Monday 10 August 2015

~~~ভাল পাবা জানো মোক~~~

ভাল পাবা জানো 
মোক জোনাকী !!
আন্ধাৰে ক'লা কৰা 
মোৰ দুখন হাত
ঘামত তিতা
এটা ফটা চোলা ..
কি আছেনো ইয়াত!!
অপূৰ্ণ আকাশ
অভাৱৰ বতাহ...
ভাল পাবা জানো
মোক জোনাকী ..

সোণৰ কাৰেংবোৰ
বৰ শুৱনি..
সুখৰ আঁকৰ
থাকে তাত ..
উপভোগৰ সাধনে
সজাব সপোন ..
এদিন সিহঁতেই
সজাব তোমাক ..
আৰু ইয়াত ?
ইয়াত মাথো ভালপোৱা..
ভালপোৱাৰ অলেখ শ্মশান ..
নোপোৱাৰ ক'ততা শ্লগান ..
শুকান কলিজাৰ গান ..
ভাল পাবা জানো
মোক জোনাকী ..
মৌনতাৰ ভাষা
বুজি পোৱা জানো?
হৃদয়ৰ মৈদামবোৰ
আজি যে এলাগী ..
আৰু ভালপোৱা?
ভালপোৱা মাথোন পদপথৰ
পেলনীয়া জাবৰ!
মুক্ত বজাৰত
নিলাম হয় কলিজা ..
হেজাৰ টকাত জীৱন ..
মইওঁ হেৰাম
এনেকৈয়ে তাত..
তাত...
য'ত সোণতকৈ কম
সপোনৰ দাম ..
ভাল পাবা জানো
মোক জোনাকী ..
আন্ধাৰে ক'লা কৰা
মোৰ দুখন হাত
ঘামত তিতা
এটা ফটা চোলা ..
কি আছেনো ইয়াত!!
ভাল পাবা জানো
মোক জোনাকী?

No comments:

Post a Comment