Tuesday 24 September 2013

বলা.. জোনাক বোটলো

বলা..
জোনাক বোটলো 
বলা আকৌ..
কি ভাবি থাকা 
কিয় বহি থাকা ?
বাহিৰত এতিয়া 
ইমান পোহৰ ..
ইমানবোৰ শুকুলা সপোনে 
মেলা পাতিছে 
মনে মনে..

দুহাত মেলি
চোৱাচোন ...
ভিৰ কৰিছেনে
মৰম পখিলাই..
উলাহত উৰিছেনে
মন জোনাকী...

কি?
ভয় লাগে,
কিয় লাগে ?
মইতো কোৱা নাই
সপোন ভগাৰ কথা
শুনোৱা নাই
নিৰুপাই হৃদয়ত
কিয় লাহে লাহে
মেটেকা গজে,
তাৰ ইতিহাস..

মই নুবুজো
অবুজ মই ..
তোমাৰ দৰে
মই আজি
নাথাকো বহি
দুখৰ ইতিহাস সাৱতি
অন্ধকাৰ গলি এটাত
গালিবৰ শ্যায়েৰী
আওঁৰাই আওঁৰাই...

ইমান জোনাক ..
চোৱা বাহিৰলৈ
ইমান জোনাক
বলা আজি
তিতি চাম এবাৰ
পোহৰৰ বৰষুণত ..
বলা জোনাক বোটলো
দুহাত ভৰাই ..
বলা আকৌ..
কিয় বহি থাকা ?
বাহিৰত এতিয়া
ইমানবোৰ পোহৰ
ইমানবোৰ মৰম...

No comments:

Post a Comment