয়ালৰ দৰে
মঙহৰ সোৱাদ
লাগে সিহঁতক ..

---- আনে নেদেখে ---


তাৰ দুহাতৰ শূণ্যতাত 
তাই এখন 
আকাশ আঁকে .. 

আনে নেদেখে .. 

তাৰ চকুপানীত 
তাই সম্ভাৱনাৰ 
এজাক জোনাক সিঁচে..

আনে নেদেখে ..

মুকলি আকাশৰ তলত
এজাক তৰাই
উচুপি থাকে ..

আনে নেদেখে ..

তাৰ কাষতে ৰৈ
মনে মনে তাই
হাঁহি থাকে ...

আনে নেদেখে ..
কোনে ক'লে 
শুকান বুকুত 
নজ্বলে আজিকালি 
সুখৰ তৰা... 

এতিয়াও উশাহ লও, 
এতিয়াও বাট চাও , 
এতিয়াও বিচাৰি ফুৰো 
এটা,দুটা ...
হাজাৰটা তৰা..
আশাৰ ৰঙেৰে ভৰা..

এটা নিশা,
এখন আকাশ
আৰু এবুকু
সুখৰ জোনাক ..
আজিৰ বাবে ইমানেই
কাইলৈ বিচাৰিম
আকৌ ..
জীৱন মানেইতো
সম্ভাৱনা...
জীৱন মানেইতো
আশা ..
জীৱন মানেইতো
উশাহ লোৱা ...

---অ' মন ..

অ' মন .. 
তই সাৰে থাক 
মনে মনে.. 
তই বিচাৰি 
ফুৰ জোনাকতে,
এটা সপোনৰ 
আধা শুনা গান .. 

কিমান ধূনীয়া
এই সময় ..
ফুলবোৰো ফুলি থাকে
তৰাবোৰ উমলি থাকে
নিজানত বলি থাকে
পাগল বতাহ..

জুমি চাওঁ
মনে মনে..
মই ৰৈ
থাকো দূৰণিতে
নাই..
নামাতো তোক ...
নোজোকাওঁ যা ..

অ' মন ..
তই সাৰে থাক
মনে মনে..
তই বিচাৰি
ফুৰ জোনাকতে,
এটা সপোনৰ
আধা শুনা গান ..

---শৈশৱ ---

ব'ল ওলাই যাওঁ, 
ব'ল মুকলি হওঁ ,
ব'ল বুটলি ফুৰো 
তলসৰা শৈশৱ .. 

ব'ল লুকা 
ভাকু খেলো 
ব'ল জেটুলীপকা খাওঁ 
ব'ল এবাৰ
ৰজা হৈ চাওঁ ..

ব'ল ঢকুৱাত বহি
এবাৰ চুচৰি চাওঁ
ব'ল নাক চেপেটী বুলি
তৰাক জোকাই চাওঁ
ব'ল আমগছজোপাৰ আমবোৰ
সোপাই পাৰি খাওঁ ..

ব'ল এবাৰ
জুলুৰি জুপুৰি হৈ
টেঙাবলটো খেলো..
ব'ল গধূলি
খেদি ফুৰোগৈ
জাকে জাকে
জোনাকী পৰুৱা ..

ব'ল এবাৰ
শৈশৱ বিচাৰি যাওঁ ..
ব'ল এবাৰ
আকৌ ওলাই যাওঁ..

----শাওণ---

কজলা মেঘ আজি 
অজলা আকাশ .. 
সজল পথাৰত আজি 
বলীয়া বতাহ .. 
মনত আজি শাওণ ,
শাওণ যেন 
এজাক বৰষুণ..

এই লুকাই
এই জুমি চায় ..
বিজুলীৰো আজি
তৰণি নাই ..
কিমান আশা,
কিমান উলাহ
কিমান অভিমানেৰে
এই উমাল নিশা ..

সাৰে থাকিব
আজি টোপনি,
সাৰে থাকিব
এখন পথাৰ,
টোপনি যাব
জানো আকাশখনৰ!
এহাল তৰাও আজি
টোপনি নেযায়..

কিমান উলাহ
কিমান অভিমান
কজলা মেঘ আজি
অজলা আকাশ ..

Thursday 5 June 2014

-----নামাতিবা মোক ,টোপনি যাওঁ ..

হেপাহৰ এখন পৃথিবী
আন্ধাৰে আৱৰা
এটা পাহাৰ..
উমলি থাকে তাতে
মুঠিয়ে মুঠিয়ে জোনাক..
বতাহত এতিয়া মাথোন
ভাগৰুৱা ফুলৰ সুবাস
নামাতিবা মোক
টোপনি যাওঁ ..

ভাল পাওঁ এই
নিৰৱ নিশাটো
নিৰৱতাত বুৰ গৈ
শুই আছে চহৰখন..
খুটাটোত আউজি
টোপনিয়াই আছে
ভাগৰুৱা জোনবাইটোৱেও ..
ধূসৰ পথবোৰোত
এতিয়া নিমাত জীৱন..
দূৰলৈকে মাথো
আন্ধাৰ আৰু
পোহৰৰ ধেমালী ..
সিহঁতেও ভাল পাই
কিজানি এই সময়
মোৰ দৰেই ..
নামাতিবা মোক
টোপনি যাওঁ ..

মাথো কেইটামান প্রহৰ
নাই চিন্তা
নাই বেজাৰ
নাই বোজা জীৱনৰ ..
আমন জিমনকৈ
সৌৱা অকলে
ৰৈ আছে
অস্পষ্ট সপোনৰ সমদল ..
নামাতিবা মোক
টোপনি যাওঁ ..
সন্মুখত এতিয়াও
হেপাহৰ এখন পৃথিবী
আন্ধাৰে আৱৰা
এটা পাহাৰ..
নামাতিবা মোক..

ঈশ্বৰ ক'ত ?

তেওঁ সুধিলে
ঈশ্বৰ ক'ত ?
মই ক'লো
মোৰ জেপত..

দুখীয়াক জানো
চিনি পাই ঈশ্বৰে!
ঈশ্বৰ এতিয়া
সোণৰ প্রতিমা হৈ
বহি থাকে
কুবেৰৰ ঘৰত..

বোকা মাটিত বহি
ৰৈ থাকে
অজলা মানুহবোৰ..
সিহঁতে বুজি নাপায়
আজিৰ ঈশ্বৰে
ভাল নাপায়
বুকুৰ আন্ধাৰ
আৰু অভাবৰ বিননি..

মহানগৰীৰ ৰঙীন হোটেলত
ঈশ্বৰে ভাত খায়...
বিলাসী গাড়ীত উঠি
পাহৰি পেলাই
চেচা হুমুনিয়াহ ..
ক'লা চিচাৰ
আৰত লুকাই
হেৰাই থাকে
সুখ নিদ্রাত ..
দুখীয়াক জানো
চিনি পাই ঈশ্বৰে!

তেওঁ সুধিলে
ঈশ্বৰ ক'ত ?
মই ক'লো
মোৰ জেপত..

দূৰৰ তৰাবোৰ দূৰতে থাকক ..

দূৰৰ তৰাবোৰ
দূৰতে থাকক ..
আজি আকাশৰ শূণ্যতাত
বিলীন হৈ পৰক
অপেক্ষাৰ এমুঠি
কলীয়া ডাৱৰ ..

ইমান জোনাক
ইমান পোহৰ..
ৰৈ থাকো আজিও
ৰৈ নাথাকে
মাথোন অবাধ্য সময় ...

অভজা হিয়াৰ কোলাহলত
সাৰ পাওঁ
মাজ নিশা ,
জুমি চাও
পোহৰ আছেনে বাহিৰত!

আভাবোৰ শিতানত থৈ
জোনটো টোপনি যায়
অলস তৰাবোৰ
ওপঙি থাকে
আন্ধাৰ আকাশত..

ভাগৰুৱা তেতিয়া সকলো
ভাগৰুৱা নহয় মাথোন
এখন হৃদয় ...

---পাগল---

তাই হাঁহিছিল...
তাৰ নিৰস পৃথিৱীখনত
তাই জোনাক সিচিছিল..

তাই হাঁহিছিল...
তাৰ নিৰৱ সপোনবোৰে
প্রাণ পাই উঠিছিল..

তাই হাঁহিছিল..
সি জীৱনক বিচাৰি
হাবাথুৰি খাইছিল ..

তাই হাঁহিছিল..
সি দুঃখবোৰক
দুহাতেৰে ঢাকিছিল ..

তাই হাঁহিছিল..
তাৰ দুচকুত
তেতিয়াহে সুৰুজ নামিছিল ..

তাই হাঁহিছিল..
তাৰ উশাহত তাই
জীৱন সানিছিল ..

তাই হাঁহিছিল..
তাৰ হৈ
সদাই যে
তায়েই হাঁহিছিল ..

তাই নোহোৱাৰ পৰা
দেখোন সিওঁ হাঁহে
মাথোন হাঁহে ..

তাৰ হাঁহিবোৰত
জীৱন নাই
নাই সি
আৰু নাই তাই ..

মানুহে তাক
পাগল বুলি মাতে
সি হ'লে
আজিও হাঁহে ..

মোৰ ঠিকনা ..

সেমেকা বসন্তৰ
সেউজী পাতত
কোনেও লিখা নাছিল
মোৰ ঠিকনা ..

কোনেও কোৱা নাছিল
বৰষুণত তিতা মানুহবোৰেহে
পিন্ধিব পাৰে
আবেগৰ উমাল চোলা ..

কোনেও কোৱা নাছিল
শুকান পাততো
বাহ পাতে
জীৱন আৰু
এমুঠি আশাই ..

জীৱনৰ মিছিকি হাঁহিত
ভোল গৈ
ঘূৰি চাওঁ
বাৰে বাৰে..
অঘৰী অতীতক
জগাই দিও
দুপৰ নিশা ..
সোধো তাক ..
সঁচা জানো !

তাৰ উদং হাত
উদং চকু
আৰু উদং ওঠত
এটাই কথা ..

সেমেকা বসন্তৰ
সেউজী পাতত
কোনেও লিখা নাছিল
মোৰ ঠিকনা ..

সঁচা জানো !