কিছুমান কবিতাৰ ঠিকনা থাকে ...
কিছুমানৰ নাথাকে।
ঠিকনাবিহী্ন কবিতাবোৰে ঠিকনাৰ সন্ধানত
মোক আমনি কৰে...
মই সিহতক ডাৱৰত
সপোন খেপিয়াবলৈ শিকাও...
পোৱা নোপোৱাৰ সাধু শুনাও...
সেউজীয়া বননি আৰু নীলা আকাশৰ
কথা কও ...
মই সিহতক কেনেকৈ কও
মইও সিহতৰ দৰেই ঠিকনাবিহী্ন...
কিছুমানৰ নাথাকে।
ঠিকনাবিহী্ন কবিতাবোৰে ঠিকনাৰ সন্ধানত
মোক আমনি কৰে...
মই সিহতক ডাৱৰত
সপোন খেপিয়াবলৈ শিকাও...
পোৱা নোপোৱাৰ সাধু শুনাও...
সেউজীয়া বননি আৰু নীলা আকাশৰ
কথা কও ...
মই সিহতক কেনেকৈ কও
মইও সিহতৰ দৰেই ঠিকনাবিহী্ন...
No comments:
Post a Comment