Sunday, 30 June 2013

সপোন ...

কেতিয়াবা টুকুৰা হৈ
ভাগে সপোন ...
তেজৰ চেকুৰা হৈ
গোট মাৰে
বুকুৰ মাজত ..

আকৌ তুলি লও
সিহঁতক মাটিৰ পৰা..
প্ৰৱল অনুৰাগেৰে..
জোৰা লগাও..
মৰমেৰে ...

সপোনবোৰ যে মোৰ..
লাগিলে হওক
ভগা চিগা..
হওক অকলশৰীয়া...
নাইবা অসফল...

মই সপোন দেখো..
মোৰ সপোনে
পাখি মেলে..
উৰি যায় ..
নীল আকাশ ভেদি..

আশাহত হৈ
পৰি যোৱাৰ ভয়ত
সিহঁত বিতত নহয়..
সিহঁতে জানে..
মই সিহঁতক
জোৰা লগাই
আকৌ মেলি দিম..

সিহঁত আছে
কাৰণ ...
মই আছো..

মই আছো..
কাৰণ ...
সিহঁত আছে..

সিহঁতে কঢ়িয়াই ফুৰে
মোৰেই ঠিকনা...
আৰু মই ?

সিহঁতক...

Wednesday, 26 June 2013

আছেনে পোহৰ ?

নাজানো কমোৱা 
তূলাৰ দৰে 
কিয় উৰে ...
স্বপ্নৰ ৰঙীন পক্ষী..

কাৰ উচতনিত 
সাৰ পাই উঠে 
সুপ্ত সপোন..

নিৰৱতাৰ অতল 
গহ্বৰৰ পৰা 
কিয় জুমি চাও
বাৰে বাৰে ...
হল নেকি পোহৰ?

ভবাতো নাই 
মিতিৰালি কৰিম 
পোহৰৰ লগত !

আন্ধাৰ নিশাবোৰে
আমনি কৰা নাছিল..
আন্ধাৰত আবেগ আছে ..
আবেশ আছে ..
আছে এধানমান নিৰৱতা..

নাজানো কাৰ 
উচতনিত... 
সাৰ পাই উঠে 
ইমান জোনাকে ... 

নাজানো কাৰ 
উচতনিত... 
ৰিঙিয়াই মাতে 
মিঠা সপোনে.. 
ইমান প্ৰত্যাশা 
ইমান পোহৰ 
সহ্য নহয় ...

নাজানো তথাপি
কিয় জুমি চাও
বাৰে বাৰে ...

বাহিৰত আছেনে পোহৰ ?

Friday, 21 June 2013

নীল আকাশত
আবীৰ সানি..
উজলি উঠে
পুৱাৰ সূৰুয..

এখন নীলা আকাশে
তেতিয়াও আপেক্ষা কৰে..
শুকুলা ডাৱৰৰ লগত
মনৰ কথা পাতিবলৈ ..
বতাহজাকে সুহুৰিয়াই
কৈ যায় ..
কিয় ইমান ধুনীয়া..
কিয় ইমান সতেজ ..
এই পৃথিৱীৰ
প্রতিটো পুৱা..

দিনবোৰ তেনেকুৱাই..
স্বপ্নাতুৰ,আবেগবিহ্বল ...
কঢ়িয়াই ফুৰে...
ৰদৰ তাপ ..
কোমল পোহৰ...

ধূলিৰে ধূসৰিত
হোৱাৰ পিছতো
চতিয়াই যায়..
সন্ধাৰ হেঙুল..

আন্ধাৰৰ আৱেশে
কিন্তু ম্লান নকৰে
পুৱাৰ হেপাহ ..
যাত্রাৰটো এটা
সমাপ্তি থাকে ...
অন্তহীন হয়
জানো যাত্রা ?

জীৱন এক
আজন্ম যাত্রা..
পুৱাৰ সুৰুযৰ
দৰেই চঞ্ছল...
আবেলিৰ বেলিৰ
দৰেই স্থবিৰ....