Sunday 12 May 2013

এজাক সৰ্ব্বহাৰা বৰষুণে
সিক্ত কৰে গধূলিটো ..

বৰষুণজাক আজি
অবাধ্য,অস্থিৰ..
ঠিকনা হেৰুওৱা 
মানুহৰ দৰে ..
সংহতিহীন...

তথাপি হৃদয়ৰ তাগিদাত
সজীৱ কৰে
শুকান পৃথিৱীৰ
ধূলিৰ টুকুৰা ..
নি:স্বাৰ্থ প্ৰেমিকৰ দৰেই
নি:স্বাৰ্থভাৱে ...

ভেদাভেদ নাজানে
টোপালবোৰে ...
আপোনাৰ,মোৰ
চকুৰ পতাত
মৰম আঁকি যায় ..
একো ঘুৰাই নোলোৱাৰ
প্ৰতিশ্ৰুতিৰে ...

প্ৰেমিক নেকী বাৰু
সচাকৈ বৰষুণজাক?
আবেগৰ ধুমুহাত
বৈ আহে..
হৃদয় ভগাৰ
অজুহা লৈ..

আঁকি থৈ
মাটিৰ বুকুত
প্ৰথম প্ৰেমৰ
প্ৰথমটো কবিতা..

আকৌ নামিছে ...
এজাক সৰ্ব্বহাৰা বৰষুণ
এজাক আবেগৰ বৰষুণ

No comments:

Post a Comment