Tuesday 24 September 2013

আকাশ

জোনাকে আৱৰি 
আছিল তেতিয়া.. 
জ্বলিছিল অযুত তৰাৰ
জিলমিল চাকি 
বহল আকাশখনে 
দুহাত মেলি 
মাতিছিল কাষলৈ 
বননিডৰাই টোপনিয়াইছিল..
মোৰ কাষতে বহি 
চহৰখন তেতিয়া শান্ত 
বহুদিন হল
আকাশখনো বহুত
বহল হল
আগতকৈ ...

সচাকৈ বহুদিন হল
কথা পতাৰ ..
নিস্তব্ধতাইতো নাজানে
প্রত্যেক প্রহৰ
সি হেৰুৱাই
অলেখ আপোন ক্ষণ..
আচলতে তাৰ
দোষ নাই
শান্তি বিচাৰি
সি নিজকে
বিক্রী কৰে
ক্রীতদাসৰ দৰে
সময়ৰ হাতত ...

বাদ দিয়ক তাৰ কথা
মইও বাদ দিছো ..
পুৰণি ডায়েৰীৰ
হালধীয়া পাত হল
এতিয়া সেইবোৰ কথা ..
কথা আছিল
জোনাকী পৰুৱা ধৰাৰ
কথা আছিল
নতুন সপোন দেখাৰ
বহুত কথা আছিল
বহুত কথা..

ভাবিছো বননিডৰাৰ কাষতে
শুই পৰিম আজি
সপোন দেখিম
অযুত তৰাৰ ...
গোটেই নিশা
কথা পাতিম
আকাশখনৰ সতে
বহুত কথা...
মনৰ কথা...
বহু যুগৰ পাছত
শান্তিৰে টোপনি যাম
মোহাৰি পেলাম
নিৰাশাই আৱৰা
স্মৃতিৰ প্রতিডাল ৰেখা ...

শুনিছো ...
আকাশখনো হেনো বহুত
বহল হল
আগতকৈ ...
সঁচা জানো?
আজি জুখি চাম
মনে মনে ...

No comments:

Post a Comment