Monday 18 November 2013

অকলশৰীয়া

এটা সঁচা কথা কওঁ.. 
বৰ অকলশৰীয়া 
এই পৃথিবীৰ 
অলেখ মানুহ 
বুকুত দুখৰ 
উকমুকনি আৰু 
মুখত হাঁহিৰ প্রলাপ 
জ্বলি ৰোৱা
চাকিবোৰৰ দৰে
লুকুৱাই থয় বেজাৰবোৰ 
পোহৰৰ আলমতে
নিজৰ মাজতেই ,
নিজৰ মনতেই ...

সপোনবোৰ যেতিয়া
ওলমি ৰয়
মৃত বাদুলী হৈ
জীৱনৰ পৰিবাহী তাৰত,
আশাবোৰ যেতিয়া
হৈ পৰে
অচিন অতিথি
তেতিয়াওঁ সাৱতি থাকে
জীৱনৰ হাত
অলেখ মানুহে ...
মানুহ সম্ভাৱনা সাৱতি
জীয়াই থাকে ,
সম্ভাৱনাবোৰ হৈ
পৰে জীৱন...
জীৱন যে
মায়াৰ হৰিণ..
জীৱন যে
নেদেখা নদী..
জীৱন যে
সকলো সপোনৰ
শেষ সমাধি ..

এটা সঁচা কথা কওঁ
বৰ অকলশৰীয়া
এই পৃথিবীৰ
অলেখ মানুহ..
বৰ আচৰিত
এই মানুহবোৰ..
সপোন সাৱতি
সিহঁতে মাথো
গাই যায়
জীৱনৰ গান...

No comments:

Post a Comment