বৰষুণৰ টোপালবোৰ
নামি আহে আজিও..
দুচকুৰ পানীবোৰক
মোহাৰি যাব পৰাকৈ..
বৰষুণজাকে বুজি নাপায়
হেৰুৱাৰ বেদনা...
বুজি নাপায়..
হৃদয়ৰ ঠিকনা নথকা মানুহৰো
কিয় এখন হৃদয় থাকে ?
বৰষুণজাকে হইতো নাজানে
বুকুত ৰৈ যোৱা ঘা
লুণীয়া পানী হৈ বয় ...
মৰম চেনেহবোৰ
এদিন বুকুত বেদনা হয়...
হেৰাই যায় মানুহ
কিস্তি কিস্তিকৈ
নিজৰ বুকুতে...
ঠিকনাবিহীন হৈ ...
একো বুজি নাপায় ..
বৰষুণজাকে একো
বুজি নাপায়...
তথাপি মোহাৰি যায়
বুকুৰ বেদনা ...
কাণে কাণে
কৈ যায় ...
জীৱন আজিও আপোন..
নি:স্বাৰ্থ বন্ধুৰ দৰে...
দি যায়
এটা শান্ত পুৱাৰ প্ৰ্তিশ্ৰুতি..
বৰষুণৰ টোপালবোৰ
নামি আহে আজিও..
দুচকুৰ পানীবোৰক
মোহাৰি যাব পৰাকৈ..
No comments:
Post a Comment