Friday, 13 November 2015

..সময় ..

দিগভ্রান্ত বতাহ 
উজাগৰী আকাশ
কাৰ চকুত জ্বলে 
ইমান জোনাক..
সুধি চাওঁ..
আজি কিয়
নিমাত সময় ..
নিমাত চোতালৰ শেৱালীজোপাও
ফুল সিঁচে
নিয়ৰৰ দলিচা পাৰে
এজাক তৰা
আকাশত এনেকৈ জিলিকে
কিন্তু কিয় ?
কাৰ বাবে ?
নিমাত সময় ..
সময় মাথো
পাৰ হয়
বিনিময় নিবিচাৰে একোৰে
ঠিক যেন ভালপোৱা
সুধি চাওঁ ..
কাৰ বাবে
এই ভালপোৱা ?
নিমাত সময় ..

No comments:

Post a Comment