Friday 16 August 2013

আচৰিত নহব

আচৰিত নহব
মই আজিওঁ 
সপোন আঁকি 
ভাল পাওঁ 
অৱশ্যে তাৰ বাবে 
প্রয়োজন নহয়
এজোৰ কলা চচমাৰ..

সপোনবোৰ স্পস্ট 
হব লাগে 
মোৰবোৰ কিন্ত নহয় ...
মাথো কলা মেঘে
ঢুকি নোপোৱা দূৰত্বত
সাচি থওঁ ...সযতনে

বৰষুণত তিতাত
আপত্তি নাই
আপত্তি নাই
দুঃখৰ ধুমুহাত
হেৰাই যোৱাতো ...
সুখবোৰেহে মাথো আজিওঁ
দি যাই আগৰ দৰেই
লুণীয়া এচামোচ পানী..

আচৰিত নহব
মই আজিওঁ
প্রেমত নপৰো ..
সাহস নাই
যিমান লাগে
ঠিক সিমান ...
আজিও নুবুজো কেনেকৈ
জীয়াই থাকে মানুহ
উপহাৰত দি
এখন হৃদয় ..
নাই.. নোৱাৰো মাৰিব
সন্তোষৰ হাঁহি
বুকুত যেতিয়া
মেলা পাতে বেদনাই ..
বহু কিবা কিবি লাগে
বহু কিবা কিবি..

সহজ পৃথিৱীৰ
অসহজ মানুহবোৰে
প্রায়েই সচকিত কৰি যায় ..
আচৰিত নহওঁ
জানো,সহজ নহয়
সৰল হাহি আৰু
পাষাণ হৃদয়ৰ সমীকৰণ ...
বেচি একো নেলাগে
মাথো এখন আকাশ
আৰু এজাক সপোন ...
কাঠৰোকা চৰাইৰ দৰে
আজুৰি লম জীৱনক
জীৱনৰ পৰাই .....

আচৰিত নহব
মই আজিওঁ
সপোন আঁকি
ভাল পাওঁ ...

No comments:

Post a Comment