Monday, 25 November 2013

জোনাক কঢ়িয়াই আকাশখনে

প্রতিটো নিশা 
এমুঠি জোনাক 
কঢ়িয়াই আকাশখনে
মোৰ বাবেই.. 
দুচকুত চতিয়াই যায়
এমুঠি আশা ... 
আপুনিটো নাজানে 
কিমানবাৰ প্রেমত পৰিছো 
এই একেখন আকাশৰ 
কিমান ৰাতি 
শুই পৰিছো
এই বননিডৰা সাৱতি ...

মোৰ বাবেই আকাশখনে
তৰাৰে বুটা বাচে
ইমান মৰমেৰে..
মোৰ অভিমানতে
মুখ ওফোন্দাই
ওলমি ৰই নিয়ৰবোৰ
বনৰ পাততে
ওৰেটো নিশা ...
মোৰ অভিমানতে
চেঁচা বতাহজাকে
বাৰে বাৰে
খুন্দিয়াই সৌ
পাহাৰৰ বুকুত
অলেখ অভিযোগ লৈ...
আকাশখনে তথাপি
মোকেই ভাল পাই
মই জানো ...

আজিওঁ আকাশখনে
আৱৰি আছে মোক
অযুত তৰাৰে ,
কোমল কুৱলীৰ
এখন শুভ্র চাদৰেৰে ...
মোৰ বাবে আকাশখন
আজিতো অকল
আকাশ নহয়
আকাশখন মোৰ
আইৰ চেনেহৰ আঁচল ...
মোৰ বাবে
তৰাবোৰতো আজি অকল
তৰাই নহয়
সিহঁত একোটা
জীয়া সপোন ...

মই উশাহ লওঁ,
জীয়াই থাকো ,
সপোন দেখো
এই একেখন
আকাশ বিচাৰি
একেই এমুঠি
তৰাকে সাৱতি...
আপুনিটো নাজানে
কিমানবাৰ প্রেমত পৰিছো
এই একেখন আকাশৰ

আপুনিটো নাজানে ...

No comments:

Post a Comment