Sunday 11 May 2014

...আজিকালি ..

সকলোৱে তাৰ 
উশাহৰ হিচাপ বিচাৰে.. 
কোনেও নাজানে ! 
সি উশাহ নলয় 
আজিকালি .. 

সকলোৱে তাৰ হাঁহিত 
পোহৰৰ কণিকা বিচাৰে
কোনেও নাজানে..
জোনাকৰ বৰষুণত তিতিবলৈ
পাহৰিলে সি
আজিকালি..

এটাই জীৱন ,
অলপ সপোন ..
সকলোৱে তাৰ সপোনবোৰত
কাৰণ বিচাৰে
কোনেও নাজানে!
সপোনবোৰেই একমাত্র কাৰণ
যাৰ বাবে
সি জীয়াই থাকে
আজিকালি ..

No comments:

Post a Comment