Monday, 31 December 2012

জ্বলি ছাই হোবাৰ আগতে

জ্বলি ছাই হোবাৰ আগতে 
জীয়াই থাকিম এদিন...
তোৰ শপত ... 

শুনাই যাম গছৰ 
প্রতিখিলা পাতক 
মানুহ হোৱাৰ 
অলেখ অব্যক্ত কাহিনী ...
সিহঁতে আমনি পাব নেকী ?
পালেও পাওঁক ...

জীয়াই থাকিম এদিন..
উশাহ লম
মুকলি আকাশৰ তলত
ফৰকাল যেন লাগিব
নহয় নে?

একো দুঃখ নাথাকিব ...
নাথাকিব মায়াৰ শিকলি ...
মনতোক এতিয়াও বুজনি দিওঁ ...

জ্বলি ছাই হোবাৰ আগতে
জীয়াই থাকিম এদিন...

Monday, 24 December 2012

সাধুকথা নকবা ...
নুশুনাবা ৰজা ৰাণীৰ কথা ...
কথাবোৰ কিতাপতে 
সুখেৰে থাকক ...
সুখেৰে থাকক ৰজা ৰাণীবোৰ 
দিঠক পৃথিবীত হতাশ হৈ 
পৰিব পাৰে সিহঁত ...

সকলো কাহিনীৰে শেষ 
হয় জানো আনন্দত ?
নহয় কিজানি ...

ৰাজপথৰ পোহৰৰ হালধীয়াত
যেতিয়া সেতা মানুহবোৰে
আধাপেটীকে টোপনি যোৱাৰ
অপচেষ্টা কৰে ...
চহৰখনৰ আত্মকেন্দ্রীকতাত
হতাশ হৈ পৰিব সিহঁত...

সুখেৰে থাকক ৰজা ৰাণীবোৰ
দিঠক পৃথিবীত হতাশ হৈ
পৰিব পাৰে সিহঁত ...

মানুহৰ ভোকৰ কাহিনীত
কোনো নতুনত্ব নাই
ভোকৰ কাহিনীবোৰ
নুশুনাবা ...
বুকুত বেদনা বান্ধি
এতিয়াও শুই আছে
অলেখ মানুহ ...
নাৰিকলৰ কোঁৰোকাত
আবদ্ধ হৈ আছে আশা ...

সাধুকথা নকবা ...
নুশুনাবা ৰজা ৰাণীৰ কথা ...
কথাবোৰ কিতাপতে
সুখেৰে থাকক ...

Tuesday, 18 December 2012

স্মৄতি

স্মৄতিৰ কথা নকবা...
তাইক মই ভাল নাপাওঁ
তাইৰ নীলা ছুৱেটাৰটোও...
ওঁহো... 
তাকো ভাল নাপাওঁ...

শীতৰ নিশাবোৰৰ দৰে 
নিঃশব্দে আঘাট দিয়ে তাই...
মই কুৱলীৰ মাজত লুকাই থাকো 
মায়াময় ৰাতিতো বুকুত বান্ধি ...
আৰু তাই মোক খেদি ফুৰে
বাউলীজনী হৈ...

কলা আকাশখনৰো
জোনবাইটো কঢ়িয়াই
আমনি লাগে কিজানি
তেতিয়া ...
যেতিয়া তাই মোৰ
কাণে কাণে কয়

"শুভৰাত্রি"

Thursday, 6 December 2012

তাত জোনাকে পখিলা খেদে
তাত মৰমে পাখি মেলে...
নিয়ৰো পৰিছে চা
আজি লাহে লাহে...

এনেকৈয়ে হেনো শীত নামি আহে।

তই নাযাৱ নাই 
মই হলে যাম
কুৱলীৰ টোপালবোৰ 
এবাৰ লিখি চাম

মৰমবোৰ হেনো নিয়ৰ হৈ সৰে
মৰম বিচাৰি হেনো শীত নামি আহে

সকলো এৰি থৈ
এবাৰ ওলাই আহ
কুৱলীৰ মাজত আজি
নিজকে বিচাৰি চা...
তাত জোনাকে চা পখিলা খেদিছে
তাত মৰমে চা তোকে মাতিছে...