Sunday 12 May 2013

প্রেমিক আপুনি ...

কোনে কয় প্রাপ্তিত
প্রেম থাকে বুলি...

কাৰোবাৰ প্রাপ্তিত যেতিয়া
উজলি উঠে আপুনি ...
নিজৰ খালী পকেটত 
এতিয়াও যেতিয়া
কঢ়িয়াই ফুৰে
আনৰ সুখৰ ঠিকনা ... 

মনত ৰাখিব
প্রেমিক আপুনি ...

জীয়াই থকাৰ
হেতা ওপৰাত
অভ্যস্ত মানুহ ...
একাকী জীৱন ..
তথাপিও শূণ্যতাত
আজিও লুকাই আছে
জীৱনৰ সংজ্ঞা ...

সকলো হেৰুৱাই যদি
হাঁহিব পাৰে আপুনি ...
চকুৰ পানী মোহাৰি
আগুৱাব পাৰে
যদি আপুনি ...
মনত ৰাখিব
প্রেমিক আপুনি ...

এদিন শূণ্যত
হেৰাই যাব জীৱন ..
হেৰাই যাব পাৰে
সপোন....
আনৰ সপোনবোৰ
জোৰা দি ভাল পাই
যদি আপুনি ...
মৰম চতিয়াই
আপোন পাহৰা
হয় যদি আপুনি ...
মনত ৰাখিব
প্রেমিক আপুনি ...

অকল প্রাপ্তিত
প্ৰেম নাথাকে
নাথাকে হতাশাতো ...
ক্লান্ত আকাশত যদি
এতিয়াও আশা
দেখে আপুনি ...
দু:খবোৰক আজিও যদি
উপলুঙা কৰে আপুনি ...

মনত ৰাখিব
প্রেমিক আপুনি ...

No comments:

Post a Comment