Thursday 23 May 2013

অহ:জীৱন ..

তোৰ মায়াত 
আচন্ন মই ...
আজিও..
অহ:জীৱন .. 

তই যে
উপহাৰত দিছিলি
উৰুঙা আবেলিতো ..
আজিকালি তাৰ সতে
মোৰ অবাধ মিতিৰালি ...

তোক কেলেই
ইমান ভাল পাওঁ
নাজানো ...
নাজানো তোৰ বাটত
কিয় ৰুই থও
হেপাহৰ কৃষ্ণচূড়া ...

তই চতিয়াই দিয়া
কলা আন্ধাৰবোৰো..
মই জোনাকৰ সতে
ভগাই ললো...

এতিয়াও মই
বহি ৰওঁ ..
এমোকোৰা হাঁহিৰে ..

জানো এদিন
আহিবি তই...

দু:খৰ ব্যাকৰণ
আওৰাই মই তেতিয়াও
বহি থাকিম তোৰ
অপেক্ষাত ...
মোৰ চকুত তেতিয়াও
থাকিব জোনাক...
আজিৰ দৰেই...

জানো এদিন
আহিবি তই...

তোৰ মায়াত
আচন্ন মই ...
আজিও..

অহ:জীৱন ..

No comments:

Post a Comment