Monday 25 November 2013

তুমি জীৱন জীৱন বুলি কান্দা

তুমি জীৱন জীৱন
বুলি কান্দা
মই মৃত্যুৰ সতে 
তিনিআলিত আদ্দা মাৰো ..
তোমাৰ বাবে 
জীৱনে কঢ়িয়াই 
বোকোচা ভৰাই আশা 
আৰু মই ?
মই মৃত্যুক কওঁ 
দেৰীকে আহিবি 
এবাৰ চাই
লওঁ জীৱনক ...

বহু হিচাপ আছে
বহু পাবলৈ আছে
জীৱনে মোক
দিবলৈ আছে
দুহাত ওঁপচাই ...
বহু আগতেই
সি ধাৰ
কৰি নিছে
মোৰ আশা,আকাংক্ষা আৰু
এমুঠি মৰম ...

বেয়া নাপাবা
তোমাৰ প্রাচূৰ্য্যই
মোক আমনি নকৰে
আমনি নকৰে
তোমাৰ হাঁহিবোৰেও
তোমাক দেখিয়েতো
জীৱনৰ প্রেমত পৰো
বাৰে বাৰে..
নিশাবোৰ হৈ পৰে
সপোনৰ আখৰাঘৰ
তোমাক দেখিয়েতো
এদিন মাতিছিলো জীৱনক
ইমান কাষলৈ
সখা পাতিছিলো
তাৰ সতে ...
হইতো এদিন
সৰ্ব্বস্রান্তও হৈছিলো
তোমাক দেখিয়েই...

তথাপি আক্ষেপ নাই
ৰৈ আছো অকলে
যিদিনা ঘূৰাই পাম
জীৱনৰ পৰা
এমুঠি মৰম
সূতৰ সতে ...
যিদিনা ঘূৰাই পাম
হেৰোৱা সপোনবোৰ
মনে অঁতাকে ..
গুচি যাম
মৃত্যুৰ দুহাত সাৱতি
প্রাপ্তিৰ এটা
মিঠা হাঁহি আঁকি লৈ ...

তুমি জীৱন জীৱন
বুলি কান্দা
মই মৃত্যুৰ সতে
তিনিআলিত আদ্দা মাৰো ..

No comments:

Post a Comment