Tuesday 21 May 2013

সন্ধাটোৱে প্ৰায়েই
ওফোন্দ পাতে ...
তাৰ লগত 
কথা নপতাৰ বাবে ...

কথা পতাত 
আপত্তি নাই ..
তথাপি ...
পলাই ফুৰো 
কেলেই কব নোৱাৰো.. 
চকু মুদি
ভাবি লও ..
মোক সি
দেখা নাই ...

তাৰ প্ৰশ্নবোৰৰ
উত্তৰ নাই ..
অপ্ৰস্তুত মই ..
অসহায়..
নিৰৱতাৰ বাহিৰে
উপহাৰ দিব পৰাকৈ
একো নাই ..
উপহাৰত জানো
সোমাই থাকে মৰম..

ডাৱৰৰ লুকা ভাকুবোৰ
চাই যেতিয়া
আপোন পাহৰা হওঁ..
সি টোপনি যায়..
নিশাৰ চাদৰখন চতিয়াই
বহি ৰওঁ মই..

এতিয়াও আন্ধাৰ
আতৰিবলৈ অলেখ প্ৰহৰ ...

No comments:

Post a Comment