Saturday 14 February 2015

...অতীত ...

তই ঘূৰি আহিলে 
আকৌ ঘূৰি আহিব
স্মৃতিৰ সেই
সেমেকা সুহুৰি...
ভগাই ল'ম ভাগৰ ,
মৰমৰ এখন বাগিচা
জোনাকেৰে সজাম ..
সুখৰ এবুকু পখিলা
তাতে সিচি যাম ..
লাগিব জানো ?
লাগিব জানো
তোৰ ভাগৰ !!
আকৌ এবাৰ আমি
অঘৰী হ'ম ..
এবাতি আন্ধাৰ
তোৰে স'তে
ভগাই ল'ম ..
কুৱলীৰ এই চাদৰখনত
আকাশৰ তৰাবোৰ
ওলোমাই চাম
ৰিঙা ৰিঙা বাটতোক
আকৌ শুনাই যাম
এটা দুটাকৈ
অলেখ খবৰ ..
আমাৰ খবৰ..
অতীত ...
তোৰ বুকুত
আজিও আছেনে
এৰি অহা দিনবোৰৰ
সঠিক হিচাপ ..
মই আজিকালি
পাহৰো কথাবোৰ
ভাগৰ লাগে জান'..
মন যায়
তোৰ কোলাত
শুই শুই
পাহৰি যাওঁ সকলো ..
হঠাৎ সুখী হৈ পৰো
এনেকৈয়ে ..
লুকাই থাকো তোৰ বুকুত
নোপোৱাৰ হুমুনিয়াহ পাহৰি ...
আহিবি এদিন
তই ঘূৰি আহিলে
আকৌ ঘূৰি আহিব
স্মৃতিৰ সেই
সেমেকা সুহুৰি...
ভগাই ল'ম ভাগৰ ,
মৰমৰ এখন বাগিচা
জোনাকেৰে সজাম ..
সুখৰ এবুকু পখিলা
তাতে সিচি যাম ..
লাগিব জানো ?
লাগিব জানো
আমাৰ ভাগৰ !!

No comments:

Post a Comment