Monday, 24 December 2012

সাধুকথা নকবা ...
নুশুনাবা ৰজা ৰাণীৰ কথা ...
কথাবোৰ কিতাপতে 
সুখেৰে থাকক ...
সুখেৰে থাকক ৰজা ৰাণীবোৰ 
দিঠক পৃথিবীত হতাশ হৈ 
পৰিব পাৰে সিহঁত ...

সকলো কাহিনীৰে শেষ 
হয় জানো আনন্দত ?
নহয় কিজানি ...

ৰাজপথৰ পোহৰৰ হালধীয়াত
যেতিয়া সেতা মানুহবোৰে
আধাপেটীকে টোপনি যোৱাৰ
অপচেষ্টা কৰে ...
চহৰখনৰ আত্মকেন্দ্রীকতাত
হতাশ হৈ পৰিব সিহঁত...

সুখেৰে থাকক ৰজা ৰাণীবোৰ
দিঠক পৃথিবীত হতাশ হৈ
পৰিব পাৰে সিহঁত ...

মানুহৰ ভোকৰ কাহিনীত
কোনো নতুনত্ব নাই
ভোকৰ কাহিনীবোৰ
নুশুনাবা ...
বুকুত বেদনা বান্ধি
এতিয়াও শুই আছে
অলেখ মানুহ ...
নাৰিকলৰ কোঁৰোকাত
আবদ্ধ হৈ আছে আশা ...

সাধুকথা নকবা ...
নুশুনাবা ৰজা ৰাণীৰ কথা ...
কথাবোৰ কিতাপতে
সুখেৰে থাকক ...

No comments:

Post a Comment