Tuesday, 24 September 2013

স্মৃতি ..

ধুনীয়া পোছাক পিন্ধি
ৰৈ থাকে স্মৃতি ..
মোৰ পদুলিত
মোলৈ চাই চাই
তাইৰ মুখত 
আজিও উজলি থাকে 
সেই চিনাকী হাঁহিতো ..

সলনি নহল 
আৰু তাই... 
আগৰ দৰেই
বুটলি ফুৰে
দলিয়াই দিয়া
আবেগৰ টুকুৰাবোৰ ..
আগৰ দৰেই লুকাই
মোক দেখিলেই
দুৱাৰৰ আৰত ...

অসাৱধান ,অস্থিৰ মই
জানে তাই ..
আমনি নেলাগে তাইৰ
মোৰ সতে কথাপাতি ..
প্রায়েই বহি থাকে
অতীত খুচৰি খুচৰি
মোৰ কাষতে ..

কথাবোৰ সলনি
হল আজিকালি
খেদাই নপঠাও তাইক
নেদেখাৰ ভাও জুৰি..
ওহো নোৱাৰি আৰু
নোৱাৰো দেখোন
কিমান সলাম
নিজৰেই ঠিকনা ..

আচলতে ইমান
বেয়াও নহয় কথাবোৰ ..
অকলশৰে নাথাকো আজিকালি
সন্ধ্যা যেতিয়া নামে
অপেক্ষা কৰো
আকুলতাৰে...
যিটো বাটেৰে
জোনাক নামে
ঠিক তাৰ কাষতে
বাট চাওঁ
আহিব তাই ..
আগৰ দৰেই
ধুনীয়া সপোন এটা
আওঁৰাই আওঁৰাই...

No comments:

Post a Comment