Sunday 11 May 2014

--লৈ যোৱা কাঢ়ি --

লৈ যোৱা কাঢ়ি 
সুখৰ সপোন , 
আপত্তিটো কৰা 
নাই কাহানিও.. 
দুঃখবোৰ হ'লে নিবিলাও
ইমান সহজে ..
দুঃখবোৰ মোৰ
একচেতীয়া সম্পত্তি..

এনিশা কটাই
চোৱা এনেকৈ,
শেতেলীত সজাই
অচিন আন্ধাৰ ..
লোভনীয় হৈ পৰিব
জীৱনৰ বৰষুণ..
প্রেমত পৰিবা আকৌ
মুকলি আকাশৰ..
দুঃখৰ বৰষুণত
যি তিতা
নাই এবাৰো
সিটো নাযানে
কেনেকৈ সজাই মানুহে
ভগা কাচৰ টুকুৰাত
উমাল সপোন ..

সেমেকা নিশাটোৱে
মনে মনে কয়
ৰৈ আছে
এটা ৰঙীন পুৱা
সময়ৰ কোলাত বহি..
সঁচা জানো !
বাট চাম আজিও
গোটেই নিশা..
অপেক্ষাত যে
আনন্দ থাকে
অপেক্ষাত যে
লুকাই থাকে
এমুঠি জীৱন ..

লৈ যোৱা কাঢ়ি
সুখৰ সপোন ,
আপত্তিটো কৰা
নাই কাহানিও..
দুঃখবোৰ হ'লে নিবিলাও
ইমান সহজে ..

2 comments:

  1. "অপেক্ষাত যে
    লুকাই থাকে
    এমুঠি জীৱন ..'
    So true .....

    ReplyDelete